এৰি অহা বাঁহীৰ সুৰ দেবানন্দ পেগু


Debananda Pegu debanandapegu10736@gmail.com

11:07 AM (2 hours ago)
to me

 মিগম আৰু ৰুৱাদ দুয়োজনে একোখন বিদ্যালয়ৰে শিক্ষক।বেলেগ বেলেগ জিলাৰ পৰা বদলি হৈ অহাৰ বাবে দুয়োজন অন্য শিক্ষকতকৈ কিছু ঘনিষ্টতা অধিক।বিদ্যালয়খনৰ পৰা মিগমৰ ঘৰটো বেছি দূৰ নহয়,ঘৰৰ পৰাই খোজ কাঢ়ি অহা-যোৱা কৰে, কিন্তু ৰুৱাদৰ নিজ গৃহজিলা হ'লেও ঘৰৰ পৰা অহা যোৱা কৰাত অসুবিধা হয়।পৰিয়াল থাকিব পৰাকৈ ভাল ভাৰা ঘৰ নোপোৱাৰ বাবে সৰু এটা ভাৰা ঘৰত ৰুৱাদ অকলেই থাকে।শনিবাৰে স্কুল চুটিৰ পিছত ঘৰলৈ যায় আকৌ সোমাবাৰ দিনা ৰাতি পুৱা বাছত আহি বাহিৰে বাহিৰে স্কুললৈ যায়। সেইয়ে সোমাবাৰৰ দিনটোৰ দুপৰীয়া আহাৰ মিগমহঁতৰ ঘৰতে খোৱা হয়।তেনেকৈয়ে মিগম আৰু ৰুৱাদৰ বন্ধুত্ব লাহে লাহে গভীৰ হ'বলৈ ধৰিলে।
         স্কুলত কেতিয়াবা বিৰতিৰ সময় পালে দুয়োজনে মনৰ কথাবোৰ ইজন-সিজনক প্ৰকাশ কৰে।মিগমৰো পৰিয়ালটোত বেছি সদস্য নাই।গাওঁৰ ঘৰতে মাক-দেউতাক ভাইটি আৰু ভাই বোৱাৰীৰহঁতৰ লগত থাকে।বৰ্তমান মাত্ৰ একমাত্ৰ কন্যা সন্তানটিৰ লগতে মিগমৰ সহধৰ্মীনী আপ্পুন। আপ্পুনে ছোৱালীজনীক স্কুলত থৈ আহিলে দিনটোত বিশেষ কোনো কাম নাথাকে।সেইয়ে মাজে-সময়ে ৰুৱাদক চাহ-পানী বা ভাত এসাজ খোৱাবলৈ কোনো অসুবিধা অনুভৱ নকৰে।ৰুৱাদেও  নিজে ভাত পানী ৰান্ধি খাই বাবে মনে মনে ভালেই পায় যদিও কেতিয়াবা ইচ্ছা থকা স্বতেও কিবা এটা অযুহাত দেখুৱায় নোখোৱাকৈ ৰূমলৈ গুচি আহে। তেনেকৈ দুয়োজনৰ মাজত বন্ধুত্ব আগবাঢ়ি থাকিল।
         ৰুৱাদে ঘৰলৈ গ'লে মানুহগৰাকীৰ আগত মিগমহঁতৰ ব্যৱহাৰ পাতিৰ কথাবোৰ কয়।ৰুৱাদৰ মানুহগৰাকীৰ নাম অইচেং।অইচেঙে ৰুৱাদৰ কথাবোৰ সৰু ল'ৰা-ছোৱালীয়ে সাধু কথা শুনাৰ দৰে শুনে।ৰুৱাদৰ পৰা মিগমহঁতৰ ব্যৱহাৰৰ কথাবোৰ শুনি শুনি তাইও নেদেখাকৈয়ে মিগমহঁতৰ পৰিয়ালৰ লগত ঘনিষ্ট হৈ আহিছে। হৃদয়ৰ কোনোবা এটা গোপন কোণত যিগমহঁতৰ পৰিয়ালটি আপোন আপোন লাগি গৈছে।সেইয়েহে ৰুৱাদে ঘৰলৈ আহিলেই মিগমহঁতৰ পৰিয়ালৰ বিষয়ে অইচেঙে উপযাচিয়েই সুধে।ৰুৱাদহঁতৰ ঘৰত গাৱঁত হোৱাৰ বাবে প্ৰায়ে চাউলৰ পৰা ধৰি শাক-পাচলি কিনি নাখায়।ঘৰতে উৎপাদন হয়।ৰুৱাদে যাবৰ সময়ত মিগমহঁতৰ বাবেও অইচেঙে বেলেগে টোপোলা কৰি দি পঠিয়াই।অইচেঙে মিগমহঁতৰ পৰিয়ালৰ কথা ভাবিয়ে ভাল লাগে।চহৰত থকাৰ হেঁপাহ অইচেঙেও মনত পোহি ৰাখিছে।মিগমহঁতৰ পৰিয়ালটিৰ দৰে যদি মাটি অলপ কিনি চহৰত ঘৰ সাজি সন্তান দুটিক চহৰত  পঢ়াব।ৰুৱাদক মই ভাত-পানী ৰান্ধি খোৱাই স্কুললৈ পঠিয়াম।

Comments

Popular posts from this blog

Jili: dítag angngo annyiné lennamdok mé:tom kosag

JILI: dítag angngo,aumné lennam

মিচিং ভাষা কোৱা মানুহৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নমান হয় নেকি ? দেবানন্দ পেগু