নিৰ্যাতন
- Get link
- X
- Other Apps
স্কুল ছুটি দি ঘৰলৈ আহি ঘৰৰ পদুলি মুখত ভৰি দিয়াৰ লগে লগে চোতালত পৰি থকা চিপ্চৰ পেকেটবোৰ ডাচবিনত সোমায় থৈ ঘৰত মানুহ গৰাকীক ঘৰত নাপায় ঘৰৰ বাৰান্দাত বহি আৰাম কৰিলে।মিগাঙে আজি স্কুলত প্ৰধান শিক্ষকৰ লগত তৰ্কা-তৰ্কী হোৱা ঘটনাবোৰ মনত দোলাদি দোলি থাকিল। প্ৰধানশিক্ষক হ'ল বুলিয়ে যি মন যায় তাক কৰিব নোৱাৰে নহয়।সহকাৰী শিক্ষক বা স্কুলত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী সকলৰো স্বাধিনতা থকা উচিত। অফিচৰ মানুহ আহিব বুলি শ্ৰেণীত পাঠদান কৰি থকা সময়ত ছাত্ৰ-ছাত্ৰীক উলিয়াই আনি কিয় বাথৰূম চাফা কৰা কাম কৰিবলৈ দিব। প্ৰাথমিক বিদ্যালয়ত শ্ৰণী অনুযায়ী প্ৰৰ্যাপ্ত শিক্ষক নাথাকে। প্ৰধান শিক্ষক বুলি শ্ৰেণী চলি থকা সময়ত কিয় ছাত্ৰা-ছাত্ৰীক বাথ ৰূম চাফা কৰি থাকিলে শিক্ষক নথকা কোঠাত কণ কণ শিশুকেইটাৰ উৎপাটত কাষত থকা শ্ৰেণীকোঠাত পাঠদান কৰিব পাৰি জানো ? মিগাং, কৰদৈগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। প্ৰধান শিক্ষকক লৈ বিদ্যালয় খনত তিনিজন শিক্ষক। পঞ্চম শ্ৰেণীটো এটা কোঠাত পাঠদান কৰাৰ বাহিৰে তৃতীয় আৰু চতুৰ্থ এটা কাঠাত আৰু প্ৰথম আৰু দ্বিতীয় আন এটা কোঠাত পাঠদানৰ ব্যৱস্থা কৰিছে। বিদ্যালয়খনত চাৰিটা কোঠা,তাৰে এটা কোঠা বিদ্যালয়খনৰ কাৰ্য্যালয় আৰু কাৰ্য্যালয় খনৰ কাষৰ কোঠাত পঞ্চম শ্ৰেণী।তিনিজনে তিনিওটা কোঠাত সোমায় নাথাকিলে কাষৰ কোঠাটো থকা ছাত্ৰ-ছাত্ৰীৰ উৎপাটত সিটো কোঠাত পাঠদানৰ কাৰ্য্য কৰিব নোৱাৰে, ইমানেই চিঞৰ-বাখৰ কৰে যে নিজৰ কোৱা কথা নিজেই শুনি নাপায়। সেই দিনা অফিচৰ মানুহ আহিব বুলি পাঠদান চলি থকা সময়ত মিগাঙৰ শ্ৰেণীকোঠাৰ পৰা কেইজনমান ছাত্ৰক উলিয়া নি প্ৰধান শিক্ষকে বাথৰূম চাফা কৰা কাৰ্য্য মিগাঙৰ বৰ অসন্তুষ্ট হ'ল।এইয়া এক পৰিকল্পিত নিৰ্য্যতন বুলি মিগমে ভাবিলে, কাৰণ মিগাঙৰ কাষৰ কোঠাত প্ৰথম আৰু দ্বিতীয় শেণী একোটা কোঠাতে বহে। পঞ্চম শ্ৰেণীত আন এজন শিক্ষক ব্যস্ত। তেনেক্ষেত্ৰত প্ৰধান শিক্ষকজন এই সময়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত চম্ভালিব লাগে। কিন্তু শ্ৰেণী চলি থকা সময়ত কিয় বাথ ৰূম চাফা কৰিব লাগে ? অফিচৰ মানুহ নাহিলে বাথৰূম চাফা কৰিব নালাগে নেকি ? মিগাঙেও নিজে লাগি ছাত্ৰ-ছাত্ৰীৰ সৈতে স্কুল আৰম্ভ হোৱাৰ আগতে চাফা কৰে।শ্ৰেণী চলি থকা সময়ত উলিয়াই লৈ যোৱা ছাত্ৰকেইজনৰ নথকা সময়ত যিটো পাঠ পঢ়োৱা হ'ল তাৰ ক্ষতিপূৰণ কেনেকৈ কৰিব ? প্ৰধান শিক্ষক বুলি শ্ৰেণী চলি থকা সময়ত কিয় মধ্যাহ্ন ভোজনৰ বজাৰ কৰিব যাব লাগে ? তেখেতৰ অনুপস্থিতিত নিজৰ শ্ৰেণীকেইটাও পাঠদান নহ'ল আৰু কাষত থকা কোঠাটো পাঠদান কৰিব পৰা নহ'ল। বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ এই কাৰ্য্যৰ প্ৰতি মিগাঙৰ অসন্তুষ্টিৰ কথা কোৱাত মিগাঙৰ লগত প্ৰধান শিক্ষকজন বাক্ যুদ্ধত লিপ্ত হ'ল। কথাটো মিগাঙে বেয়া মনোভাৱ লৈ কোৱা নাছিল, অন্ততঃ শ্ৰেণীত পাঠদান চলি থকা সময়ত তিনিওজন শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলৰ লগত ব্যস্ত থাকিব লাগে আৰু বিদ্যালয়খন পৰিস্কাৰ কৰা কামবোৰ পাঠদান আৰম্ভ কৰাৰ আগত বা পাছত কৰিব লাগে বুলি অনুৰুধহে কৰিছিল। তাকেই মিগাঙক ইমানকৈ কিনো কব লগীয়া হ'ল। মিগাঙে ঘৰলৈ আহি বাৰে বাৰে কথাবোৰ ভাবিলে। প্ৰধান শিক্ষক হ'ল বুলিয়ে ছাত্ৰ-ছাত্ৰীসকলক বা নিজৰ সহকৰ্মীক নিৰ্য্যাতন কৰোটো উচিত হোৱা নাই, আমি নিজে জনা কথাবোৰ কোৱাৰ অধিকাৰ নাই নেকি ? কথাবোৰ ভাবি থাকোতে মানুহগৰাকী ল'ৰাটো স্কুলৰ পৰা আগবঢ়ায় লৈ আহি ঘৰলৈ আহি পালে।
|
- Get link
- X
- Other Apps
Comments
Post a Comment