মিচিং ভাষা কোৱা মানুহৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নমান হয় নেকি ? দেবানন্দ পেগু
- Get link
- X
- Other Apps
মিচিঙৰ আদি পুৰুষ আবুতানিৰ বংশধৰ সকলক মনৰ ভাৱ প্ৰকাশ কৰিবলৈ নিজস্বভাৱে ভাষা এটা সুন্দৰকৈ দি থৈ গৈছে। উত্তৰাধিকাৰী সূত্ৰে পূৰ্ব পুৰুষ সকলেও ভাষাটো অগ্ৰজ সকল ব্যৱহাৰ কৰিব পৰাকৈ জীয়াই ৰাখিবলৈ সক্ষম হৈছিল। নিজাকৈ লিপি নাথাকিলেও পৰম্পৰাগত ভাৱে মুখে মুখে হেৰাই যাবলৈ নিদিয়াকৈ আধুনিক পৰ্যায়লৈ জীৱন্ত কৰি ৰাখিছে।সৃষ্টিৰ আদি কালৰে পৰা এনেকৈয়ে বৰ সুন্দৰকৈ ভাষাটো চলি আছিল।এটা সময়ত কেইগৰাকীমান সমাজ সচেতক, ভাষাপ্ৰেমী তথা ভাষাৰ সাধকে এখোজ আগুৱাই আনি ৰোমান লিপিৰে মিচিং ভাষা লিখিব পৰাকৈ যোগ্য কৰি তুলিলে ।মিচিং সমাজৰ জাতিয় সংগঠন সমুহৰ ভাষা আন্দোলন আৰু ত্যাগৰ ফলত অসম চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ ৫০% মিচিং ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ত মিচিং ভাষা পঢ়োৱাবলৈ শিক্ষক নিযুক্তি দি এক আমোল পৰিবৰ্তন কৰিবলৈ প্ৰয়াস কৰিলে। অশেষ জটিল পৰিক্ৰমা পাৰ হৈ ভাষাটো নতুন প্ৰজন্মৰ হাতত তুলি দিবলৈ সক্ষম হৈছে।বহুতো কষ্ট আৰু ত্যাগৰ ফলত মিচিং ভাষাটো বৰ্তমানলৈকে জীয়াই আছে। কিন্তু দেখা গৈছে যে প্ৰায় লাহে লাহে মিচিং ভাষা কোৱা মানুহৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। কিন্তু কিয় মিচিং ভাষা কোৱা মানুহৰ সংখ্যা কমি আহিছে ? জনসংখ্যা বৃদ্বিৰ লগতে ভাষাটোৰ জনপ্ৰিয়তা বাঢ়িবহে লাগিছিল। ভাবিলে আচৰিত হওঁ যি সকল ব্যক্তি জন্মৰ পৰাই মিচিং ভাষা কয় আহিছে ,আইৰ মুখেৰে মিচিং ভাষা শিকি আহিছে এনে ব্যক্তিয়েও নিজৰ উপাৰ্জনৰ পথ উন্নতি হ'লে মিচিং ভাষাটো কবলৈ এৰি দিয়ে। আমাৰ বহুতো মানুহ আছে গাওঁৰ পৰা আহি চহৰত বাস কৰিলে, চহৰত ধুনীয়াকৈ ঘৰখন সাজিব পাৰিলে,নিজৰ চাকৰীটো উচ্চ বুলি ভাবিলে মিচিং ভাষাটো ক'ব নিবিচাৰে। এই বুলিয়েই মই মিচিং ভাষাৰ বাহিৰে অন্য ভাষা নক'বলৈ কোৱা নাই। মই ক'ব বিচাৰিছো যেনেকৈ পাৰে পৃথিৱীৰ সকলো ভাষাই আয়ত্ব কৰক আৰু কও'ক, ইয়াৰ সমান্তৰকৈ মিচিং ভাষাটোও কও'ক আৰাু জীয়াই ৰখাৰ যত্ন কৰক। মই কলেজত পঢ়া কালৰে পৰা চহৰত থাকি মোৰ অভিজ্ঞতা লাভ কৰামতে গাওঁৰ পৰা যি সকলে চহৰত পঢ়িবলৈ আহে তেওঁলোকৰ প্ৰায়ভাগৰে মিচিং ভাষাত নিজৰ মিচিং বন্ধু বা চিনাকীৰ লগতো মিচিঙত কথা পাতিব নিবিচাৰে। মই পঢ়া কলেজত অধিক সংখ্যক বঙালী, বিহাৰী, নেপালী সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী আছিল।তেওঁলোক দুজন মান নিজৰ জাতিৰ মানুহ লগ পালেই নিজৰ ভাষাতে কথা পাতে। মইও আমাৰ মিচিং বন্ধুাবান্ধৱীসকলৰ লগত মিচিঙত কথা পাতিব বিচাৰোঁ কিন্তু মোৰ কথাৰ প্ৰতিউত্তৰ অসমীয়াতহে দিয়ে। মই ভাবিছিলোঁ, "মিচিং ভাষাটো কি লাজ লগা ভাষা নেকি ?" আৰু আন এটা উদাৰণেৰে ক'ব বিচাৰিছোঁ, এদিন মই কৰ্মৰত বিদ্যালয়লৈ মেডিকেল কেম্প কৰিবলৈ চিকিৎসকৰ দল এটা আহিছিল। মেডিকেল কেম্পত ছাত্ৰ-ছাত্ৰী স্বাস্থ পৰীক্ষা কৰি থকা সময়ত মাজে মাজে কিছুমান কথা ক'বলগীয়া হৈছিল। কেম্পৰ আচল মানুহজন অৰ্থাৎ ডাক্তৰ জন মিচিং মানুহৰ চেহেৰা থকাৰ বাবে তেখেতক মই মিচিঙতে কথা পাতিব বিচাৰিলোঁ।কিন্তু মই মিচিঙত ক'লে তেখেতে অসমীয়া ভাষাৰে সহাৰি দিয়ে। মোৰ কৌতুহ'ল সৃষ্টি হৈছিল, মানুহজন মিচিং হয়নে নহয় ? শেষত চাহ বিৰতি সময়ত মোৰ সন্দেহ দূৰ কৰিবলৈ উপাধিটো সুধিলোঁ। অৱশ্যে মোৰ ধাৰণা ভুল নাছিল। মানুহজন বৰ গহীনভাৱে নিজৰ উপাধিটো ক'লে। কিন্তু উক্ত দলত অহা নাৰ্চ গৰাকী শিশুসকলৰ লগত মিচিং ভাষাতেই পাতি আছে।পিছত মানুহজনৰ সন্মানত আঘাত পাব বুলি ভাবি মই আৰু আগনাবাঢ়িলোঁ। এইয়া দুটা মান উদাহৰণহে দিলোঁ। আমাৰ সমাজত এনেকুৱা মানুহৰ অভাৱ নাই যিসকলে মিচিঙত কথা পাতিলে নিজৰ মান নিম্ন হ'ব বুলি ভাৱে বা সন্মানত আঘাট পাব বুলি ভাৱে।যিসকলে মানুহ নিজকে ধনীবুলি ভাবে বা নিজক উচ্চ মনদণ্ডৰে জীয়া থকা বুলি ভাবে বা ঘৰৰ চুবুৰী অনামিচিং হয়, তেওঁলোকে মিচিং ভাষাত কথা পাতিবলৈ লাজ কৰে।আনকি নিজৰ পৰিয়ালৰ ভিতৰতো মিচিং ভাষাত কথা নাপাতে। ফলস্বৰূপে তেওঁলোকৰ সন্তানে মিচিং ভাষা ক'বলৈ নিশিকে।পিছত গৈ মিচিঙৰ জাতিয়বোধ হেৰুৱাই পেলাই। প্ৰায় ৯০% মিচিং মানুহ বসবাস কৰা জোনাই মাজুলী,চিলাপথাৰ, গোগামুখ আৰু ধেমাজীত যিসকল স্থায়ীভাৱে বাস কৰে তেওঁলোকল পৰিয়ালত প্ৰায় ৮০% মিচিং মানুহেই মিচিং ভাষা ঘৰত ব্যৱহাৰ নহয়। বিশেষকৈ জোনাই বজাৰৰ উত্তৰ-দক্ষিন,পূবে-পশ্চিমে প্ৰায় তিনি কি:মি দূৰত্বৰ ভিতৰ অঞ্চলত প্ৰায় ৯০% মিচিং মানুহ আছে। ইয়াৰ আশে-পাশে থকা মিচিং মানুহ , যিসকলে অলপ নিজক উন্নত বুলি ভাৱে তেওঁলোকে বেছিভাগেই ঘৰত বা পৰিয়ালৰ লগত মিচিং ভাষাটো ব্যৱহাৰ নকৰে।তেওঁলোকৰ ব্যৱহাৰ কৰা ভাষাৰ মাধ্যম মিচিং নহয়। জোনাইৰ দৰে মিচিংঅধ্যুষিত অঞ্চলত মিচিং ভাষাটো যদি ব্যৱহাৰ নহয় তেনেহ'লে মিচিং ভাষাটো কোনে ক'ব ? ইয়াৰ উপৰিও মিচিং মানুহ বাস কৰি থকা ঠাইত যদি তিনি আলি/চাৰি আলি থাকে, তাত যদি অলপ মানুহৰ সমাগম ঘন হয় তেনেহ'লে সেই ঠাইৰ মিচিং মানুহেও প্ৰায়ে মিচিং ভাষা নকয়। প্ৰশ্ন হয়, মিচিং মানুহ জীৱন ধাৰণৰ মান উন্নত হ'লে কিয় মিচিং ভাষাটো ক'ব নিবিচাৰে বা কাষত অনা মিচিং থাকিলে কিয় মিচিঙত কথা পাতিবলৈ লাজ কৰে ? জীৱন ধাৰণত মিচিং ভাষা ক'লে নিম্ন হয় নেকি ? যদি নহয় তেনেহ'লে মিচিং মানুহে কিয় নিজক উন্নত হোৱা বুলি ভাবিলে মিচিং কথা ক'ব নিবিচাৰে ? মোৰ এটা সাধাৰণ অনুসন্ধানত গম পোৱা মতে যি সকলে মিচিঙৰ কাণ্ডাৰী,নিজক মিচিঙৰ নায়ক,অভিভাৱক বুলি ভাবে তেওঁলোকেই নিজৰ ঘৰত বা পৰিয়ালত মিচিং ভাষাৰে কথা নাপাতে বা তেওঁলোকৰ সন্তানক মিচিং ভাষা ক'বলৈ উৎসাহিত নকৰে। আনকি মিচিং আগম কৌবাঙৰ গুৰুত্বপূৰ্ণ বিষয়-ববীয়াৰ সন্তানেও মিচিং ভাষা ক'ব নাজানে। তেওঁলোকৰ সন্তানে মিচিং ভাষাত কথা নাপাতে।সাম্প্ৰতিক সময়ত মিচিং সমাজৰ অভিভাৱক স্বৰূপ স্বনামধন্য লোক সকল চহৰত বাস কৰে। কিন্তু চহৰত থকা মিচিং সকল মিচিং ভাষাৰ প্ৰতি বৰ আগ্ৰহী নহয় ।এই অভিভাৱক সকলে উত্তৰাধিকাৰী সুত্ৰে কিয় ভাষাটো নিজৰ সন্তানক দি থৈ যাব নিবিচাৰে ? নে তেখেত সকলৰ সন্তানে মিচিং ভাষা ক'লে তেখেতসকলৰ জীৱনধাৰণৰ মানদণ্ডত আঘাট বা হানি কৰে নেকি ? মিচিং ভাষাতো প্ৰচলিত হয় গ্ৰাম্য অঞ্চলত আৰু গ্ৰাম্যাঞ্চলৰ লোকসকলো অৰ্থনৈতিকভাৱে উন্নতি হ'লে চহৰলৈ প্ৰৱবজন হয়।শেষত থাকি যায় প্ৰায় চঞ্চল মনৰ লোক সকলে। এটা জাতিৰ ভাষা এটা জীয়াই ৰখাত গাওঁৰ চঞ্চল মনৰ মানুহসকলৰ দ্বাৰা কিমান সাৰ্থক হ'ব ? ইয়াৰ ওপৰতহে এতিয়া নিৰ্ভৰ কৰিব মিচিং ভাষা জীয়াই থকাটো। তেনেহ'লে মিচিং ভাষা কোন দিশে গতি কৰিছে ? বুজিবলৈ বাকী নাথাকিল। সকলোৱে এবাৰ দ' কৈ ভাবি চোৱাৰ সময় সমাগত।
|
- Get link
- X
- Other Apps
নিজৰ ভাষাত কথা পাতিবলৈ লাজ কৰা তথাকথিত শিক্ষিত মিছিং মানুহেে অসমীয়া ভাষাত কথা কোৱাটো ভদ্ৰতাৰ পৰিচায়ক বুলি ভাবে৷ অথচ শুদ্ধ অসমীয়া উচ্চাৰণো কৰিব নাজানে৷ তাৰ ফলতেই ব্যৱহাৰৰ অভাৱত এদিন মিছিং ভাষাটো বিলুপ্তি হব৷ ইয়াৰ কাৰণে ভাষাৰ ধৰণী ধৰোতা আগম কৗবাঙৰো যথেষ্ট দোষ আছে৷
ReplyDeleteSe'mpine' agerro gerrenbone' takamlo:pe' ngok aine' asin ase'nge'm se'gli'kdung.Lenyar ti'ye'pe e'mna me':dung.
ReplyDelete