জন মানসত মাহী আইৰ ভুমিকা দেবানন্দ পেগু
অসমীয়া সমাজত আদিকালৰে পৰাই যুগ্ম জীৱনত কোনোবাজনে অকাল বিয়োগ হ'লে পুৰুষে হ'ওক মহিলাই হ'ওক বিধৱা হোৱাজনে পুনৰ বিৱাহ পাশত আৱদ্ধ হোৱাত কোনো বাধা নিষেধ নাই। সেই কাৰণে আদিকালৰে পৰাই বিধৱা সকলে পুনৰ বিয়া কৰাৰ উদাহৰণ আমাৰ পূৰ্ব পুৰুষ সকলৰো আছে। বিধৱা সকলে পুনৰ বিৱাহ কৰাৰ পাছত তেওঁলোকৰ আগৰ গৰাকীৰ যুগ্ম জীৱনত দুয়োখন হিয়াৰ মিলনৰ সাক্ষী হিচাপে ৰৈ যায় সতি-সন্ততি। এই সন্তান সকলক পো-পাল দিয়াত পুনৰ কৰা বিৱাহ পাত্ৰী গৰাকীক যাক আমি মাহী আই বুলি কওঁ, বহুতো ক্ষেত্ৰত দোষাৰূপ কৰা দেখা যায়।কিন্তু পুৰষৰ ক্ষেত্ৰত মহিলাসকলক কৰা বদ্নাম কৰাৰ দৰে মন্তব্য কৰা দেখা নাযায়। এতিয়া কথা হ'ল পুৰুষসকল দয়াশীল নেকি নে পুৰুষসকলক কু-মন্তব্য কৰিবলৈ সাহক নকৰে।
মোৰ চিন্তাধাৰাই ঢুকি পোৱামতে আমি যি ধৰণে মাহী আইক সতিনীৰ সন্তান সকলক শাস্থি দিয়া বুলি দোষাৰূপ কৰোঁ ইমান হৃদয়হীন নহ'বও পাৰে। কিছুমান ক্ষেত্ৰত অন্যান্য কাৰক জড়িত থকাৰ প্ৰমান পোৱা যায়।
প্ৰতিগৰাকী মহিলা, মাহী আই হ'লেও একে মনৰ গৰাকী নহয়।কিন্তু প্ৰতিগৰাকী মাহী আইকে একে দোষত দোষাৰূপ কৰা দেখা যায় কিয় ? আচলতে মাহী আই স্বৰূপে যি গৰাকী মহিলাই দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আহে তেওঁলোকৰ সতিনীৰ সন্তানৰ মনত মাহী আইৰ ধাৰণাটো সোমোৱাই দিয়া হয়। ওচৰ-চুবুৰীয়া বা পৰিয়ালৰ মানুহবোৰৰ মাজত সতিনীৰ সন্তান সকলৰ আগত মাহী মাকৰ বদ্নাম গাই শুনাই। উদাহৰণ স্বৰূপে কিছুমান মানুহে দেউতাকে দ্বিতীয় বিৱাহ কৰাৰ লগে লগে আগৰ গৰাকীৰ সন্তান সকলক " এতিয়াৰ পৰা তোমালোকৰ মাহী আইৰ কথা মতে চলিব লাগিব, সাৱধানে থাকিবা, অলপ কৰা ভুল হ'লেই তোমালোকক শাস্থি দিব, হয়তো বিনা দোষত দোষাৰূপ কৰি দেউতাকক লগাব" এন ধৰণৰ বুজনি দি মাহী মাকৰ প্ৰতি বেয়া ভাৱ এটা অন্তৰত সোমাই দিয়ে। ফলত মাহী আই সকলে কোনোমতেই সন্তান সকলক সন্তুষ্ট কৰাব নোৱাঁৰে। প্ৰতি জন পিতৃ-মাতৃয়ে নিজৰ সন্তানক অনুশাসনৰ নামত টান কথা শুনাই বা কম বেছি পৰিমানে শাস্থি দিয়ে। কিন্তু এই কামক বা কথাকে মাহী মাকৰ পৰা পালে বেয়া ভাৱ উপজে আৰু যুগাত্মক ভাৱে লব নোৱাৰে। কাৰণ মাহী মাকৰ বেয়া ব্যৱহাৰ বা ঋনাত্মক দিশটোৰ কাহিনিভাগ সি/তাই আগতে শুনা আছে বা কোনোবাই কয় থোৱা আছে। ইয়াৰ উপৰিও আমাৰ সমাজৰ মাহী আইৰ প্ৰতি ভুল ধাৰণাৰে আধাৰিত গল্প, নাটক ,চিনেমা ,উপন্যাস বা বিভিন্ন লেখাবোৰেও ইয়াত প্ৰভাৱ পৰে। যিহেতু প্ৰতিগৰাকী মাহীমাকৰ হৃদয় একে নহয়, হয়তো কিছুমান মাহী আই হৃদয়ৱান মহিলাও আছে, কিন্তু জন মানসত আজিলৈকে কোনো এগৰাকী মহিলা মাহী আই হিচাপে সুনাম আনিব পৰা নাই।
আমি যদি মাহী আই ৰূপী মহিলা গৰাকীক মানৱীয় দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চাওঁ , তাইৰ কোনোবাজনৰ আধৰুৱা জীৱনৰ অৰ্ধাঙ্গিনী হিচাপে খালী ঠাই পূৰ কৰিবলৈ কিমান যে অনিশ্চয়তা বহন কৰিবলৈ আহে। তাই জানো জীৱনৰ অৱশিষ্ট দিনবোৰ সুখ-শান্তিৰে জীয়াই থাকিবলৈ মন নাযায় ? তাই জানো ভাল মাতৃ হিচাপে দায়িত্ব পালন কৰিবলৈ মন নাযায় ? আমি মাহী আই সকলক কাৰোবাৰ বাই, ভনী হিচাপে কিয় ভাবি লব নোৱাৰো ?
আমি মাহী আইৰ ভুল ধাৰণা সমুহৰ পৰা মুক্ত হৈ তেওঁলোকক সম-মৰ্যদাৰে ব্যৱহাৰ কৰি সাধাৰণ জনমানসত মানৱীয় দৃষ্টিৰে চালে তেওঁলোকে কোনো আধাতে মাতৃ হেৰুৱা শিশুসকলৰ বাবে উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি থাকিব বা এই শিশুসকলৰ আদৰ্শ মাতৃ হৈ ৰব

Comments
Post a Comment