মিচিং সমাজত অন্য সম্প্ৰদায়ৰ লগত মাটি বিক্ৰী বন্ধ হ'বনে ? (1) দেবানন্দ পেগু, জ'নাই
- Get link
- X
- Other Apps
মিচিং সকল অসমৰ ভুমি পুত্ৰ, সচাঁকৈও ভুমি পুত্ৰ হোৱাৰ সকলো বৈশিষ্টই বিদ্যামান।। আমাৰ ককা-দেউতাহঁত বৰ বুদ্ধিয়ক আৰু দূৰদৰ্শী আছিল বুলিয়েই ক'ব লাগিব।সেইয়েহে দহ বাৰটা প্ৰজন্মই ভাগ-বিতৰণ কৰাৰ পিছতো প্ৰতিজনৰ লগত দহ বাৰ বিঘাকৈ ভাগত মাটি পাই আছে। অসমৰ অন্যান্য ভুমিপুত্ৰ সকলতকৈও সম্ভৱতঃ মিচিং মানুহৰ দখলত অধিক ভুমি আছিল।যি দিনাখন আমাৰ পূৰ্ব-পুৰুষসকলে পাহৰৰ পৰা নামি আহি ভৈয়ামত স্থায়িভাৱে বসবাস কৰিবলৈ লৈছিল সেই সময়ত খেতিৰ বাবে উৰ্বৰা মাটি বিচাৰি নৈ কাষৰীয়া অঞ্চলসমুহ বাচি লৈছিল। এইয়াই খুউব সম্ভৱ মাটি দখলৰ উত্তম পথ আছিল। সেই উদ্দেশ্য আগত ৰাখিছিল নে নাই নাজানো যদিও এই অঞ্চলসমুহত হাবি কাটি মাটি দখল কৰাৰ বৃহৎ পৰিমানৰ সুবিধা আছিল। সেই সুবিধা গ্ৰহণ কৰিয়ে সাম্প্ৰতিক সময়লৈকে মাটিৰ কোনো অভাৱ অনুভৱ নকৰাকৈ আমি ভোগ কৰি আহিছোঁ। কিন্তু বৰ্তমানৰ পৰিস্থিতিত চাৰিও ফালৰ পৰা মিচিং মানুহৰ ভুমি সঙ্কুচিত হৈ আহিব ধৰিছে। আমাৰ সমাজৰ পৰা ভুমি সঙ্কুচিত হৈ অহাৰ দুটা প্ৰধান কাৰণ আছে, এটা হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু আনটো হৈ অন্য সম্প্ৰদায়লৈ বিক্ৰী। গ'ৰা খহনীয়া বা বানপানীৰ ফলত আমাৰ যিখিনি মাটি নাইকীয়া হৈ আহিছে এইয়া ৰোধ কৰাৰ উপায় অতি ক'ম পৰিমানৰহে মানুহৰ হাতত থাকে কিন্তু অন্যজাতৰ লগত মাটি বিক্ৰী ব্যৱস্থাটো সম্পুৰ্নভাৱে ৰোধ কৰাৰ ক্ষমতা আমাৰ হাতত আছে। অন্য জাতলৈ কেনেকৈ আমাৰ সমাজৰ মাটি বিক্ৰী হৈ আহিছে দুটা মান কাৰণ আঙুলিয়াই দিব বিচাৰিছোঁ। (১)কিছুমান অঞ্চলত, যিবোৰ অঞ্চলত সন্দেহ যুক্ত বাংলাদেশীমূলৰ মানুহে মিচিঙৰ মাটি কিনিছে সেই অঞ্চলত সন্দেহযুক্ত বাংলাদেশী সকলে প্ৰথমে মাটি ভাৰাত লৈ শাক-পাচলিৰ খেতি কৰিবলৈ আৰম্ভ কৰে। ভাৰাত ললেও কিন্তু মাটিৰ মালিকক সম্পুৰ্ণ শাক-পাচলি বিনামুলীয়াকৈ খাবলৈ দিয়ে। বিনামূল্যত শাক-পাচলি খাবলৈ পায় এই মানুহসকলৰ লগত বন্ধুত্ব গঢ়ি তুলে। সেই সুযোগতে মাটি মালিকৰ লগত বন্ধুত্ব ঘনিষ্ট কৰিবলৈ প্ৰয়াস কৰে। এক দুই বছৰৰ পাছত ভাল বন্ধুত্ব গঢ় লৈ উঠে। লাহে লাহে বন্ধুঘৰে থাকিব পৰাকৈ খেতি মাটিৰ কাষতে এক দুই কটামান মাটি বিক্ৰী কৰে বন্ধুজনৰ লগত। বন্ধুজনে নিজে থাকিবলৈ পোৱাৰ পিছত আন এঘৰ নিজৰ সম্বন্ধীয় বুলি আনে।এঘৰৰ পিছত দুঘৰ, দুঘৰৰ পিছত তিনিঘৰ, এনেকৈ লাহে লাহে ঘৰৰ সংখ্যা বাঢ়ি গৈ থাকে। মাটি পোৱাৰ স্বাৰ্থত আানতকৈ অধিক টকা দি মাটি কিনে। সেই লোভৰ পৰা নিজক এৰাই চলিব নোৱাৰি মিচিং মানুহে নিজৰ জ্ঞাতিৰ লগত মাটি বিক্ৰী নকৰে। (২) কিছুমান অঞ্চলত যিসকলৰ অধিক পৰিমানৰ খেতিৰ মাটি আছে, সেই সকল নিজে খেতি নকৰি ভাৰা বা ভাগিত কৰিবলৈ দিয়ে সেই জমিধাৰী মানুহবোৰে তেওঁলোকৰ মাটি সমুহ খেতি কৰিবৰ বাবে সন্দেহযুক্ত বাংলাদেশী মিয়াঁ মুচলীম সকলক আমদানি কৰি আনে। মিয়াঁসকল ইমানেই বিশ্বাসভাজন হৈ পৰে যে উল্টাকৈ মাটিৰ মালিকেহে মিয়াঁৰ ভক্ত হৈ পৰে। মাটিটো স্থায়ীভাৱে খেতি কৰিবলৈ পোৱাৰ স্বাৰ্থত মালিকৰ লগত পৰম বিশ্বাস-ভাজন স্থায়ী কৰিবলৈ মাটি মালিকক নানা ধৰণৰ উপহাৰ দিয়ে। মালিকৰ লগত ঘনিষ্ট হোৱাৰ পাছত ভেটি মাটিৰ বাবে হাতযোৰ কৰি প্ৰাৰ্থনা কৰে। মাটিৰ মালিকে সন্তুষ্ট হৈ প্ৰথমে ভেটি মাটি, পিছত খেতি মাটিও বিক্ৰী কৰে। সেই স্থানত লাহে লাহে এখন গাওঁ পাতি থাকিব পৰা হয়। পিছত গৈ মিয়াঁক জী জোৱাই, ভনী জোঁৱাই হিচাপে উৎপাদন কৰে। (৩) যিসকল অঞ্চল ট্ৰাইবেল বেল্টেন ব্লক, জনাজাতিৰ বাহিৰে অন্য সম্প্ৰদায়ৰ মানুহে মাটি কিনা-বেচা কৰাৰ অধিকাৰ নাথাকে এই অঞ্চলত আমাৰ মিচিং মানুহে সম্পৰ্ক স্থাপনৰ জৰিয়তে মাটি কিনা বেচা কৰে। বৰ সাংঘাতিক ধৰণৰ কুটনৈতিক পদ্ধতিৰে মাটি অন্যজাতলৈ মাটি বিক্ৰী কৰে। কোনোবা মিচিং মানুহৰ নামত আন কোনোবা মিচিং মানুহৰ মাটি অজনজাতি মানুহৰ বাবে কিনে। মিচিং মানুহৰ নামত মাটি কিনি অন্য জাতিৰ মানুহে থাকে। পিছলৈ নিজৰ কোনোবা সম্পৰ্কীয় ছোৱালী বিয়া দি তাইৰ নামত মাটি নাম জাৰি কৰি চিৰ দিনৰ বাবে মিচিঙৰ মাটি কূটনৈতিকভাৱে অন্যসম্প্ৰদায়লৈ হস্থান্তৰিত হয়। এই পদ্ধতি মাটি বিক্ৰী ব্যৱস্থাত উচ্চ প্ৰৰ্যায়ৰ বুদ্ধিসম্পন্ন মধ্যস্তকাৰী জড়িত হয় থাকে, এইয়ে ইয়াক সহজে নিয়ন্ত্ৰন কৰা টান। শুনামতে ইয়াত কমিচনৰ ব্যৱস্থা থাকে। (৪) কিছুমান আমাৰ মানুহ আছে অধিক দাম পোৱাৰ স্বাৰ্থত অন্যসম্প্ৰদায়ৰ লগত মাটি বিক্ৰী কৰে। অন্য সম্প্ৰদায়ৰ লগত মাটি বিক্ৰীৰ কৰা কিছুমান মধ্যস্তকাৰী থাকে। এই মানুহবিলাক কমিচন পোৱাৰ স্বাৰ্থত অন্যসম্প্ৰদায়ৰ লগত বন্দবস্থ কৰি দি মিচিং মানুহৰ মাটি কিনাৰ সুবিধাকণ কৰি দিয়ে। মিচিং সমাজৰ ভুমি এনেকৈয়ে অন্য সম্প্ৰদায়লৈ হস্থান্তৰিত হৈ আছে। এইয়া দুটামান উদাৰণ। সাম্প্ৰতিক সময়ত আমাৰ মিচিং মানুহৰ মাটি সঙ্কুচিত হৈ কিছুমানৰ ঘৰ ভেটিও নাইকীয়া হ'ব গৈ আছে। দল সংগঠন নিৰ্বিশেষে আমি সকলোৱে মিলি অন্যসম্প্ৰদায়লৈ মাটি বিক্ৰীৰ ওপৰত সজাগতা আনিব লাগিব। আমাৰ মিচিং সমাজৰ ভিতৰতে বাঃনে কেবাঙৰ অধিনত নিজস্বভাৱে আইন বনাব লাগিব যাতে অন্য সম্প্ৰদায়লৈ বিক্ৰী কৰা মাটিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব পৰা ক্ষমতা থাকে। গাৱেঁ গাৱেঁ গৈ মানুহৰ চিন্তাধাৰা সলনি কৰাৰ উদ্দেশ্যে সজাগতা সভা পাতি মানুহৰ মানসিকতা পৰিবৰ্তন কৰাব লাগিব। প্ৰয়োজন সাপেক্ষে কঠোৰৰ পৰা কঠোৰতম নীতি-নিয়ম প্ৰৱৰ্তন কৰি হ'লেও অন্যসম্প্ৰদায়লৈ মাটি বিক্ৰী বন্ধ কৰিবই লাগিব। নহ'লে মিচিং সকল ভগনীয়া হ'বলৈ বেছি দিন নাই।
|
- Get link
- X
- Other Apps
Comments
Post a Comment