এন্ধাৰ ভাল নোপোৱা শিশুটো দেবানন্দ পেগু
বিছনাত ৰোৱাদক শুৱাই কাষতে মিগাং বহি ল'লে।আজি কিয় সি ইমান সোনকালে শুলে ? গাত চুই চাই জ্বৰ আছেনেকি প্ৰমান কৰি চালে, জ্বৰো নাই।শুই থকা ৰোৱাদলৈ চাই থাকোতেই মিগাঙৰ ক'ব নোৱাৰাকৈ দুচকুত চকুলো বাগৰি আহিল।মিগাঙে অইচেঙক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিবনে নাই,তাক লৈ বৰ চিন্তাত পৰিছে। দুয়োজনে দেখা সপোনবোৰ বাস্তৱ ৰূপ দিবলৈ মিগাং এতিয়া অকলে। অইচেঙৰ মৃত্যুবাৰ্ষিক কাইলৈ পাঁচ বছৰে সম্পূৰ্ণ হ'ব। যোৱা পাঁচটা বছৰ কিমান যে কষ্ট কৰি ৰোৱাদক যত্ন ল'ব লগীয়া হ'ল, ভাবিলে সপোন সপোন লাগে। মৃত্যুৰ আগমুহুৰ্তত অইচেঙে ৰোৱাদক লৈ মিগাঙক কোৱা কথাবোৰ বাৰে মনত ঢোলাদি থাকিল। অইচেঙে কৈছিল,
------" মিগাং ! মোৰ অৱস্থা বৰ বেয়া। মই যে ভাল হ'ম আশা নাই। মই হয়তো বেছি সময় জীয়াই নাথাকিম। সেইয়ে মোৰ বিনম্ৰ অনুৰোধ,ৰোৱাদক যিকোনো উপায়ে হ'লেও মানুহ কৰিব। ৰোৱাদ প্ৰাপ্তবয়স্ক হোৱাৰ আগতে আপুনি পুনৰ বিয়া নাপাতিব। এইয়া মোৰ শেষবাৰৰ বাবে অনুৰোধ। আশা ৰাখিছোঁ মোৰ অনুৰোধ ৰক্ষা কৰিব।"
মিগাঙে অইচেঙক প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ একশতাংশই নিশ্চয়তা দিছিল।
অইচেঙৰ কথাবোৰ ভাবি থাকোতেই নিশা বহু পৰ পাৰ হ'ল। দুচকুৰ পৰা চকুলোঁ মোহাৰি মিগাং ৰোৱাদৰ কাষতেই শুই পৰিল।
মিগাং আৰু অইচেং ৰোৱাদক লৈ কিমান যে সপোন দেখিছিল কিন্তু হঠাৎ অচিন ৰোগে অইচেঙক মিগাঙৰ কাষৰ পৰা চিৰ দিনৰ বাবে কাঢ়ি লৈ গ'ল। মিগাঙ অইচেঙৰ অবিহনে দিনতে তৰা দেখিলে। মনৰ বেজাৰ দমাই থ'ব নোৱাৰা হ'ল। ৰোৱাদক বুকুত সাৱতি কান্দি কান্দি সময়বোৰ পাৰ কৰিছে। মিগাঙৰ বন্ধু সকলে মিগাঙক যিমান পাৰে বুজনি দিবলৈ চেষ্টা কৰিলে।বন্ধু বৰ্গ সকলে এটোপা দুটোপাল কৰি নিচা ব্যৱহাৰ কৰি অইচেঙক পাহৰি থাকিবলৈ পৰামৰ্শ দিলে। জীৱনত এটোপাল মুখত দি নোপোৱা মিগাঙৰ বাবে প্ৰথম অৱস্থাত বিৰাট প্ৰত্যাহ্বান আছিল, যদিও প্ৰথম অৱস্থাত বন্ধুসকলে আনি আনি খাবলৈ উৎসাহিত কৰিলে। লাহে লাহে মিগাঙৰ বাবে পনীয়বিধ প্ৰিয় হ'বলৈ আৰম্ভ কৰিলে আৰু অইচেঙৰ প্ৰতিও আন্তৰিকতাবোৰ নাইকীয়া হৈ আহিবলৈ ধৰিলে।সান্ত্বনা দিয়াৰ চেগতে সময় সুবিধা বুজি বন্ধু সকলৰ লগত জোৱাৰ আড্ডাটো বহিবলৈ কুণ্ঠাবোধ নকৰা হ'ল। এইবিলাক সকলো কাম ৰোৱাদৰ চকুৰ আগতে হৈ থাকিল। ৰোৱাদ লাহে লাহে ডাঙৰ হৈ আহিল। ৰোৱাদ সপ্তম শ্ৰেণীৰ ছাত্ৰ। সদায় দেখি থাকি দেউতাকে কৰা কাৰ্যবোৰ ৰোৱাদৰ বাবেও প্ৰিয় হৈ আহিল। সেইয়ে দেউতাকৰ অনুপস্থিতিত কেতিয়াবা পনীয়বিধ জিভাৰে টেষ্ট কৰি চাই আৰু দেউতাকে থোৱা তাচপাতবোৰ দিনটোত অকলে অকলে অনুশীলন কৰে। দেইতাক নথকাৰ সুবিধা বুজি ওচৰৰ দুটামান ল'ৰা গোটাই দেউতাকৰ দৰেই আড্ডাত বহে।দেউতাকে খাই বটলত থাকি যোৱা অৱশিষ্ট খিনি লগৰীয়া কেইটা সৈতে অলপ অলপ কৈ খাবলৈ ধৰিলে। মিগাঙৰ মাজে-সময়ে সন্দেহও উপজিছিল বটলৰ পনীয়খিনি খালী হৈ থকাৰ কথাবোৰ কিন্তু বিশ্বাস কৰিব পৰা নাছিল।
এদিন মিগাঙে খোৱা বটলত থাকি যোৱাখিনি খাবলৈ ৰোৱাদে লগৰীয়া নাপালে। সেইয়ে সি অকলেই খাই পেলালে।ৰোৱাদৰ বেয়াকৈ নিচা লাগিল। সন্ধিয়া দেউতাকেও কামৰ পৰা উভতি আহিল। দেউতাকক দেখি ৰোৱাদে নিজকে যেনে তেনে সংযম কৰি ক'লে,
------" দেউতা ; আজি গা'তো ভাল লগা নাই, মই শুই থাকিম।"
মিগাঙেও ক'লে,
-----" শুই থাকা বাবা।"
মিগাঙেও ভাতখানি খাই ৰোৱাদৰ কাষতে বহি ল'লে।ৰোৱাদৰ কথাটো ভাবি থাকোতে বহু ৰাতি হ'ল আৰু ৰোৱাদক সাৱতি শুই থাকিল । কিন্তু মাজ ৰাতিতেই ৰোৱাদৰ টোপনি ভাগিল। শুব বিচাৰিও ৰোৱাদৰ টোপনি নহা হ'ল। ৰাতি পুৱাবলৈ কুকুৰাও ডাক দিয়া নাই।টোপনি যাব নোৱাৰি বিছনাত ইকাটি-সিকাটি কৰি আছে। ৰোৱাদৰ বাবে ৰাতিকণ বৰ আমনি লগা হৈছে। উপায়ন্তৰ হৈ ৰোৱাদে দেউতাকে থোৱা তাচ জাপ লৈ জাপিবলৈ ধৰিলে। অকলে অকলে খেলিও ল'লে।খেলি খেলি আমনি লাগি শুই থকা দেউতাকক ক'লে,
-----" উঠা, দেউতা ; মই টোপনি যাব পৰা নাই।ৰাতি পুৱাবলৈও বহু পৰ আছে। বলক না তাচটোকে দুয়োজনে খেলোঁ।"
মিগাঙে ৰোৱাদক ধমক এটা দি নিজে শুৱাৰ পৰা উঠিল। যিমতে ৰোৱাদৰ ওপৰত মিগাঙৰ সন্দেহ উপজি আছিল, সেয়াই হ'ল।
কথাবোৰ ভাবি থাকোতেই ৰাতি পুৱালে,।লাহে লাহে সেন্দুৰীয়া বৰণৰ বেলিটি পূৱ আকাশত ওপৰ ফালে উঠিবলৈ ধৰিলে। কাঁচিয়লি পুৱাতে মিগাঙে মুখ-হাত ধুই চাহ একাপ কৰি ল'লে। আজি মিগাঙে চাহ কাপ মুখত দিব পৰা নাই। বাৰে বাৰে অইচেঙক দিয়া প্ৰতিশ্ৰুতিবোৰ মনলৈ আহি থাকিল। মৃত্যুৰ আগমুহুৰ্তত দি থৈ যোৱা প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ বিফলতা। কালিৰ দিনটো যেন মিগাঙৰ বাবে আছিল কাল অমানিশা। কালিলৈকে ৰোৱাদক মানুহ কৰাৰ কথাবোৰ বাস্তৱ হ'ব বুলি ভাবি আছিল, কিন্তু ৰোৱাদৰ কালিৰ আচৰণবোৰ বুজি উঠাৰ পিছত মিগাঙে যে ৰোৱাদক মানুহ কৰা সফল হ'ব পৰা নাই , বুজিবলৈ বাকী নাথাকিল।
মিগাঙে নিজকে ক'লে,
-----" ৰোৱাদৰ একো ভুল নাই,ভুল মোৰেই। মই নিজৰ মনক সান্ত্বনা দিবলৈ নিচা খালোঁ। সময়বোৰ নাযায় নোপোৱাই বাবে তাচ খেলিলোঁ। এতিয়া এইবোৰে মোৰ জীৱনত আন এটা বোজাহে জাপি দিলে।"
সেন্দুৰীয়া বেলিটি ওপৰলৈ উঠি গছৰ আগ পালেগৈ। আকাশত ক'লা ডাৱৰে বেলিটিক চাৰিওফালে আৱৰি ধৰিব ধৰিলে,যেন বেলি উঠালৈহে ৰৈ আছিল।ক্ষন্তেক পাছতে বেলিটিয়ে মেঘৰ আঁৰত লুকাই নিজৰ মুখ ঢাকি ৰাখিব।মিগাঙে অনুশোচনাত ভোগিছে। মিগাঙেও নিজৰ ব্যৰ্থতা ঢাকি ৰাখিবলৈ ক'লা মেঘৰ আশ্ৰয় বিচাৰিলে,মিগাঙৰ বাবে প্ৰিয় আজি ক'লা মেঘৰ। ডাৱৰৰ সিপাৰত আৰম্ভ কৰিব ৰোৱাদৰ সৈতে নতুন জীৱন,য'ত বদঅভ্যাসবোৰ সি ত্যাগ কৰিবলৈ সুবিধা পাব।
Comments
Post a Comment