শতক
অনি বাইদেউ প্ৰায় এবছৰেই হ'ল, প্ৰথম পিৰিয়দ আৰু শেষৰ পিৰিয়দত বিদ্যালয়ত নাথাকে। কবলৈ গ'লে বিদ্যালয়ৰ প্ৰাতঃ সভাত উপস্থিত থকাৰ সৌভাগ্যই হোৱা নাই।বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতিয়ে লক্ষ্য কৰি আছে কিন্তু নিজৰ ভুল নিজে সংশোধন কৰিব নেকি বুলি অপেক্ষা কৰি আছে।ছাত্ৰ-ছাত্ৰীসকলেও ঘৰত কয়,অনি বাইদেউৰ স্কুললৈ পলমকৈ আহি শেষৰ পিৰিয়দত নথকাৰ কথা। গাৱঁৰ মানুহবোৰ বৰ উদাৰ। শিক্ষক শিক্ষয়িত্ৰী সকলক ইশ্বৰ যেন জ্ঞান কৰে, সেইয়েহে গোৱাল গালিৰ বাহিৰে আন একো কবলৈ সাহক নকৰে।এদিন স্কুলৰ গেটৰ সন্মুখত অনি বাইদেউ লগ পাই পৰিচালনা কমিটিৰ সভাপতিয়ে কলে, বাইদেউ আপোনাক এবছৰ ধৰি লক্ষ্য কৰি আছোঁ, আপুনি বিদ্যালয়লৈ পলমকৈ অহা, আপুনি প্ৰথম পিৰিয়দ পাঠদান কৰাৰ পৰা বিৰত আছে আৰু শেষৰ পিৰিয়দটো পাঠদান নকৰি আপুনি আগতীয়াকৈ গুচি যায়।আপোনাৰ বিভাগীয় কতৃপক্ষৰ পৰা অনুমতি লৈ থোৱা আছে নেকি ?" অনি বাইদেউৰ আকৌ মুখত হাঁহিটো লাগিয়ে থাকে।এই হাঁহিৰে বাইদেউৰ বিশ্ব জয় কৰিব পৰা শক্তি আছে।কোনোবাই বেয়াকৈ কলেও হাঁহিৰেই উত্তৰ দিয়ে। সেইদিনাও তাৰ ব্যক্তিক্ৰম হোৱা নাই। হাঁহি হাঁহিয়ে সভাপতিজনৰ উত্তৰত কলে,
নকবা আৰু,মানুহজনৰ যোৱা বছৰেই চাকৰী বদলি হ'ল।তেখেত নথকা দিনৰে পৰা ল'ৰা ছোৱালী হাল মই ৰাতি পুৱা ভাত পানী দি স্কুটিত উঠাই স্কুলত থৈ অাহিব লগা হৈছে। ইহঁত হালক স্কুলত থৈ আহোঁ মানে মোৰ প্ৰায়ে পলম হৈ যায় আৰু স্কুল চুটিৰ পিছতো মই আগবঢ়াই আনিব লাগে।মই নিবলৈ আহোঁতে দেৰি হ'লে ইহঁত দুটাই অকলশৰীয়া হয়।এইকাৰণে ল'ৰা ছোৱালী হালৰ স্কুলখন চুটিৰ আগতেই মোৰ নিজৰখন এৰিব লগা হয়। সভাপতিজনে মাত্ৰ অলপ সোনকালে আহিব বুলিয়ে কবলৈ পালেহে, অনি বাইদেউৰ সময়ৰ বৰ নাটনি;খোজ কাঢ়ি কাঢ়িয়েই সভাপতিৰ কথাৰ উত্তৰ দি খৰ-খেদাকৈ বিদ্যালয়ত সোমাই গ'ল।অনি বাইদেউৰ আচল নাম অনিতা ভাগৱতী।কিন্তু সকলোৱে অনি বাইদেউ বুলিহে মাতে।
এইখন বিদ্যালয়ৰে সহশিক্ষক বিৰেণ মোহনৰ বছৰৰ আৰম্ভনিতে চহৰত নতুনকৈ এখন ঘৰ আৰম্ভ কৰিছে।তেখেতৰো প্ৰায়ভাগে বিদ্যালয় চলি থকা সময়ৰ মাজতে বিদ্যালয় এৰিব লগা হয়। বিদ্যায়ত সম্পুৰ্নকৈ পাঠদান কৰাটো নিশ্চয়তা নাথাকে। ঘৰ সাজি থকা মিস্ত্ৰিজনে কিবা এটা নাই বুলি ফোন কৰিলেই দৌৰ মাৰে আৰু বিদ্যালয়ত থকা সময়তো মনটো থাকে এই নতুনকৈ আৰম্ভ কৰা ঘৰটোত। বেচেৰা মোহন চাৰৰ হেনো বদলিৰ হিচাপেই নাই।পাঁচ বছৰীয়া চাকৰীকালত চাৰিবাৰকৈ বদলি হৈছে। ইফালে চাকৰীয়ালৰ ঘৈনীয়েক হিচাবে চহৰত থকাৰ সপোন পূৰাব লগীয়া হৈছে মোহন চাৰৰ। বিৰেণ মোহন চাৰহঁতৰ গাৱঁত এটা নিয়ম আছে, কোনোবাই চাকৰী পালে বা ধনবন্তৰ গৰাকী হ'লে চহৰত থাকিবই লাগে। নহ'লে ঘৈনীয়েকবোৰৰ মনবোৰ শান্তি নাপায়।মোহন চাৰৰ ঘৰখন বৰ ভিতৰুৱা অঞ্চলত, চাকৰীয়াল মানুহ ভিতৰুৱা অঞ্চলৰ গাৱঁত থাকিলে কোনে সন্মান কৰিব ? ল'ৰা ছোৱালীক চহৰত নপঢ়ালে কোনোবাই চাকৰীয়ালৰ সন্তান বুলি কবনেকি ? এইবোৰ কথা ভাৱি থাকোতে ছাত্ৰ-ছাত্ৰীক সময়েই দিব পৰা নাযায়।
আকৌ দিলীপ চাৰৰ কথাই বেলেগ, দিলীপ পেগু। যৌৱন উতলা সময়। সদায়েই যৌৱন উতলি থাকে।এটা কাণত মবাইলটো লাগিয়েই থাকে। মুখত মিচিক-মাচাক হাঁহি। কিনো কথা পাতে ধৰিবও নোৱাৰে, ভোমোৰাৰ দৰেই ভুন ভুনাই।কেতিয়াবা মাজে মাজে হাঁহিৰ মাজতে খং উঠে।সেই সময়ত ছাত্ৰ-ছাত্ৰীয়ে অনুশাসনৰ নামত শাস্তি পায়।কোনোবাই আঁঠু-কাঢ়া কাণ ধৰা,বেটৰ কোব খোৱা আদি আখৰাবোৰ চলিয়ে থাকে।এইয়েহে দিলীপ চাৰলৈ শিশুসকলে বৰ ভয় কৰে।দিলীপ চাৰৰ পিন্ধা কাপোৰ কানিবোৰ বৰ ধুনীয়া ,ডেকা ল'ৰাৰ কথাই বেলেগ।বাইক খনো চিক-চিকিয়া। কোনোবা ছাত্ৰই চাৰৰ বাইকত হাত দিলে শুনিবা আৰু বিকট চিঞৰ।
এনেকৈয়ে বগৰি গুৰি প্ৰাথমিক বিদ্যালয় খন চলি আছে। বিদ্যালয় পৰিচালনাৰ সদস্য/সদস্যা সকলক চৰকাৰে ৰাষ্ট্ৰপতিৰ ক্ষমতা প্ৰদান কৰিছে কিন্তু বিদ্যালয়খন ৰাখি থাকিলে পেটৰ ভোক গুচিব জানো ? পুৱা আঠ বজাতে গাৱঁৰ মানুহবোৰ ওলাই যায় কামৰ সন্ধানত।অৱশ্যে সভাপতিজনৰ তেনে সমস্যা নাই কিন্তু প্ৰধান শিক্ষয়িত্ৰীৰ লগত ভাল সম্পৰ্ক আছে। অধিক নহলেও মাজে সময়ে বাইকত নিজৰ পকেটৰ ধন খৰচ নকৰাকৈয়ে তেলৰ টেংকি ভৰ্তি হয়,আৰু চাৰি আলিত দিলীপ চাৰৰ লগত বহি পাণ দোকানত সন্মখত একে লগে আড্ডাত বহে । দিলীপ চাৰ ডেকা মানুহ, সভাপতিক প্ৰী-কৈ এখন পাণ খোৱাবলৈ কিনো আপত্তি থাকিব।এইয়েহে সভাপতিজনৰ মুখ বন্ধ কৰি থোৱাৰ দৰেই হয়।
ইফালে ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞান ভালুকৰ দৰেই ওলোটা খোজ।দুবছৰেই হ'ল বিদ্যালয়খনৰ পৰা কোনো এজন ছাত্ৰ-ছাত্ৰী বৃত্তি পোৱা নাই।চি আৰ চি জনে মাজে মাজে টান কথা কেইশাৰীমান ৰাইজে শুনাকৈ শিক্ষক -শিক্ষয়িত্ৰী কেইজনক শুনাই যায় কিন্তু কেঁকোৰা বাটত প্ৰধান শিক্ষয়িত্ৰী বাইদেউক লগ পালে ভালকৈয়ে চেপে।
এদিন জিৰণি দি চাহৰ মেল তিনিও জনৰ মাজতে চলিল। প্ৰথমে দিলীপ চাৰৰ ভাষণৰ ফাল পৰিল। দিলীপ চাৰে কলে,
মোৰ কাণৰ পৰ্দা ফাটি যোৱাকৈ কথা পতা ছোৱালীজনীক আন এজন ধনী ঘৰৰ ল'ৰাৰলৈ মাক- বাপেকে কথা পাতিছে বুলি খৱৰ পাইছো।ল'ৰাটো ৰেজিষ্টাৰী ঠিকাদাৰ, লাখ লাখ টকাৰ বেংক বেলেঞ্চৰ গৰাকী। এইকেইদিন ছোৱালী জনীয়েইও মোৰ লগত ভালকৈ কথাই নাপাতে, হয়তো মোৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিছে। ল'ৰাটোৰ লগত তাই ভালকৈয়ে গলি গৈছে যেনহে পাইছোঁ।ছোৱালীবোৰ এনেকুৱাই,ধনী ঘৰৰ ল'ৰা পালে প্ৰেমৰ মুল্য বুজি নাপায়গৈ। তাই মোলৈ নহাটো মোৰ কোনো আপত্তি নাই কিন্তু বহুতে আমাৰ সম্পৰ্ক কথাবোৰ জানে, আনকি আমাৰ ঘৰৰ সকলোকে মই কয় থোৱা আছিল।এতিয়া মোৰ মান-সন্মান শেষ।চাহ-বিস্কুটৰ স্বাদ লৈ ইয়াৰ পাছতে অনি বাইদেউৰ ভাষণৰ ফাল পৰিল।ভাষণত বাইদেউৱে ক'লে, মোৰ ডাঙৰ ল'ৰাটোৰ পেটৰ বিষ, ক'ত বাৰ ডাক্টৰক দেখুৱালোঁ আৰোগ্য নাই হোৱা।স্কুললৈ প্ৰায়ভাগ আহিবই পৰা নাই। স্কুল খতি হোৱাৰ বাবে স্কুল প্ৰধানৰ পৰা কিমানযে কথা শুনিব লগা হৈছে।।ল'ৰাটো চিটি স্কেনো কৰা হ'ল, একো বেমাৰেই ধৰা পৰা নাই কিন্তু কিয় জানোঁ পেটৰ বিষটো ভাল পোৱা নাই।কোনোবাই যাদু-মন্ত্ৰ কৰিলে নেকি,এই বুলিহে মোৰ সন্দেহ। আৰু সৰুজনৰ ! একোৱে মগজুট নোসোমায়। তাক কি খাই জন্ম দিলেোঁ জানো, ইমানকৈ টিউচনো দিছো কিন্তু নাই,নহব আৰু ; মূৰটো গৰম হৈ গৈছে। বিৰেণ মোহন চাৰৰ এইবোৰ একো হোৱা নাই বুলি মনে মনে ভাৱি একো নকলে। চাহ খোৱাৰ দীঘলীয়া মেলখন শেষ হোৱাৰ পাছত ক্লাচ কৰিবলৈয়ে সময়ে নহ'ল।স্কুল চুটি দি তিনিওজনে নিজৰ নিজৰ ভাগে গ'ল।
সেইদিনা সন্ধিয়াৰ কথা ।বিৰেণ মোহন চাৰৰ ছোৱালী জনীৰ আজি তৃতীয় সাময়িক মুল্যাযন প্ৰগ্ৰেছ কাৰ্ড খন দি পঠিয়াইছে অভিভাৱকৰ চহী কৰি আনিবলৈ।সন্ধিয়াৰ বজাৰ কৰি মোহন চাৰ ঘৰৰ ভিতৰলৈ আহি বহিছিলহে, ছোৱালী জনী প্ৰগ্ৰেছ কাৰ্ডখন হাতত লৈ দেউতাকক দুহাতেৰে সাৱতি কান্দিব ধৰিলে।মোহন চাৰে আচৰিত হৈ সুধিলে,
মৰমৰ মাইনাজনীৰ কি হ'ল? কোনোবাই স্কুলত বেয়াকৈ কলে নেকি?" এটা সময়ত মাইনাজনী কন্দা বন্ধ হ'ল। মাইনাজনীক একো কবলৈ নিদিলেই শ্ৰীমতীয়ে ভাষণ আৰম্ভ কৰিলে।আনৰ লৰা-ছোৱালীয়ে তিনিবাৰকৈ দিনত টিউচন কৰে, আমাৰ একমাত্ৰ ছোৱালী; ইয়াকো দিনত দুবাৰকৈয়ো টিউচন দিয়াব নোৱাঁৰে। ব্ৰহ্মা,বিষ্ণু,মহেশ্বৰ ওলালেও এইবাৰ ৰখাব নোৱাৰে।মই এইবাৰ দিনত তিনিবাৰকৈ আমাৰ ছোৱালীকো টিউচন দিম।মোৰ ছোৱালীতকৈ কোনোবাই নম্বৰ অধিক পোৱাটো মোৰ সহ্য নহয়।ইফালে মোহন চাৰৰ গভীৰ সংকট।বেংকৰ ধাৰ, দহ তাৰিখলৈ ডিঙি মেলি চাই থাকে ই এম আই কাটিবৰ বাবে। এল আই চি পলচীকেইটাই আছেই।মাকৰ ভাষণ শেষ হোৱাৰ পাছত মাইনাজনীয়ে পিতাইক ক'লে,
দেউতা স্কুলত আমাৰ ক্লাচত মইহে মিচৰ প্ৰতিটো প্ৰশ্নোত্তৰ দিব পাৰোঁ,সেইবাবে মোক মিচে খুউৱ মৰম কৰে আৰু কয় তুমি আমাৰ ক্লাচৰ আটাইতকৈ ভাল ছোৱালী কিন্তু আনতকৈ কিয় অধিক নম্বৰ মই নাপাওঁ। মোহন চাৰো মাইনাজনীৰ প্ৰতি বৰ মৰম। এইবাৰ মোহন চাৰৰ অন্তৰত বৰ আঘাট পালে।মই নিজৰ বিদ্যালয়ত উচিতমতে পাঠদান নকৰা বাবে আজি মোৰ ছোৱালীজনীৰ এনে অৱস্থা ; মই অনুতপ্ত হৈছোঁ। মই ছোৱালীজনীৰ প্ৰতি কিমান আশা কৰোঁ, মোৰ বিদ্যালয়লৈ অহা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে নিজৰ সন্তানৰ পৰা আশা কৰে। কিন্তু আমি শিক্ষকবোৰে আমাৰ স্কুলত পঢ়া শিশু সকলক নিজৰ দৰে কিমানজনে ভাৱিব পাৰিছে ; যিদিনালৈকে আমি ভাৱিব নোৱাৰিম তেতিয়ালৈকে ভগৱানেও আমাৰ ওপৰত কু-দৃষ্টি ৰাখিব।মোহন চাৰে মাইনাজনীৰ হাতৰ পৰা প্ৰগ্ৰেছ কাৰ্ডখন লৈ প্ৰতিটো বিষয়ৰ নম্বৰবোৰ একে লগে যোগ কৰিলে,যোগ কৰি পোৱা নম্বৰ শতাংশত উলিয়ালে। ষাঠি শতাংশ হ'ল। ইয়াৰ পাছত ছোৱালীজনীক কলে, সোণজনী মই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মুঠ সময়ৰ ষাঠি শতাংশহে পাঠদান কৰোঁ। ইয়াৰ পৰিণাম তুমি ভুগিবলৈ পাইছা। মই অনুতপ্ত হৈছোঁ আৰু সংকল্প লৈছোঁ, এতিয়াৰ পৰা বিদ্যালয়ত একশতাংশ পাঠদান কৰিম আৰু তোমাক পুৱা-গধূলি মই নিজে পঢ়াম।তুমি টিউচন কৰাৰ প্ৰয়োজন নাই, চাবা তুমি বছেৰেকীয়া পৰীক্ষাত সকলোতকৈ অধিক নম্বৰ পাবা। মোহন চাৰৰ চকু দুটিত চকুপানী ভাগৰি আহিল, দেউতাকক সাৱতি মাইনাজনী কোলাতে টোপনি গ'ল।

Comments
Post a Comment