এই লেখাটো সম্পুৰ্ণ মোৰ অভিজ্ঞতাৰে লিখিছোঁ। অন্য কোনো উৎস নাই। ভুল হ'লে শুধৰাই দিব বুলি প্ৰাৰ্থনা জনালোঁ।) মিচিং সমাজত কেৱলীয়া ধৰ্ম শুদ্ধিকৰণ নহয় কিয় ? দেবানন্দ পেগু, জ'নাই
- Get link
- X
- Other Apps
হিন্দু ধৰ্মৰে আন এক বিজতৰীয়া ধৰ্ম হৈছে কেৱলীয়া ধৰ্ম। শংকৰ দেৱৰ বৈঞ্চৱ ধৰ্ম প্ৰচাৰৰ প্ৰভাৱত কেৱলীয়া ধৰ্মও জন্ম হোৱা বুলি অনুমান কৰিব পাৰি। শুনামতে বৈঞ্চৱ ধৰ্ম প্ৰচাৰৰ সময়ত মিচিং সকলৰ খাদ্যাভাসৰ প্ৰতি লক্ষ্য ৰাখি শংকৰদেৱৰ শিষ্যসকলে মাছ-মাংস আৰু আপঙৰ পৰা সকাম বা পূজা কৰিব পৰাকৈ কেৱলীয়া ধৰ্মৰে দীক্ষিত কৰাইছিল । মিচিং সকলে অৰণ্য, হাবিয়ে-বননিয়ে ঘুৰি ফুৰোঁতে জীৱ-জন্তু চিকাৰ কৰি মাংস খোৱাৰ অভ্যাস গঢ়ি তুলিছিল ।মাছ-মাংসৰ আৰু আপঙৰ অবিহনে যিকোনো পূজা-পাতল বা সকাম-নিকাম কৰাবলৈ সম্ভৱ নহ'ব বুলি ভাবিছিল। সেই সুযোগ -সুবিধালৈ চায় বৈঞ্চৱ ধৰ্মৰ প্ৰচাৰ কৰা গুৰুসকলে কেৱলীয়া ধৰ্মৰ নাম দি মিচিং আৰু নিৰ্দিষ্ট কেইটামান সম্প্ৰদায়ৰ ভিতৰত মাছ- মাংসৰে বলী দি সকাম-নিকাম কৰিব পৰা ব্যৱস্থা কৰিলে। আদিতে মিচিং সকল হিন্দু বা কেৱলীয়া, কোনো ধৰ্ম আছিল বুলি কোনেও সঠিককৈ ক'ব নোৱাৰে ।মিচিঙৰ কোনো নিৰ্দিষ্ট ধৰ্ম থকা ক'তো পোৱা নাযায় যদিও চন্দ্ৰ, সূৰ্যক পূজা কৰাৰ বাবে হিন্দু ধৰ্মৰ কেৱলীয়া নীতি-নিয়মৰ প্ৰতি সহজে আকৃষ্ট হোৱাটো কোনো অসম্ভৱ কথা নাছিল।আদিতে প্ৰায় সকলো ধৰ্মৰ লোকে অন্ধবিশ্বাসত বিশ্বাস কৰিছিল। মিচিং সকলো ইয়াৰ পৰা বাদ পৰা নাছিল।মিচিং সমাজত পূজা হিচাপে দবুৰ পূজাহে কৰা বুলি জনমানসত প্ৰচলিত হৈ আহিছে।গতিকে দবুৰ পূজাৰ বাহিৰে আন পূজা কৰা বুলি আমি বিশ্বাস কৰাৰ থল নাই। কিন্তু বৈঞ্চৱ ধৰ্ম প্ৰচাৰৰ সময়ত বলি প্ৰথাৰে সকাম-নিকাম কৰিবলৈ হিন্দু ধৰ্মৰে কেৱলীয়া বুলি এটা শাখা সৃষ্টি কৰিছিল,অন্ধ বিশ্বাস, মাছ-মাংস, আপঙৰ প্ৰতি লোভ থকা মিচিং মানুহবোৰ সহজে কেৱলীয়া ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ সত্ৰৰ গোসাঁই সকলৰ চৰণত শৰণ-ভজন লৈ কেৱলীয়া নীতি-নিয়মেৰে সকাম কৰিব পৰা কেৱলীয়া ভকতৰ যোগ্যতা অৰ্জন কৰে। মিচিং সমাজত মানুহবোৰ বৰ সহজ-সৰল আৰু হোজা আছিল। জ্ঞানৰ পোহৰ নোপোৱা মিচিং সকলৰ হোজা ব্যক্তিসকলক কেৱলীয়া ভকত হিচাপে দীক্ষিত কৰাইছিল। এই কেৱলীয়া ভকত সকলে গোসাঁই সকলক গুৰুজ্ঞান কৰাৰ লগতে ভগৱানৰ তুল্য বুলি ভাবিছিল। সত্ৰৰ গোসাঁই সকল ইমানে চতুৰ আছিল যে মিচিং সকলক প্ৰতিটো ক্ষেত্ৰতে মূৰডাঙিব নোৱাৰাকৈ ভৰিৰে মোহাৰি ৰাখিছিল। ইয়াৰ ফল স্বৰূপে মিচিং মানুহৰ প্ৰতিটো ঘৰত বা নামঘৰত য'তেই সকাম পাতে ,তেৰাসকললৈ এটা শকত পৰিমানৰ অংশৰ পুঁজি জমা ৰাখি দিবলৈ বাধ্য কৰাইছিল। যিসকলে গোসাঁইৰ প্ৰতি অসন্মান নকৰে বা বৰঙনি গোটাই সময়ত জমা নিদিয়ে তেওঁলোকে জীৱনত উন্নতি কেতিয়াও হ'ব নোৱাৰে বুলি ভাবুকি দিছিল বা গোসাঁই সকলৰ অনুশাসন ভংগ কৰা ভকত বা ভক্তসকল শাস্থি হিচাপে তেৰাসকলৰ আগমনৰ সময়ত প্ৰৱেশত অনুমতি দিয়া নাছিল। এইয়েহে ভকত সকলে সকাম -নিকামত সংগ্ৰহ কৰা ধন-বা মুল্যৱান সামগ্ৰি সমূহ গোসাঁইলৈ জমা ৰাখি এটা সময়ত সহ-সন্মানে চমজি দিছিল।গোঁসাই সকলে তেওঁলোকৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি সকাম, পূজা, শুচি, দদ্গাং আদিত দান-বৰঙনি গৃহস্থৰ পৰা দাবী কৰাটো নিয়মত পৰিণত কৰিলে। এই নিয়মকে শৰণাগত কৰি কেৱল ভকত সকলে পালন কৰিবলৈ সংকল্পবদ্ধ হ'ল। লাহে লাহে মিচিং সমাজ সভ্যতাৰ জখলাত আগবাঢ়ি আহিল, শিক্ষিত মানুহৰ সংখ্যা বাঢ়িল। গোঁসাই সকলৰ কাৰ্যৰ প্ৰতি অসন্তুষ্টি হৈ যুক্তিসহকাৰে গোঁসাই সকলক শোষণৰ বিৰুদ্ধে মাত মাতিলে। পিছলৈ লাহে লাহে গম পোৱা হ'ল যে মিচিং মানুহক ঠগিব নোৱাঁৰিব।সেইয়ে যিসকল অশিক্ষিত বা নিৰক্ষৰ, এইসকলক উচতনিমুলক কথাৰে ধৰ্মীয় গৌৰামী কৰি তুলিলে আৰু সেই সকলৰ উত্তৰাধিকাৰী সূত্ৰে মিচিঙৰ পৰম্পৰাগতভাৱে অৰ্ধশিক্ষিত বা নিৰক্ষৰ সকলে আজিলৈকে কেৱলীয়া নীতি-নিয়ম ৰক্ষা কৰি আছে। কেৱলীয়া ধৰ্মৰ প্ৰতি থকা অন্ধবিশ্বাস আৰু বলি বিধান প্ৰথাৰে কৰা সকাম বা পূজা শিক্ষিত লোকসকলে মানি লব নুখোজে কিন্তু ইয়াৰ মুকলিকৈ প্ৰতিবাদ বা সংস্কাৰৰ বাবে আগবাঢ়ি নাহে।মিচিং মানুহৰ শিক্ষিত লোকসকলে কেৱলীয়া ভকত হিচাপে শৰণ-ভজন নকৰাৰ বাবে নীয়ম-নীতিবোৰ শুদ্ধিকৰণ কৰাৰ বাবে আগ্ৰহী নহয়। কাৰণ যিসকল ভকতে কেৱলীয়া নিয়ম-নীতিৰে দীক্ষিত হৈ আছে তেওঁলৈকে যুক্তি-যুক্ততাৰে সংস্কাৰ কৰিব পৰাকৈ জ্ঞান নাই। অনিচ্ছা স্বতেও বৰ্তমানৰ পৰিস্থিতিটো আমাৰ সমাজত কেৱলীয়া পদ্ধতিৰে নীতি -নিয়মবোৰ কৰি আছে। এতিয়া আহো আচল কথালৈ। মিচিং সমাজত কেৱলীয়া ধৰ্ম সংস্কাৰ নহয় কিয় ? মিচিং সমাজত কেৱলীয়া ধৰ্ম সংস্কাৰ নোহোৱাৰ মূল কাৰণ হৈছে শিক্ষিত লোক সকলে এই ধৰ্মত শৰণ-ভজন নকৰা। অৰ্ধ শিক্ষিত বা নিৰক্ষৰ সকলে এই ধৰ্ম ৰক্ষা কৰি থকাৰ বাবে আদিতে সত্ৰৰ গোসাঁই সকলে যি মতে অন্ধ বিশ্বাস তেওঁলোকৰ মনত সোমাই দিছিল , সেইমতে চলি আছে। সময় পৰিবৰ্তনৰ লগে লগে আন সমাজত ধৰ্মসমুহ সময়ৰ লগত সংগতি ৰাখি সংস্কাৰ কৰিলে কিন্তু কেৱলীয়া নীতি-নিয়মহে সংস্কাৰ নহ'ল।ভকতসকলে নামঘৰত দৈনিক চাফ-চিকুণ নকৰা, ধৰ্মৰ কথা ভকতৰ বাহিৰে আনে শুনিব নাপায়, গীতা-ভাগৱত সমাজৰ আগত প্ৰচাৰ নকৰা,ভকতক প্ৰশ্ন কৰিলে খং উঠা, অত্যাধিক দান-বৰঙনি সকাম আয়োজন কৰা ,গৃহস্থৰ পৰা ধন দাবী কৰা, গাহৰি, কুকুৰা অত্যাধিক পৰিমানত বলি দিয়া, সকামত সৰহ পৰিমানৰ আপঙৰ ব্যৱহাৰ আৰু অভিজ্ঞ ব্যক্তিৰে ধৰ্মৰ বিষয়ে আলোচনা নকৰা আদি হৈছে বৰ্তমান মিচিং সমাজৰ কেৱলীয়া ধৰ্মৰ বৈশিষ্ট। এই অন্ধবিশ্বাসেৰে ভৰা কেৱলীয়া ধৰ্ম শিক্ষিত লোক সকলে মনে-প্ৰাণে নিবিচাৰে কিন্তু নিজে শৰণ-ভজন লৈ সংস্কাৰৰ বাবে আগবাঢ়ি নাহে। কেৱলীয়া ধৰ্মটো আঁসোৱা পূৰ্ণ 'হ'লে কিয় শিক্ষিত সকলে যুক্তি-যুক্ততাৰে সংস্কাৰৰ বাবে আগবাঢ়ি নাহে। অশিক্ষিত সকলে পৰিবৰ্তনৰ বাবে নিজক প্ৰস্তুত হ'ব নোৱাৰে কিন্তু যিসকলে শিক্ষিত, তেওঁলোকে ইচ্ছা কৰিলে সময়ক সলনি কৰিব পাৰে। কাজেই মিচিং সমাজৰ সুধীসকল, যুৱক-যুৱতী সকল, গুণী-জ্ঞানীসকল, সমাজ সচেতক সকল আমি যদি কেৱলীয়া ধৰ্ম এৰিব নোৱাৰোঁ তেনেহ'লে শিক্ষিত, সমাজসচেতক সকল ওলাই আহ'ক, আগবাঢ়ক কেৱলীয়া ধৰ্মত দীক্ষিত হৈ নীতি-নিয়মবোৰ সংস্কাৰ কৰোঁ। আমি বৰ্তমানৰ লগত সংগতি ৰাখি নতুন পদ্ধতিৰে, বৈজ্ঞানিক চিন্তা ধাৰাৰে কেৱলীয়া সকামৰ নীতি-নিয়মবোৰ কৰিব পৰাকৈ সংস্কাৰ কৰোঁ। নহ'লে আন সমাজৰ হাঁহিয়তৰ পাত্ৰ হ'ব। ইয়াৰ লগতে অন্য সমাজতকৈ বহুতো ক্ষেত্ৰত পিছ পৰি ৰ'ব।
|
- Get link
- X
- Other Apps



Comments
Post a Comment