জীৱনৰ সংগ্ৰাম

জীৱনৰ সংগ্ৰাম

দেবানন্দ পেগু

ফেঁহুজালি পুৱাতে আইৰ কোলাত
আন্ধাৰ ফালি পোহৰৰ বাবে                         
 সংগ্ৰামৰ পোখা মেলিছিল
সেইদিন ধৰি উশাহৰ প্ৰতিটো স্পন্দনতে 
জীৱনৰ সংগ্ৰামে তীব্ৰ বেগত আগবাঢ়িছে।
জীৱনৰ কেঁকুৰিত কেতিয়াবা দেহাই নাটানে
আগবাঢ়ি যাবলৈ
জীৱনৰ পিছল বাটত উজুতি খাই পৰিছোঁ 
দুপুচ দুপুচ কৰি
আৱচেতন মনে,চেতনা ঘূৰাই পালেই
আকৌ যাত্ৰা আৰম্ভ হয় জীয়াই থকাৰ সংগ্ৰাম।
কেতিয়াবা মাজ বাটত আন্ধাৰে আৱৰি ধৰে
কেতিয়াবা খলা-বমা বাটত
বিজুলীৰ পোহৰে চকু ছাট মাৰি ধৰে
হৃদয়ৰ গোপন কোঠাত জ্বলি থকা
জোনাকী পৰুৱাৰ ধিমিক-ধামাক পোহৰত
জোনাকৰ হাতত ধৰি
এখোজ আগবাঢ়িলে,দুখোজ পিছুৱাই
জীয়াই থকাৰ সংগ্ৰাম কৰিছোঁ 
বিৰামহীনভাৱে

Comments

Popular posts from this blog

JILI: dítag angngo,aumné lennam

JILI: angngo dítaglok aumné lennam

Jili: dítag angngo annyiné lennamdok mé:tom kosag