মিচিং সমাজত দদ্গাং, অতীত আৰু বৰ্তমান 🖊 দেবানন্দ পেগু🖊
- Get link
- X
- Other Apps
দদ্গাং মিচিং সমাজৰ বাবে নতুনকৈ শুনা শব্দ নহয়। শিশুৰ পৰা বৃদ্ব ককা-আইতালৈকে সকলোৰে জ্ঞাত। কিন্তু অতীতৰ পৰা দদ্গাঙৰ পৰ্যায় কেনেকৈ বৰ্তমান পৰিস্থিতিত আহি পালে ইয়াৰ ক্ৰমহে কাৰো চকুত ধৰা নপৰিল।আমাৰ সমাজখন অন্ধভাৱে আনক অনুসৰণ কৰে।সেইয়ে নিজৰ জীৱনৰ মুলধন শেষ কৰি হ'লেও আনৰ জাক-জমকতাৰ প্ৰতি আকৃষ্ট হয়। কিন্তু যি ধৰণে আন জনগোষ্ঠীয়ে সভ্যতাৰ জখলাত আগবাঢ়িব ধৰিছে, সেই জখলাডালৰ প্ৰতিহে আমাৰ সমাজখন আকৃষ্ট হোৱা দেখা নগ'ল। আমাৰ সমাজত মূলধন নাটনি হৈ আহিব ধৰিছে কিন্তু সেই পৰিমানত খৰচৰ শিতান বাঢ়িবহে ধৰিছে। এজন ব্যক্তি বা সমাজ উন্নতিৰ মূল জখলাডালেই হ'ল মূলধন।আমাৰ মিচিং সমাজত আটাইতকৈ গুৰুত্বপূৰ্ন মূলধনটো হৈছে মাটি। কিন্তু বৰ্তমান সময়ত বিভিন্ন কাৰণত মিচিং সমাজৰ পৰা সংকুচিত হৈ আহিছে মাটিৰ পৰিমান।এইবিলাকৰ ভিতৰত গৰা-খহনীয়া, মদ খাই মাটি বিক্ৰী কৰা আৰু দদ্গাঙ পাতিবৰ বাবে মাটি বিক্ৰীয়েই প্ৰধান। আমাৰ সৰু কালৰ পৰাই আমি দদ্গাঙৰ কাৰো-কাৰ্য দেখি আহিছোঁ। মৃতক সকলৰ সদ্গতিৰ বাবে দহাৰ লগতে দদ্গাং পাতে।আমি সৰুকালত দেখা দদ্গাং আৰু বৰ্তমানৰ দদ্গাঙৰ মাজত আকাশ পাতাল প্ৰাৰ্থক্য দেখিবলৈ পোৱা যায়।পৰিৱৰ্তন সকলোৰে কাম্য কিন্তু অত্যাধিক পৰিৱৰ্তনে ব্যক্তি তথা সমাজৰ উন্নতিত বাধা জন্মে।আমাৰ সৰুকালত দদ্গাঙৰ বাবে ৰভা সাজিছিল, বাহ,কলৰ পাত আৰু ঠাৰিৰে। ৰাইজৰ ডেকা গাভৰুৰ সহযোগত সামান্য খৰচত ৰভাৰ কাম শেষ হৈছিল। ঠিক তেনেকৈয়ে মদ বনোৱা,খৰিৰ যোগান ধৰা, পাত কটা আদি কামবোৰ ৰাইজৰ সহযোগতে সম্পন্ন হৈছিল।দদ্গাঙৰ দিনা ৰভাতলিত গাওঁৰ ডেকা গাভৰুৰ লগতে আদহীয়া সকলেও সহযোগিতা কৰিছিল। মানুহৰ সমাগম কম আছিল। ক'ম বয়সৰ মানুহ দদ্গাঙলৈ প্ৰায়ে অহা নাছিল। আলহীৰ বাহিৰে অন্য গাৱঁৰ ডেকা গাভৰু আন এখন দদ্গাৱলৈ খাবলৈ যোৱা নাছিল। দদ্গাং পতা মানুহ ঘৰ বিশেষ সম্পৰ্কীয় হ'লেহে সহায় সহযোগিতাৰ বাবে আহিছিল। মানুহ ক'মকৈ সমাগম হৈ বাবে খৰচৰ পৰিমান নগন্য আছিল,আৰু তিনি চাৰিজন মৃতক একেলগতে দদ্গাং পাতিছিল।সেইয়ে তিনি চাৰিঘৰ ওচৰ সম্পৰ্কীয় পৰিয়াল একে লগে আয়োজন কৰিছিল। সমবায় পদ্ধতিৰ দৰে হোৱা বাবে এটা পৰিয়ালত খৰচৰ বোজা পৰা নাছিল। থলোৱাভাৱে পোৱা সামগ্ৰিৰে দদ্গাঙৰ কামবোৰ কৰা বাবে খৰচৰ বাবে কোনোধৰণৰ মুল্যৱান সম্পতি বিক্ৰী কৰিব লগা নহৈছিল। লাহে লাহে দিনবোৰ সলনি হৈ আহিল। দিনবোৰ যিমান দ্ৰুত গতিত সলনি হ'ব ধৰিলে তাতকৈ মিচিঙৰ দদ্গাঙৰ খৰচৰ পৰিমান বৃদ্বি পাবলৈ ধৰিলে। চহৰৰ জাক জমকতা গাওঁলৈ আমদানি কৰিলে। কলৰ পাত, ঠাৰিৰে সজা ৰভাতলি গুচি টেণ্ট হাউচ হ'ল। দামী দামী তাজমহল, চাৰ্মিনাৰ আৰ্হিৰ ৰভাতলি সজোৱা হ'ল।তৰাপাত, কল পাতৰ ঠাইত ধুনীয়া ধুনীয়া দিচপজেলৰ, দিচ,গ্লাচ প্লেট ব্যৱহাৰ কৰিব ধৰিলে। তাকুক,তাজিক, অমবে আদি বন শাকৰ সলনি বজাৰৰ শাক পাচলি,আলু, দালি বনোৱা হ'ল। বিভিন্ন ধৰণৰ বনশাকেৰে জুতি লগাকৈ ৰান্ধা মাংসৰ আঞ্জাৰ সলনি বজাৰৰ শাকপাচলিৰে ৰান্ধা মাংস মিচিং মানুহৰ বাবে সোৱাদ নাপায়, ফলস্বৰূপে দদ্গাঙৰ অধিকভাগ ভাত আৰু চব্জি পেলনীয়াত যায়। আগতে দদ্গাঙলৈ ক'ম বয়সৰ ল'ৰা-ছোৱালী আহিব নাপায় বুলি ভাবিছিল, সেইয়ে মানুহৰ সমাগম ক'ম আছিল; সেইমতে খৰচৰ পৰিমানও ক'ম আছিল। আজিকালি কেঁচুৱাৰ পৰা আদি কৰি বৃদ্বজনলৈ গোটেই গাৱঁৰ মানুহে দদ্গাঙৰ ৰভাতলিত দিনটোত দুই তিনিবাৰ খাই। ইয়াৰ উপৰিও ওচৰ-চুবুৰীয়াৰ ডেকা গাভৰু আহি উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰে। দদ্গাং আয়োজনৰ প্ৰায় এমাহ আগৰ পৰাই কামত সহায়-সহযোগিতা কৰা ৰাইজক ভাত-পানীৰ লগতে আপঙৰ ব্যৱস্থা কৰিব লগা হয়। দদ্গাঙৰ মাংগলিক কাৰ্য সমাপনৰ বাবে যি সকল পুৰোহিত অৰ্থাৎ ভকতক মাতে, তেখেত সকলক দুদিন ধৰি ৰজাৰ দৰে খোৱাব লাগিব। দদ্গাঙৰ দিনা ভকতক হাত পাতিলে পোৱাকৈ প্ৰয়োজনীয় সামগ্ৰি যোগান ধৰিব লাগিব। লেপ, তুলিকে আদি কৰি শকত পৰিমানৰ ধনৰ মাননি তথা দান-দক্ষিনাৰে ভকতক সন্তুষ্ট কৰি ৰাখিব লাগিব। ইয়াৰ লগতে সমুহীয়াকৈ পৰিয়ালৰ জোঁৱায়ক অপ্যায়ন কৰি দুটা দিন সন্তুষ্ট কৰি ৰাখিব লাগিব। সেই গোটেইখিনি খৰচ এখন ঘৰে যোগাৰ কৰোতে ঘৰৰ মুল্যৱান সম্পতি বিক্ৰী কৰাৰ বাহিৰে আন কোনো সাধ্য নাথাকে। গাওঁৰ মানুহবোৰ বৰ্তমানলৈকে সঞ্চয়ৰ অভ্যাস গঢ়ি উঠা নাই। বোজন পৰিমানৰ খৰচৰ যোৰা মাৰিবলৈ আটাইতকৈ সহজতে উপলব্দ সম্পতিটোৱে হৈছে মাটি বাৰী। গাওঁত কোনোবা এটা পৰিয়ালে দদ্গাং পাতিলে মাটি বিক্ৰী বা বন্ধকত থোৱাটো নিশ্চিত। অধিক পৰিমানৰ টকাৰ প্ৰতি লক্ষ্য ৰাখি অন্য জাতিৰ লগত মাটিবোৰ বিক্ৰী কৰে। সাম্প্ৰতিক সময়লৈকে মিচিং মানুহে মাটিৰ মুল্য নুবুজে।অন্য জাতিৰ মানুহৰ দৰে মিচিং মানুহে দাম দি কিনিব নোৱাৰে বুলি প্ৰায়ে শুনা পাওঁ। অন্যজাতিলৈ মাটি বিক্ৰী কৰিলে অধিক দাম পায় । সেইয়ে আজিৰ দিনত মিচিং গাওঁত অন্যজাতিৰ মানুহৰ সংমিশ্ৰন ঘটিল। আনকি বাংলাদেশী মানুহেও ইয়াৰ পৰা বাছি নগ'ল। হে মোৰ জাতি ভাই-ভনী সকল, মোৰ শ্ৰদ্বাৰ জেষ্ঠগণ, আপোনালোকে কোনোবা দল, সংগঠনে নীতি- নিয়ম বান্ধি দিব বুলি অপেক্ষা কৰি নাথাকিব। আমি নিজেই নিজৰ দায়িত্ব বুজি উঠিব লাগিব। আপুনি দদ্গাং পাতক, তাত কোনো আপত্তি নাই কিন্তু অযথা মানুহ সমাগম কৰি বহল মনৰ গৰাকী হ'ব নিবিচাৰিব, তাতকৈ আপুনি শৃংখলাৱদ্ধভাৱে অতি ক'ম সংখ্যক মানুহ নিমন্ত্ৰন দি আপোনাৰ মাংগলিক কাৰ্য সমাপন কৰক। আৰু ক'ম বয়সৰ ল'ৰা-ছোৱালী ডেকা-গাভৰু সমাগম হ'ব নালাগে। মানুহ কমকৈ আহিলে অতি ক'ম সংখ্যক মানুহে অতিথিক চম্ভালিব পাৰিব। যিদিনা গাৱঁত কোনোবা ঘৰে দদ্গাং আয়োজন কৰে সেইদিনা প্ৰতি ঘৰে ভাত ৰান্ধি ল'ৰা -ছোৱালী খোৱাই দদ্গাঙলৈ আহ'ক। এইবুলি মই আপুনি দদ্গাঙত দিনটোত কাম কৰি এমুঠি ভাত গ্ৰহণ নকৰাকৈ আহিবলৈ কোৱা নাই। প্ৰতিটো খাদ্য বস্তু অপচয় নোহোৱাকৈ ব্যৱহাৰ কৰক। আজি আপুনি সহায় কৰিছে, কাইলৈ আপোনাৰ দদ্গাঙত আপোনাকো সহায় কৰিব। আপোনালোকে ভাবি চাওক, আমাৰ এটা দদ্গাঙৰ খৰচ এটা আঞ্চলিকে আয়োজন কৰা আলিঃ আঃয়ে লৃগাং অনুষ্ঠানতকৈ দহগুণ অধিক হয়। এখন ঘৰৰ মুৰব্বীয়ে ইমান ধনৰ বোজা কেনেকৈ বহন কৰিব ?
|
- Get link
- X
- Other Apps

Comments
Post a Comment