প্ৰতিকাৰ
- Get link
- X
- Other Apps
ৰাতিপুৱা প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা কেইজনীমান শিশুৰ মাজত কথা পতাত ব্যস্ত। সিহঁতৰ মাজৰে এজনীয়ে ক'লে যে সৰু ছাৰ গুচি গ'লে স্কুললৈ আহিবলৈ মনেই নাযাব। অহা বুধবাৰে ছাৰৰ বিদায় সভা পাতিব, ছাৰলৈ বিদায় সভাত গিফ্ট এটা দিব নালাগিব জানো আমাৰ ফালৰ পৰা? আন কেইজনীৰো একেই কথা। ছাৰৰ বিদায় দিনা কেনেকৈ ছাৰৰ মুখা-মুখী হ'ম ? ছাৰ নাথাকিলে স্কুল আহিবলৈ মনেই নাযাব।এনেকৈ দুখ প্ৰকাশ কৰি কথা পাতি থকা দেখি হৰিকাই নামৰ গাওঁখনৰ মানুহ এজনে ইহঁতকেইজনীক সুধিলে, তোমালোকৰ স্কুলৰ কোন ছাৰে স্কুলৰ পৰা গুচি যাব ? ছোৱালীকেইজনীয়ে হৰিকাইক ক'লে,"আমাৰ স্কুলৰ সৰু ছাৰক স্কুলৰ পৰা অইন এখন স্কুললৈ বদলি কৰিছে। সেইয়ে আমাৰ বৰ দুখ লাগিছে।সৰু ছাৰ নাহিলে আমাৰ স্কুল আহিবলৈ মনেই নাযাব।" শিশুকেইজনীৰ কথাবোৰ শুনি হৰিকাই নামৰ মানুহটোৰও অন্তৰত দুখ লাগিল। যিয়ে নহও তেখেত স্কুললৈ অহাৰ পৰা স্কুলখনৰ লগতে গাওখনৰ অৱস্থা বহুত পৰিবৰ্তন হৈছিল। হঠাৎ এনেকৈ গুচি গ'লে দুখ লাগিবৰে কথা। ৰোৱাদ গাৱঁৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মিগম দুদিন মান আগতেই বিভাগীয় কাৰ্যালয়ৰ পৰা বদলিকৰণৰ নিৰ্দেশ পাইছে।বদলিৰ নিৰ্দেশ পোৱাৰ লগে লগে বিদ্যালয় পৰিচালনাৰ সভাপতিক ফোন কৰি জনাইছিল তেখেতৰ বদলি হোৱাৰ কথা। সভাপতিজনৰ ছোৱালীজনীও গাওঁখনৰ বিদ্যালয়তে পঢ়ে, নাম তাইৰ কাংকান। বিদ্যালয় পৰিচালনাৰ সভাপতি আৰু মিগমৰ মাজত ফোনত পাতি থকা কথাবোৰ কাংকানে শুনি আছিল।ৰাতিপুৱাৰ লগে লগে তাই লগৰ কেইজনীক জনাই দিছিল সৰু ছাৰৰ বদলি হোৱাৰ কথাটো। মিগমক এইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সৰু ছাৰ বুলিয়ে মাতিছিল। মিগমে প্ৰায় পাঁচ বছৰ আগত ৰোৱাদ গাৱঁৰ প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিল। তেখেত এই স্কুলখনলৈ অহাৰ আগত প্ৰধান শিক্ষকজন অকলে বিদ্যালয়খন চলাব লগা হৈছিল। অকলশৰে বিদ্যালয় খনৰ কাম চম্ভালিব লগা হোৱাৰ বাবে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী বিদ্যাতনিক দিশত বৰ পিছ পৰা আছিল আৰু এক ভাবিব নোৱাৰা বিশৃংখল পৰিৱেশৰ সন্মুখীন হব লগা হৈছিল। মিগম স্কুলত যোগদান কৰাৰ পাছত বহু কষ্ট কৰি ছাত্ৰ-ছাত্ৰীক গুনগত শিক্ষা প্ৰদানৰ বাবে চেষ্টা কৰিলে। ছাত্ৰ-ছাত্ৰী সকলৰ দুৰ্বলতাৰ দিশবোৰ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। এজনীয়া শিক্ষকে চম্ভালিব লগা হোৱাৰ বাবে নে আন অইন কাৰণত জানো শিশুসকলৰ কোনো ধৰণৰ গঠন মুলক লক্ষন দেখা পোৱা নাছিল। শিশুসকলৰ ব্যৱহাৰ পাতি বৰ পুতৌ লগা আছিল। দুই তিনি মাহ ক্লাচ কৰাৰ পাছত শিশু সকলৰ বিশেষ আচৰণ মিগমৰ চকুত ধৰা পৰিছিল। তাৰ ভিতৰত অমনোযোগিতা, কোনোবা শিক্ষকে ওচৰলৈ আহিলে কঁপি কঁপি কথা কোৱা, পাঠদানৰ সময়ত শিক্ষকক গন্য নকৰাকৈ নিজৰ ইচ্ছা মতে কথা শ্ৰেণীৰ পৰিবেশ নষ্ট কৰা আদি। বিদ্যালয়খনৰ কাষতে লাগি থকা অংগবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা গৰাকী গাওঁখনৰে স্থায়ী বাসীন্দা আছিল বাবে প্ৰায় গাওখনত প্ৰতিখন ঘৰৰ অৱস্থা জানে। মিগমে বিশেষ লক্ষণ দেখা পোৱা প্ৰতিজন শিশুৰ পিতৃ-মাতৃৰ বিষয়ে জানিব বিচৰাত প্ৰতিজন শিশুৰ পিতৃ-মাতৃৰ বিষয়ে অৱগত কৰালে। মিগমে যি দৰে সন্দেহ কৰিছিল সেই মতে তথ্যবোৰ পালে।তাৰে কিছুমান অভিভাৱক দৈনিক ৰাতি মদ খাই ঘৈনীয়েকৰ লগত কাজিয়া কৰি পৰিৱেশ বিশৃংখলিত হোৱাৰ বাবে বস্কুলটো এইবোৰৰ ঘৰৰ সন্তানে অনুশাসনৰ মাজত নাথাকি বিশৃংখল পৰিৱেশ সৃষ্টি কৰা, কিছুমানৰ দুই জনীকৈ ঘৈনীয়েক থকাৰ বাবে ঘৰখন প্ৰতিদিনে ভয়-শংকা আৱেগিক পৰিৱেশত থকাৰ বাবে স্কুলত শিক্ষকে কিবা এটা সুধিলে কঁপি কঁপি উত্তৰ দিয়া, আকৌ কিছুমান অভিভাৱক ৰাতি পুৱা কামৰ সন্ধানত ওলাই যোৱা আৰু সন্ধিয়া নিজৰ সন্তানৰ প্ৰতি যত্ম নকৰাৰ ফলত স্কুলত পাঠদানৰ সময়ত অমনোগিতা আদি।মিগমে সমাধানৰ পথ বিছাৰি গাৱঁখনতে মানুহ এঘৰত সৰু ৰূম এটা ভাৰা কৰি থাকিবলৈ ল'লে।দিনত স্কুলত পাঠদান কৰাৰ উপৰিও সন্ধিয়া ঘৰে ঘৰে গৈ অভিভাৱক সকলৰ মাজত শিশুসকলৰ পঢ়াৰ খৱৰ কৰিছিল আৰু অভিভাৱক সকলৰ সুখ দুখৰ কথাবোৰ আন্তৰিকতাৰে পাতিছিল। তেনেকৈয়ে মিগমে গাওঁৰ মানুহৰ মনৰ মাজত সোমাবলৈ চেষ্টা কৰিলে। সভ্যসমাজত জীয়াই থাকিবলৈ, নিজৰ সন্তানক শিক্ষিত কৰিবলৈ কেনেকৈ শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিব লাগে, শিক্ষিত হ'লে কি হয়, শিক্ষিত নহ'লে কেনে ধৰণৰ পৰিস্ত্ৰিতি সন্মুখীন হ'ব লগা হয়, এইবোৰ আলোচনা কৰি সমস্যাসমুহ প্ৰতিকাৰৰ বাবে দিহা পৰামৰ্শ কৰে। এদিন দুপৰীয়া মিগমে ছাত্ৰাছাত্ৰীক পঢ়াই থকা সময়তে মবাইলৰ ৰিং ট'নটো বাজি উঠিল। সিটোমূৰৰ মিগমৰ ল'ৰাজনৰ অসুখ হোৱা বুলি খৱৰ দিলে।ফোনত সৰু ছাৰৰ ল'ৰাটোৰ অসুখ হোৱা বুলি জানি ছাত্ৰ-ছাত্ৰীসকলে কবলৈ ধৰিলে যে -"আমাৰৰ গাৱঁৰ ওচৰত এজন বেজে সকলোধৰণৰ বেমাৰ আৰোগ্য কৰিব পাৰে। ছাৰ আপোনাৰ ল'ৰাটো এবাৰ দেখুৱাই লওক। আৰু লগতে ক'লে যে আমাৰ গাৱঁৰ কোনোবা বেমাৰ-আজাৰ হ'লে এই বেজ জনৰ লগতে দেখুৱাই । কিন্তু কাহিলী পুৱাতে গৈ দেখুৱাব লাগে।" লৰা-ছোৱালীবোৰৰ কথাবোৰ শুনি হয়নেকি বুলি কয় সৰু ছাৰে মনে মনে ভাবিলে,ঁগাৱঁখনত বাৰুকৈয়ে অন্ধবিশ্বাসৰ কু-প্ৰভাৱ পৰিছে। এই গাৱঁত সজাগতা সভা পাতি এই অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিব লাগিব। এদিন কাহিলী পুৱা মৰ্ণিং ৱাল্ক কৰি থাকোতে গাৱঁখনৰ এহাল দাম্পতি প্ৰায় এবছৰীয়া শিশু এটা পিঠিত বুকুচা কৰি আহি আছিল। হঠাৎ মিগমৰ মুখা-মুখী হ'ল।ভালকৈ লক্ষ্য কৰি দেখিলে যে চিনাকী মানুহ।সি দাম্পতি হালক সুধিলে,-ঁ কলৈ যোৱা?" মিগমে উত্তৰত কওঁ নকওঁকৈ কলে," কেঁচুৱাটো বেজৰ ওচৰত দেখুৱাবলৈ লৈ যোৱাৰ কথা। স্কুলত কোৱা কথাটোৰ লগত দম্পতিহালৰ বেজলৈ যোৱা কথাটো মিলাই চালে। তাৰ পাছত কেচুঁৱাটোৰ লক্ষ্যনটো সুধি ৰোগটো বিষয়ে অনুমান কৰিলে যে নিশ্চয় কাঁহি থকাৰ বাবে বুকুত অসুবিধা পাইছে। বেজলৈ যোৱাটো বাধা দি কলে,-" বেজটোৰ ওচৰলৈ কেচুঁৱাটো লৈ যাব নালাগে। ইমান ঠাণ্ডা বতৰত কাঁহি থকা কেঁচুৱাটো আৰু অধিক হ'ব। গতিকে আপোনালোকে ডাক্টৰলৈ লৈ যাওক।মই দুইহেজাৰ টকা দি আছো, মোৰ ৰূমৰ কাষেদি আহিব।মই দিয়া টকাটো ধাৰ বুলি নাভাবিবা।কেঁচুৱাটোৰ অৱস্থা দেখি মই সহায় কৰিছোঁ। যেতিয়া সুবিধা হয় উভতাই দিব।" জয়প্ৰকাশৰ টকাটো লবলৈ কিছু লাজ-সংকোচ কৰিছিল যদিও জয়প্ৰকাশৰ কথাত না-কৰিব নোৱাৰিলে। টকা দুই হেজাৰ টকাটো লৈ নাৰ্চিং হোম এখনত ডাক্টৰক দেখুৱালে।কেইটামান তৰল জাতীয় ঔষধৰ বটল দি পঠিয়ালে আৰু নিয়মিত ভাৱে খোৱাবলৈ ডাক্টৰে পৰামৰ্শ দিলে। এইকথাটো গাৱঁৰ কিছুমান ব্যক্তিয়ে গম পাই বেজ জনে খৱৰটো পালে আৰু কোনো দিনে তেওঁলোকৰ বেমাৰ-আজাৰ নাচাব বুলি সকিয়াই দিলে। কিছুদিন পাছত মিগমক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে গাৱঁৰ মানুহবোৰে সকিয়াই দিয়াৰ কথাটো বিৱৰি কলে। মিগমে চিন্তা কৰি পালে যে গাওঁখনৰ অন্ধবিশ্বাসবোৰ অনুসন্ধান কৰাৰ কথা।সন্ধিয়া নিয়মিত কাৰ্যসুচীৰ লগতে বেমাৰ -আজাৰ চিকিৎসাৰ বিষয়ে কথা পাতিলে গাওঁখনৰ সকাম-নিকামৰ উদেশ্যসমুহ বিভিন্নজনৰ লগত আলোচনা কৰিলে। শেষত জনা গ'লযে মানুহবোৰ অশিক্ষিত আৰু দৰিদ্ৰতাৰ কাৰণত বেমাৰ-আজাৰ হ'লে পূজা-পতল কৰা বেজৰ ওচৰ বেমাৰ দেখুৱা আদি কামবোৰ কৰে। কথাবোৰ জনাৰ পাছত স্কুলত অভিভাৱক সভা কৈছিল,-"পাতি বেমাৰ হ'লে পূজা কৰি বা বেজৰ ওচৰত দেখুৱাৰ ফলত ৰোগৰ পৰিমান মাত্ৰাধিক হয়, ৰোগীয়ে মৃত্যুমুখত পৰিব পাৰে। বেমাৰ হ'লে যিমান পাৰে সোনকালে ডাক্টৰক দেখুৱাব পাৰিলে বেমাৰ সহজে আৰোগ্য হয়। সেইয়ে আমি কিছুমান অতি সহজতে পোৱা সামগ্ৰিৰে প্ৰাথমিক চিকিৎসা কৰি লগে লগে ডাক্টৰৰ ওচৰলৈ লৈ যাব লাগে।"জয়পকাশৰ ভাষনবোৰ বৰ গুৰুত্বসহকাৰে শুনিলে। লাহে লাহে গাৱঁৰ মানুহবোৰ বিদ্যালয়ত বিদায় সভাৰ বাবে গোটখালে। সৱৰে মুখত এটাই কথা," ছাৰক কেনেকৈ বিদায় দিম।এবাৰ বিদায় লৈ গুচি গ'লে আকৌ এবাৰ আমাৰ বিদ্যালয়ত শিক্ষকতা কৰিবনে ? চাৰৰ নিচিনা এজন সৎ শিক্ষক আহিবনে ?" এনেকৈ সকলোৰে দুচিন্তাৰ মাজেৰে কিছুপৰ পাছত সভা আৰম্ভ হ'ল। বিদ্যালয়ৰ প্ৰধান শিক্ষকে আঁতধৰা সভাত সভাৰ উদেশ্য ব্যখ্যাৰ পৰাই মানুহবোৰৰ চকুত চকুপানীৰে সেমেকি উঠিল। সভাকক্ষত নিৰৱ-নিস্তৱ, সকলোৰে মন বিষাদেৰে ভৰি পৰিছে।মানুহবোৰে কান্দিব খুজিছে কিন্তু দমাই ৰাখিছে যাতে সৰু ছাৰে অন্তৰত আঘাট নাপায়। সৰু ছাৰক হৰ্ষ-উল্লাসেৰে বিদায় দিব বিছাৰিলে।সভাপতিজনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও ফুলাম গামুচাৰে সম্বৰ্ধনা জনালে।শেষত সৰু ছাৰক দু-আষাৰ ৰাখিবলৈ অনুৰুধ জনালে। সৰু ছাৰৰ ভাষণ আৰম্ভ কৰিলে," মৰমৰ মইনাহঁত আৰু শ্ৰদ্বাৰ উপস্থিত ৰাইজ,মই ইয়াৰ পৰা"""""""""। হঠাৎ ভাষণ বন্ধ হ'ল, সৰু ছাৰৰ ভাষণ আগবঢ়াব নোৱাৰিলে।আৱেগে সুপা মাৰি ধৰিলে।সি আৰু একোৱে নকলে, ছাত্ৰ-ছাত্ৰীসকলৰ মুখত চকু পানীৰে তিয়াই পেলাইছে। এটা সময়ত শিশুকলে হুক্ হুকাই কান্দিব ধৰিলে, "ছাৰক আমি যাবলৈ দিব নোৱাৰোঁ, সৰু ছাৰ নহ'লে আমি স্কুললৈ নাহিম।"
|
- Get link
- X
- Other Apps

Comments
Post a Comment