অসমীয়া আৰু মিচিঙৰ সংজ্ঞা দেবানন্দ পেগু

" মিচিং উন্নতি হ'লে অসমীয়া উন্নতি হ'ব,
অসমীয়া উন্নতি হ'লে মিচিং উন্নতি নহয়।"
      অসমত স্থায়ী বাবে  বসবাস কৰা সকলো জনগোষ্ঠীয়েই অসমীয়া।সেই ফালৰ পৰা চাবলৈ গ'লে অসমীয়া শব্দটো এক বহ'ল পৰিসৰত ব্যৱহাৰ  হয়। কিন্তু এই বহল শব্দটো ব্যৱহাৰ কৰা ব্যক্তিসকলে ইয়াক উচিত স্থানত ব্যৱহাৰ কৰিছেনে নাই এইয়াহে বিচাৰ্য বিষয়।
      এই সংজ্ঞাটোৰ মতে চাবলৈ গ'লে মিচিং সকল অসমীয়াই হয় আৰু অসমীয়া উন্নতি হ'লে মিচিং সকলো উন্নতি হব লাগে। মিচিং সকল বৰ উদাৰ,এইয়েহে মিচিং সকলে সেইদৰেই ভাবে, " অসম উন্নতি হলে মিচিং সকলো উন্নতি হব।" কিন্তু বৰ্তমান প্ৰেক্ষাপটত এই কথা ওলোটাকৈহে প্ৰতিফলিত হোৱা দেখা যায়। কিয়নো মিচিং মানুহবোৰে অসমীয়া হিচাপে কি কৰা নাই ? অসমীয়াৰ প্ৰতিটো উৎসৱ, ধৰ্ম,কৰ্ম, ভাষা ৰক্ষাৰ ক্ষেত্ৰতে হ'ওক কোনটোত মিচিং সকলৰ অৱদান নাই ? বিহুৱে হওক বা পূজাই হ'ওক মিচিং সকল পালন কৰাত আগৰণোৱা । কোনো এটা উৎসৱ পাৰ্বণ বাদ নিদিয়া  মিচিং জাতিটোৰ উন্নতিৰ কথা কোনোবা অনা মিচিং মানুহে ভাবে জানো ? মিচিং সকল উন্নতি হ'লে অসমীয়া উন্নতি হ'ব বুলি কোনোবাই ভাবেনে ?
       মিচিং সকলে ভাবে, আমি অসমত আছো বাবে আমি অসমীয়া। সেয়ে আমি অসমীয়াৰ উন্নতিৰ বাবে সকলো কামেই কৰোঁ।অৱশ্যে, মিচিং সন্তানে অসমৰ হৈ  সুখ্যাতি অৰ্জণ কৰিলে অসম সন্তান।অসম সংকটৰ সময়ত অসমত থকা সকলো অসমীয়া, আমি ভাই ভাই কিন্তু অসম সন্তান হিচাপে পিছৰ প্ৰৰ্যায়ত আগবঢ়াই নিবলৈ পদক্ষেপ গ্ৰহন কৰেনে ? অসমীয়া হিচাপে অসমৰ পৰা পাব লগা সাহাৰ্য পোৱাৰ ক্ষেত্ৰত অসম সন্তান বুলি কোৱা জনে দাবী কৰেনে ?
     সেইয়ে মোৰ ঠেক মনে বাৰে বাৰে কয়,আমি মিচিং সকলে প্ৰথমে নিজৰ জাতিটোৰ উন্নতিৰ কথা চিন্তা কৰক, তাৰ পিছতহে আমি অসমীয়া বা ভাৰতীয় হোৱা উচিত । মিচিং উন্নতি হ'লে অসমীয়া উন্নতি হ'ব কিন্তু অসমীয়া উন্নতি  হ'লে মিচিং উন্নতি নহয়।মিচিং সকলে সেই কথা অপ্ৰিয় হ'লেও জানি থোৱা ভাল। সেইয়ে মই সকলো সুধীগন, জেষ্ঠ, কনিষ্ঠ, বুদ্ধিজীৱি সকলোকে অনুৰুধ জনাওঁ, আপোনালোকে মিচিঙৰ পৰা অসমীয়া হ'ওক বা ভাৰতীয় হ'ওক। 
          মিচিঙৰ বহুত সম্পদ আছে। শিক্ষিত লোকৰ অভাৱ নাই,খেতি পথাৰৰ অভাৱ নাই,ধনী মানুহৰো অভাৱ নাই। মাথোঁ অভাৱ আছে নিস্বাৰ্থভাৱে জাতিটো ভাল পোৱা মানুহৰ। জাতিটোৰ বাবে ত্যাগ কৰা মানুহৰ।এই সম্পদ সমুহ মিচিঙৰ উন্নতিৰ বাবে ব্যৱহাৰ  কৰক। আমি মিচিং নহয় অসমীয়া হ'ব বিচাৰিলেও আমাক অসমীয়া হ'ব  নিদিয়ে। অসমীয়া বুলি নিজকে ভবা জনগোষ্ঠী সকলে সদায় আমাক পৃথক চকুৰে চায়। যি জনগোষ্ঠীৰ অসমীয়াৰ বাহিৰেও নিজৰ ভাষা, কৃষ্টি-সংস্কৃতি আছে এই জনগোষ্ঠীসমুহক সুকীয়া হিচাপে বিচাৰ কৰে।যিকোনো কামতে অৱজ্ঞা কৰে।মিচিঙে নিজৰ বাবে আন্দোলন কৰিলে অন্য কিছুমান জনগোষ্ঠীয়ে বিধি-পথালি দিয়ে,কিন্তু কিয় ? মিচিং সকল আমাৰে জাতি ভাই বুলি কিয় নাভাবে ? আমাৰ  বহুতে ভুক্ত-ভুগি কিন্তু অধিক সংখ্যক নেতৃত্বৰ দায়িত্বত থকা ব্যক্তি সকলে আৰু মিচিঙৰ বিশিষ্ট ব্যক্তি সকলে নিজৰ স্বাৰ্থ সিদ্ধি হয়ে বা বুলি মেকুৰীৰ দৰে মিউ মিউ কৰি শৰণাপন্ন হয় বাবে আমাক নীচ জাতি বুলি ভাবিবলৈ সুবিধা পাইছে।মিচিং নাথাকিলে আমিও নাথাকিম বুলি যি দিনালৈকে বুকু ফুলাই কব নোৱাৰে, তেতিয়ালৈ আমি আমাৰ সুবিধাৰ পৰা বঞ্চিত হৈয়ে থাকিম। গতিকে আহক আমি অসমৰ উচ্চ বৰ্ণৰ বুলি নিজকে ভৱা ব্যক্তিসকলৰ প্ৰলোভনৰ পৰা  মুক্ত হৈ নিজৰ জাতিৰ বাবে আন্দোলন কৰোঁ। MISING RE'NGAM I'RROI.

Comments

Popular posts from this blog

Jili: dítag angngo annyiné lennamdok mé:tom kosag

JILI: dítag angngo,aumné lennam

মিচিং ভাষা কোৱা মানুহৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নমান হয় নেকি ? দেবানন্দ পেগু