সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰিব পাৰিবনে কৰ'ণা ভাইৰাছে ? দেবানন্দ পেগু, জ'নাই
- Get link
- X
- Other Apps
সম্প্ৰতিক বিশ্বত আতংকিত ভাইৰাছ বিদেই হৈছে কৰ'ণা ভাইৰাছ ১৯।আমাৰ ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰতিৰোধ আৰু সতৰ্কতাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা অৱলম্বন কৰিছে। বিভিন্ন স্থানত মানুহৰ সমাগম বন্ধ কৰিবৰ বাবে নতুন নতুন নিৰ্দেশ জাৰি কৰি আছে। শিক্ষা প্ৰতিষ্ঠান, মদ-মন্দিৰ,গীৰ্জা, মজ্জিদৰ লগতে বিভিন্ন আধ্যাত্মিক দৰ্শনৰ স্থান সমুহ বন্ধ কৰি দিয়া হৈছে য'ত বিভিন্ন স্থানৰ পৰা আহি মানুহৰ ভিৰ হয়। ভয় আৰু আতংকত ঘৰতে সোমায় মানুহে সময়বোৰ পাৰ কৰিব লগা পৰিৱেশ সৃষ্টি হৈছে। এতিয়া আহোঁ আচল কথালৈ। মানুহে মানুহৰ পৰিত্ৰান বা মঙ্গলৰ বাবে ধৰ্মীয় স্থানসমুহ দৰ্শন কৰিবলৈ আহে। সু-স্বাস্থৰ কামনা বিচাৰি ভোকে-লঘুনে ভ্ৰত পালন কৰি মন্দিৰত গৈ ভগৱানক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। মন্দৰ, মজ্জিদ,গীৰ্জা আদিত প্ৰাৰ্থণা কৰে।বিভিন্ন ধৰ্মাৱলম্বীৰ লোক সকলে নিজৰ বিশ্বাসী ইশ্বৰজন আন ধৰ্মৰ ইশ্বৰ জনতকৈ শক্তিশালী বুলি প্ৰমান দিবলৈ যিমান পাৰে চেষ্টা কৰে। বৃহৎ পৰিমানৰ ধন ব্যয় কৰি মন্দিৰ, মজ্জিদ, গীৰ্জা আদি নিৰ্মান কৰে। ধনী-মানী ব্যক্তি সকলেও নিজৰ ক্ষমাতা দেখুৱাবৰ বাবে বৃহৎ পৰিমানৰ দান বৰঙনি আগবঢ়াই এই ধৰ্মীয় অনুষ্ঠানবোৰলৈ।সকলোৰে একেই কাম্য, যাতে সু-স্বাস্থৰ গৰাকী হ'ব পাৰে, ধনসম্পতি গৰাকী হ'ব পাৰে বা আত্মাই পৰিত্ৰাণ পায়। আৰু আমাৰ ভাৰতীয় সমাজত এই ধৰ্মীয় অনুষ্ঠানবোৰতে ৰোগৰ আৰোগ্য লাভৰ বাবে প্ৰাৰ্থণা কৰে। বেজ,জ্যোতিষ, পূজাৰীৰ ওচৰত জৰা-পোকা,তন্ত্ৰ-মন্ত্ৰ, তাবিজ আদিৰে বেমাৰৰ চিকিৎসা কৰে। ডাইনীৰ সন্দেহত মানুহক শাস্থি প্ৰদান কৰিছে ,আনকি নিৰ্মমভাৱে হত্যাকাণ্ডও সংঘটিত কৰিছে। সাম্প্ৰতিক, বিশ্বত কৰ'ণা ভাইৰাছৰ আতংকত মানুহৰ সমাগম ৰোধ কৰিবৰ বাবে ধৰ্মীয় অনুষ্ঠান সমুহ চৰকাৰে নিৰ্দেশ জাৰী কৰি বন্ধ কৰি দিয়া হৈছে। যদিহে এই ধৰ্মীয় অনষ্ঠান সমুহত ভগৱান বাস কৰে, যদি পূজাৰীয়ে মানুহৰ সু-স্বাস্থ বা ৰোগ আৰোগ্যৰ বাবে ভগৱানক সন্তুষ্ট কৰাব পাৰে,যদি জ্যোতিষ,বেজে তন্ত্ৰ-মন্ত্ৰৰ দ্বাৰা ৰোগ আৰোগ্য কৰিব পাৰে তেনেহ'লে আজিৰ এই কৰ'ণাৰ আতংকত কিমান জনক সুস্থ কৰিব পাৰিছে বা কিমানজনক পৰিত্ৰাণ দিব পাৰিছে ? মন্দিৰত পূজা কৰি,মজ্জিদ বা গীৰ্জাত প্ৰাৰ্থণা কৰি কৰ'ণা ভাইৰাছ আঁতৰ কৰিব পাৰিছে নে ? এতিয়া এই বিনাশৰ সময়ত প্ৰমান কৰি দেখুওৱাব পাৰিবনে মন্দিৰ, মজ্জিদ, গীৰ্জা, সত্ৰত প্ৰাৰ্থণাৰ দ্বাৰা বিজাণু নাশ কৰিব পাৰে ? বিজুণু নাশ কৰাটো বাদেই, এই স্থান সমুহৰ নিৰাপত্তাৰ বাবে চৰকাৰে বন্ধ ৰাখিবলৈ বাধ্য হৈছে। এই অনুষ্ঠানবোৰৰ পালক সকলে কিয় চৰকাৰক নিশ্চয়তা দিব নোৱাঁৰে, আমি নিজেই এই স্থানসমুহ নিৰাপত্তা দিম ? এই অনুষ্ঠানলৈ অহা মানুহক আমি নিৰা পত্তা দিম বুলি সাহসেৰে ক'ব পাৰিবনে ? বেজ, জ্যোতিষ সকলে যাদু-মন্ত্ৰৰ,তাবিজ, প্ৰাৰ্থণাৰে কৰ'ণা ভাইৰাজ ধংস কৰিব পাৰিবনে ? নোৱাৰে, কিয়নো নিজৰেই নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰি মন্দিৰ, মজ্জিদলৈ অহা মানুহৰ পৰা আঁতৰত থাকিবলৈ বাধ্য হৈছে। কিন্তু এই আতংকময় পৰিস্থিতিত মেডিকেল বা চিকিৎসালয় সকলে সাহসেৰে যুঁজ দি আছে, লাগিলে চৰকাৰীয়ে হ'ওক বা বে-চৰকাৰীয়েই হ'ওক।চিকিৎসা বিজ্ঞানৰ বাহিৰে কৰ'ণা ভাইৰাছ দূৰৰে কথা সাধাৰণ এটা ভাইৰাছ ধংস কৰাৰ সাধ্য যাদু-মন্ত্ৰ বা তাবিজ, প্ৰাৰ্থণাৰ নাই। বৰ্তমান কৰ'ণা ভাইৰাছৰ আতংকিত পৰিৱেশত চিকিৎসালয় বোৰৰ বাদে কোনো তন্ত্ৰ-মন্ত্ৰ বা প্ৰাৰ্থণাই কৰ'ণা ভাইৰাছ আক্ৰান্ত ৰোগিক সকাহ দিব নোৱাৰে বা ভাইৰাছৰ প্ৰতি যুঁজ দিব নোৱাঁৰে। অযতা মানুহে নিজৰ মঙ্গলৰ বাবে নিৰাপধি পহু-পক্ষী, জীৱ-জন্তু হত্যা কৰি বলি দি পূজা, সকাম পাতি আছে। নিজৰ পাপ মোচনৰ বাবে বলি দি পূজা কৰি পাপৰ ওপৰত পাপহে ঘটিছে, ইয়াৰ দ্বাৰা কোনেও পৰিত্ৰাণ নাপায় বা কোনোধৰণৰ ৰোগ আৰোগ্য নহয়।যদিও ভগৱান আছে, ভগৱানে কেতিয়াও জীৱৰ বদলি জীৱ নিবিচাৰে। সকলো জীৱকে সমান চকুৰে চাব।কোনোবাই অপৰাধ কৰি কোনোবা নিপৰাধি জীৱক ভগৱানৰ ওচৰত বদলি কৰি অনাটো কেনে অবান্তৰ কথা। গতিকে আমি আজি অন্ধবিশ্বাস কি বিশ্বাস কি, জানিবলৈ কোনো খেলি-মেলি নাথাকিল। শুদ্ধ ৰূপত পৰিস্কাৰ হ'ল যে যাদু, মন্ত্ৰ, মন্দিৰ, মজ্জিদ, গীৰ্জা আদি মানুহৰ পৰিত্ৰাণ বা ৰোগ আৰোগ্য কৰিব পৰাটো অন্ধ বিশ্বাস। কাজেই আমি মদ-মন্দিৰ, গীৰ্জা, মজ্জিদ আদিত অধিক ধন খৰচ কৰি নিৰ্মান কৰাতকৈ মেডিকেল বা চিকিৎসালয় নিৰ্মান কৰক।তন্ত্ৰ মন্ত্ৰ, প্ৰাৰ্থণা বোৰে যে মানুহক আৰোগ্য কৰিব নোৱাঁৰে।ধৰ্মীয় অনুষ্ঠানবোৰ মাথোঁ মানুহৰ মন পবিত্ৰ কৰি ৰখাৰ এক মাধ্যম।য'ত মানুুহ শান্তিৰ বাবে দৰ্শণৰ প্ৰয়োজন।কিন্তু তাকে নকৰি মানুহৰ বিভিন্ন ৰোগ বা দুখ যান্ত্ৰনা যাদু মন্ত্ৰ, জৰা পোকাৰ উপৰিও পূজাৰ বাবে পহুধন বলি দি জীৱই জীৱক হতা কৰে।এইবোৰ সকলো অন্ধবিশ্বাস,মানুহ সুস্থ হৈ থাকিবলৈ বা ৰোগৰ পৰা আৰোগ্য লাভ কৰিবলৈ চিকিৎসকৰ চিকিৎসাহে প্ৰয়োজন, সাৱধনতাৰ পয়োজন, পৰিস্কাৰ -পৰিচন্নতা তথা সুস্থ পৰিৱেশৰ প্ৰয়োজন।আমি কৰ'ণা ভাইৰাছৰ পৰা শিকোঁ আহক,অন্ধবিশ্বাস দূৰ কৰিবলৈ।
|
- Get link
- X
- Other Apps
Comments
Post a Comment