ভোক
মলিন কাপোৰ পিন্ধি হাতত মোনা লৈ প্ৰনৱলৈ চাই থকা ল'ৰাটোক দেখি পেলনীয়া বটলবোৰ বুটলিবলৈ ইংগিত দিলে। প্ৰনৱৰ ইংগিত পাই ল'ৰাটো হেঁপাহ পলুৱাই বুটলিলে আৰু মোনাত ভৰ্তি হ'ল।কালি হৈ যোৱা সভাখনৰ পেণ্ডেলটো খুলিবলৈ দি প্ৰনৱে ইটো-সিটো কৰা বুলি নিৰ্দেশ দি আছিল।পখিলা খেদা বয়সত এনেকৈ পেলনীয়া বটল বুটলি ফুৰা দেখি ল'ৰাটোক প্ৰনৱে সুধি গম পালে যে ল'ৰাটো দেউতা নাই আৰু মা'ৰ অসুখ। ল'ৰাটোৰ ওপৰতে নিৰ্ভৰ কৰে মাকৰ অসুখৰ বাবে প্ৰয়োজনীয় ঔষধ আৰু দুবেলা দুসাঁজ ভাত। চতুৰ্থ শ্ৰেণীত পঢ়ি স্কুল এৰা ল'ৰাটো মাৰ অসুখ আৰোগ্য হ'লে আকৌ স্কুল পঢ়াৰ ইচ্ছা ব্যক্ত কৰিলে প্ৰনৱক।
ল'ৰাটোৰ কথা শুনি প্ৰনৱৰ অন্তৰত বৰ আঘাট পালে।-"কালিৰ সভাখনত অনেক মানুহ আহিছিল, পেটত ভোক নথকা স্বতেও খাওঁ নাখাওঁ কৰি জুতি লগাকৈ এসাঁজ খালে।আধা খাই অৱশিষ্টখিনি পেলালে।কিন্তু ভোকৰ তাড়নাত বাটত গুৰি-ফুৰা শিশুসকলক কোনোবাই এসাঁজ ভাত দিবলৈ ভাবি চাইছেনে ? কোনে বাৰু আগবাঢ়ি আহিব দীনতাত ভুগি পেটৰ তাড়নাত পেলনীয়া বস্তু বুটলি ফুৰা শিশুবোৰ ?
ReplyForward |
Comments
Post a Comment