বিশ্বাসঘাতকতা

বিশ্বাসঘাতক

             দেবানন্দ পেগু

তোমাক মই বিশ্বাস কৰিছিলো বাবেই
মোক বিশ্বাঘাতকতা কৰিলা
এইয়া তোমাৰ চতুৰতা নহয়
মোৰ সৰলতা
মোৰ সৰলতাক যদি দুৰ্বল বুলি ভাবিছা
এইয়া সম্পূৰ্ণ ভুল কৰিছা
মন গ'লে মই উৰি থকা চৰাইৰ ডৌকা কাটিব পাৰোঁ
মই নিৰ্লজ নহওঁ বাবেই মনে মনে থাকিলোঁ।

কোনোবাজনক দুখ দিব পৰাকৈ কঠিন হৃদয় এখন নাথাকিলেও
মিলি থাকিব পৰাকৈ কোমল হৃদয়খন আছে।
কোনোবাজনৰ দুৰ্বলতাৰ সুযোগ লৈ লাভৰ অংক কৰা
পাটিগণিতৰ আয়ুস চুটি
আনৰ দুখত চকলোঁ টুকিব পৰাজনহে
মানৱতাৰ  গান গাব পাৰি।

মাজনিশা নিউ নিউ কৰা ফেঁচাই জানে
তোমাৰ মন শিল হোৱাৰ কথা
শিলৰো এখন সমাজ আছে
য'ত-
জোনাক নিশা নিৰৱে ফুল ফুলে।

Comments

Popular posts from this blog

JILI: dítag angngo,aumné lennam

JILI: angngo dítaglok aumné lennam

Jili: dítag angngo annyiné lennamdok mé:tom kosag