মিচিং সমাজত ৰাজহুৱা ভোজন কক্ষত,খাদ্য বিতৰণ ব্যৱস্থাৰ আসোঁৱা দেবানন্দ পেগু , জ'নাই
এষাৰ কথা আছে," পৃথিৱীৰ প্ৰায় প্ৰতিজন মানুহেই ধন-সম্পতি ঘটে কিন্তু সঞ্চয় হ'লে অতি কম সংখ্যকেহে কৰে। যিজনে সঞ্চয় কৰে তাৰ হাততে লখিমী থাকে।"
আমাৰ মিচিং সকলেও উপাৰ্জনৰ ক্ষেত্ৰত অন্য সমাজতকৈ কোনো গুণেই কম নহয় কিন্তু বিতৰণ ব্যৱস্থা আৰু খৰছৰ মিতব্যয়ৰ অভাৱৰ বাবে উপাৰ্জন কৰিও প্ৰয়োজনৰ সময়ত আনৰ পৰা অধিক সুতত বা মুল্যৱান সম্পতি বিক্ৰী কৰি সকাম-নিকাম বা দদ্গাঙৰ দৰে কৃত কৰ্মবোৰ কৰিব লগা হয়। অলেখ পৰিমানৰ ধন-সম্পতি খৰছ কৰি কাৰ্য্যটো কৰা পাছটো অনুষ্ঠানটোলৈ অহা অতিথিয়ে কৃতজ্ঞতা প্ৰকাশ নকৰে, বৰঞ্চ যাবৰ সময়ত ফেংলাই কৰি গুচি যায় ।
আমাৰ সমাজত উৎসৱ, সকাম বা দদ্গাং বছৰমাৰি চলিয়েই থাকে। আন সমাজতকৈ আমাৰ সমাজত অধিক সংখ্যক উৎসৱ উদ্যাপন কৰে।অত্যধিক মাত্ৰাত খৰছ কৰি খাদ্যৰো ব্যৱস্থা কৰে। আমাৰ সমাজত উৎসৱ বা মাংগলিক অনুষ্ঠানত আপং, আদিন আৰু ভাতৰ নামত বহু পৰিমানৰ চাউল আৰু পহুধন গৃহস্থই যোগান ধৰে কিন্তু অনুষ্ঠানলৈ অহা প্ৰায়ভাগেই উচিত পৰিমানে খাবলৈ নাপালোঁ বুলি কোৱা অভিযোগ শুনিবলৈ পোৱা যায়। পোৱাই ফাচি ভৰাই পায় নোপোৱাই শুদা ভাত খাই গুচি যায়। দদ্গাং খনৰ বাবে গৃহস্থই যোগান ধৰা আপং আৰু মাংসবোৰ কলৈ যায় ?
দদ্গাং বা যিকোনো মাংগলিক কাৰ্য এটা পাতিবৰ বাবে প্ৰায় এমাহৰ আগৰ পৰাই দুই-তিনি কুইণ্টেল চাউলেৰে আপং বনাই।এখন দদ্গাঙৰ বাবে চাৰি পাঁচটাৰ পৰা পোন্ধৰ ষোল্লটালৈ গাহৰি মাৰে। গাহৰিৰ উপৰিও কুকুৰা আৰু অন্যান্য পহুধন ও বধ কৰে।প্ৰায় পঞ্চাশৰ পৰা আশী নব্বৈ কে জি গাহৰি মাৰি অনুষ্ঠানলৈ অহা প্ৰতিজন মানুহক দুই তিনি টুকুৰা মাংস খোৱাব নোৱাৰা অৱস্থা হয়।
এটা গাহৰিৰ ওজন অতি কম হ'লেও পঞ্চাশ কেজিৰ ওপৰ হয়। পঞ্চাশ কেজি ওজনৰ পাঁচটা গাহৰিৰ মাংসৰ ২৫০কেজি হয়। অনুষ্ঠানটোলৈ অহা প্ৰায় এহেজাৰ জনক ২৫০ গ্ৰামকৈ মাংস ভাগত দিব পাৰিব লাগে । দেখিবলৈ পোৱা যায় যে দদ্গাঙেই হ'ওক অন্য অনুষ্ঠানেই হ'ওক গৃহস্থই বা সমিতিয়ে যি পৰিমানে খাদ্যৰ ব্যৱস্থা কৰে সেই অনুপাতে ভাগত পোৱাটো বাদেই সামন্য এটুকুৰা মাংস বা এবাটি আপং নোপোৱাৰ বাবে গৃস্থক বাটত বদনাম গাই গাই গুচি যোৱা দেখা যায়। তেনেহ'লে ইমান পৰিমানে যোগান ধৰা মাছ-মাংস বা দুই তিনি কুইণ্টেল চাউলেৰে বনোৱা আপংবোৰ ক'লৈ ৰপ্তানি কৰে ? কোনে সজম কৰে বা কোনে বাজেয়াপ্ত কৰে ? কিয় অনুষ্ঠানটোলৈ অহা অতিথি সকলক নিম্নতম পৰিমানেও খাদ্য ভাগত পোৱাকৈ বিতৰণ কৰিব নোৱাৰে ? উদৰ পূৰাই নহ'লেও ভোগ গুচাব পৰাকৈ আহাৰ যোগান ধৰিব পাৰিব লাগিছিল। দদ্গাঙেই হ'ওক বা অইন মাংগলিক অনুষ্ঠানেই হ'ওক অনুষ্ঠান চলি থকা সময়ত গৃহস্থৰ মানুহে আলহীক অপ্যায়ন কৰিবলৈ সময় নাপায়। মাংগলিক কাৰ্যত ব্যস্ত থকাৰ বাবে এক সপ্তাহৰ আগতে ৰাইজক সমিতি গঠন কৰি ভোজন কক্ষৰ দায়িত্বভাৰ চমজি দিয়ে। সেই দিন ধৰি অনুস্থানৰ সন্দৰ্বত অহা অতিথিক অপ্যায়ন কৰে এই সমিতিখনে। তেনেক্ষেত্ৰত অনুস্থানলৈ অহা অতিথিক নিম্নতম আহাৰ যোগান ধৰাটো সমিতিৰ দায়িত্ব হয়।গতিকে বিতৰণৰ ক্ষেত্ৰত আসোঁৱা এই সমিতিখনৰে নহয় জানো? বিতৰণ কাৰ্য্যৰ বিশৃংখলতা, অদক্ষতা, বিতৰণ ব্যৱস্থাৰ আসোঁৱাৰ বাবে সমানভাৱে অতিথিক বিতৰণ নকৰে। খাদ্য প্ৰস্তুত বিভাগ, আপং চাকনি, মাংস কাটোৱাল সকলে মিলি,গোপন স্থানলৈ ৰপ্তানি কৰি কেতিয়াবা খাদ্যৰ নাটনি সৃষ্টি কৰে।
বাঃনে কৌবাঙে বিভিন্ন নীতি নিয়মেৰে দদ্গাং বা অন্যান্য অনুষ্ঠানৰ খৰচ কমাবলৈ প্ৰয়াস কৰিছে হয় কিন্তু অনুষ্ঠানখন চলি থকা সময়ত খাদ্যৰ বিতৰণ ব্যৱস্থাৰ আসোঁৱা দূৰ কৰাৰ কথা ভবাৰহে প্ৰয়োজন অধিক। আমাৰ আচল দোষটো আছে খাদ্যৰ বিতৰণ ব্যৱস্থাত। আপং আৰু মাংসৰ উচিত স্থানত ব্যৱহাৰ নকৰিলে হাতী এটা মাৰিলেও অতিথিক যোৰাব নোৱাঁৰে। আমি যদি বিতৰণ ব্যৱস্থা সঠিকভাৱে অতিথিক শৃংখলিত কৰি কৰোঁ তেনেহ'লে অনুষ্ঠানটো হাজাৰ মানুহ আহিলেও পাঁচ ছয়টা গাহৰিৰ প্ৰয়োজন নহয় আৰু দুই তিনি কুইণ্টেল চাউলৰ আপংও প্ৰয়োজন নহয়। পঞ্চাশ কেজি ওজনৰ গাহৰিত প্ৰতিজনক ৫০গ্ৰামকৈ মাংস দিলেও ৫০০জনক দিব পৰা যাব আৰু পাঁচ কেজি চাউলৰ আপং ১০০ জন অতিথিক দিব পাৰিব। তেনেহ'লে ইমান সৰহ পৰিমানৰ আপং আৰু গাহৰিয়ে অতিথিক সমান ভাবে যোগান ধৰিব নোৱাঁৰা কাৰণ থাকিব নোৱাঁৰে।
মোৰ অভিজ্ঞতাই ঢুকি পোৱামতে মই যিমানবোৰ দদগাং বা ৰাজহুৱা খাদ্য ব্যৱস্থা থকা অনুষ্ঠান দেখিছোঁ,(ইয়াৰ ভিতৰত আলিঃ আঃয়ে লৃগাং,দদ্গাং,মিদাং,ওৰম আপিন) খাদ্য আৰু আপং বিতৰণৰ দায়িত্বত থকা মানুহবোৰ দায়িত্ববোধতকৈ নিজৰ আত্মীয় স্বজন-প্ৰীতি মনোভাৱৰ বাবে কিছুমানক বঞ্চিত কৰে। একেখন অনুষ্ঠানতে কিছুমানে উদৰ পূৰাই খাবলৈ পায় আকৌ কিছুমানে খুদকণো নাপায়। ইয়াৰ উপৰিও খাদ্য আৰু আপং বিভাগৰ দায়িত্বত থকা সকলে মাংস খাটোৱাল সকলৰ লগত মিলা-মিছা কৰি মাংস আৰু আপং বাজেপ্ত কৰি কোনোবা অজ্ঞাত স্থানলৈ ৰপ্তানি কৰে আৰু ওচৰৰ কোনোবা গোপনীয় ঠাইত ভাগ বিতৰণ কৰে ।
সেইয়ে মই ভাবোঁ আমাৰ সমাজত যেতিয়ালৈকে খাদ্যৰ শৃংখলিত বাবে বিতৰণৰ সজাগতা সৃষ্টি নকৰে তেতিয়ালৈকে অনুষ্ঠানবোৰত খৰছ পৰিমান কমাব নোৱাঁৰে। আমি অন্যান্য নীতি নিয়মেৰে খৰছ কমোৱাতকৈ শৃংখলিত খাদ্য সমবিতৰণৰ বাবে মানসিকতা গঢ়ি তুলিব লাগিব। আমি স্বজন প্ৰীতিমুলক মানসিকতা দূৰ কৰি অনুষ্ঠানলৈ অহা সকলোকে সমান চকুৰে চাব পৰা হ'ব লাগিব।খাদ্য বিতৰণত কৃপণালী কৰিব নালাগিব আৰু যিসকল খাদ্য সম্ভাৰ আৰু বিতৰণৰ দায়িত্বত থাকে তেওঁলোকৰ মানসিকতাও ঘৰখনৰ প্ৰতি আন্তৰিকতা থাকিব লাগিব আৰু অনুষ্ঠানলৈ অহা সকলো অতিথিক মানৱীয়তাৰ দৃষ্টিৰে চাব লাগিব। নিজেও উদৰ পূৰাই খাওক, খাই যোগান ধৰা আপং আৰু মাংসৰ নাটনি নহয় যদিহে টোপোলা কৰি বাহিৰলৈ পঠিয়াই অপচয় নকৰে। যিসকলে গৃহস্থক সঁচাকৈ সহায় কৰাৰ মানসিকতা থাকে বা ঘৰখনৰ প্ৰতি আন্তৰিকতা থাকে তেনে ব্যক্তিয়ে ঘৰখনলৈ দুখত পদধূলা দিবলৈ অহা মানুহসকলকো আন্তৰিকতাৰে অতিথি অপ্যায়ন কৰিব।অনুষ্ঠান আয়োজন কৰা গৃহস্থৰ হৈ আন্তৰিকতাৰে কাম কৰিলেহে খৰছৰ পৰিমান কমাব পাৰিব, নহ'লে যিমানেই যোগান ধৰক বা নীতি নিয়ম প্ৰৱৰ্তন কৰক শৃংখলিত সমবিতৰণৰ অবিহনে খৰছৰ মাত্ৰা কমাব নোৱাঁৰিব।
Comments
Post a Comment