মোৰ ভুল হৈছিল দেবানন্দ পেগু
- Get link
- X
- Other Apps
"শয্যাত ভুগি থকা পিতাই তোমাক কি বুলি কম, কবলৈ ভাষাই নাই। সময় থাকোতেই ইমানকৈ কোৱা স্বতেও মোৰ কথাত গুৰুত্ব নিদিলে। তুমি যিমান দিনলৈ জীয়াই থাকা তেতিয়ালৈকে যি ইচ্ছা খায় থাকা।তাৰ বাহিৰে মোৰ হাতত আন একো ওপায় নাই।ডাক্টৰে মেডিকেলৰ পৰা ঘুঁৰাই পঠিওৱাৰ পাছত মানুহৰ হাতত কি'নো কৰিব পৰা থাকে।" মিগমে চকু পানী টুকি টুকি অন্তৰৰ পৰা দেউতাকক কয় আছে। দেউতাকৰ অতিশয্যাত ভুগি থকা অৱস্থালৈ চাই মিগমৰ অন্তৰখন ভাগি পৰিছে। যিয়েই নহওক পিতাই, পিতায়ে জীয়াই থাকিলে বুকুখন সাহস থাকে।তথাপি দেউতাৰ সুস্থ অৱস্থাত যিহে ঘৰখনলৈ অশান্তি দিলে সেইবোৰলৈ যি হয় হওক বুলি ভাৱে মিগমে। ধনীৰাম মহাজনৰ নাম এই অঞ্চলত নজনা মানুহ নাই বুলিবই পাৰি। দুশ বিঘা মাটিৰ গৰাকী ধনীৰাম মহাজন। টকা-পইচাৰ সহায় বিচাৰি এই অঞ্চলৰ মানুহ মহাজনৰ ওচৰলৈ আহে।ধনীৰাম মহাজনৰ ল'ৰাবোৰে নিজে খেতি নকৰে।অঞ্চলৰ মানুহবোৰক ভাৰাকৈ খেতি কৰিবলৈ দিয়ে।ভাৰাত পোৱা ধান প্ৰতি বছৰে পোন্ধৰ বিশ ট্ৰাক বিক্ৰী কৰে।ধনীৰাম মহাজনৰ মাটি খেতি কৰিবলৈ পায় থকা স্বাৰ্থত ,খেতি উঠাই শেষ হ'লে লগে লগে মদ, মাছ , মাংসৰ টোপোলাৰে ঘৰখন ভৰি পৰে। সেইবোৰক লৈ ধনীৰাম মহাজনৰ কি যে গৌৰৱ আৰু অহংকাৰ। বাটে-পথে মহাজনক দেখিলে মানুহে সেৱা জনাই সন্মান কৰে। কিছুমানে ঘৰলৈ নিমন্ত্ৰন জনাই বতৰে-আবতৰে মদ মাংসৰ জুতি লগাকৈ খোৱাই। এনেকৈ যচা সন্মান ৰক্ষা কৰোঁতে লাহে লাহে মদৰ নিচাত আসক্ত হ'বলৈ ধৰিলে। ধনীৰাম মহাজন পুৱা গধূলি ৰাগি হিচাপত খাব ধৰিলে।মানুহে সন্মান কিমান যাচিব ? অইন দিনবোৰত নিজৰ ৰাগি পূৰাবৰ বাবে নিজেও কিনি খাব লগা হ'ল। ইফালে অঞ্চলৰ মহাজনৰ সুবিধা লোৱা মানুহবোৰ এটা সময়তে মহাজনৰ ঘৰত টোপোলা ভৰ্তি কৰে। ঘৰলৈ টোপোলা নহা দিনবোৰত নিজে কিনি খাব লাগিব। এনেকৈ খাওঁতে জমা ৰখা ধন ভাঙিব লগীয়া হ'ল। ধনীৰাম মহাজনৰ পাঁচটা লৰা সন্তান আৰু তিনিজনীকৈ ছোৱালী। পাঁচটি ল'ৰাই বিয়া পাতি আজৰি হ'ল লগতে ছোৱালী কেইজনীও বিয়া দিয়া হ'ল। সম্পতিৰ ভাগ বিতৰণো হ'ল। বৰ্তমান মহাজনৰ লগত সকলোতকৈ সৰু সন্তান মিগমেহে আছে। মহাজনৰ মানুহগৰাকী পাঁচ বছৰ আগতে ঢুকাল। লাহে লাহে মদ খাই মহাজনে ঘৰৰ মানুহবোৰক অশান্তি দিবলৈ ধৰিলে। ফলস্বৰূপে মিগমৰ বাহিৰে অইন সন্তানসকলে ঘৰৰ পৰা বহু দূৰ আতৰত ঘৰ পাতি থাকিবলৈ ল'লে।ইফালে মিগমে দেউতাকক খুউব ভাল পায়। দেউতা যিয়েই হওক মৃত্যু নোহোৱালৈকে কাষত থকাৰ প্ৰতিজ্ঞা কৰিলে।দেউতাকৰ অশান্তিবোৰ বহু কষ্ট কৰি সহ্য কৰি আছে। মিগমৰ মানহগৰাকীও পিতৃ প্ৰিয়। মিগমৰ এক মাত্ৰ সন্তানটো ককাক খুউব ভাল পায়। এইয়েহে কোনোফালে মহাজনৰ পৰা আঁতৰা থকা পথ নাই। ধনীৰাম মহাজনৰ মদ-মাংসৰ প্ৰতি আসক্ত দিনক দিনে অধিক হবলৈ ধৰিলে। দোকানে-মহলে খাই ৰুস্তাট চিঞৰ-বাখৰ কৰি ঘৰৰ মানুহৰ উপৰিও গাওঁৰ মানুহবোৰৰো অশান্তি সহ্য কৰিব নোৱাঁৰা অৱস্থা হৈছেগৈ। মাটি বাৰী বিক্ৰী কৰোঁতে কৰোঁতে বেছিভাগেই গ'ল। মহাজনৰ খেতি কৰা মানুহবোৰও মহাজনক সন্মান নকৰা হ'ল। দেউতাকৰ এনেধৰণৰ অৱস্থা চাই মিগমৰ বাহিৰে কোনোজনে খা-খৱৰ প্ৰৰ্যন্ত নোলোৱা হ'ল। আনকি দেউতা বুলি আনৰ আগত পৰিচয় দিবলৈ লাজ লগা হ'ল। মিগমৰ এনেধৰণৰ অৱস্থাৰ কথা বুজি দেউতাকক বুজনি দি একো ফল পোৱা নাই। দিনক দিনে খোৱাৰ পৰিমান অধিক হ'ব ধৰিলে। উপায়ন্তৰ হৈ মিগমে দেউতাকক একো কবলৈ মন নোযোৱা হ'ল। মিগমে ভাবিলে, -" যি হ'লে হৈ থাকক, যি মন যায় খাওক, যি মন যায় কৰক। মই পুত্ৰ হিচাপে দেউতাকৰ প্ৰতি কৰিব লগীয়া কৰ্তব্য পালন কৰিম। যি দিনা দেউতা নিজৰ মন-মগজুৰে বুজি পাব তেতিয়ালৈ অপেক্ষা কৰি থাকিম।" মিগম নিজৰ কৰ্তব্যৰ প্ৰতি অৱহেলা নকৰিলে। দেউতা খাই ৰাস্তা-পদূলিত পৰি থাকিলে আগবঢ়াই আনি গা-ধূৱাই চাফ-চিকুন কৰি ৰাখে। তথাপি ধনীৰামে মিগমক ভাল মাত-ষাৰ দি নাপালে। দেউতাকৰ গালি গালাজ মিগমে সহ্য কৰি থাকিল। অৱশেষত ধনীৰাম মহাজনৰ গাত কিছুমান বেমাৰৰ লক্ষন দেখা দিব ধৰিলে। ৰোগীয়া দেহাৰে হ'লে মদ খাবলৈ এৰি নিদিলে। এটা সময়ত বিছনাৰ পৰা উঠিব নোৱাঁৰা হ'ল। মিগমে অৱশিষ্ট হৈ থকা মিগমৰ ভাগৰ চাৰি বিঘা মাটি বিক্ৰী কৰি মেডিকেলত ভৰ্তি কৰে। ডাক্টৰে পৰীক্ষা-নিৰিক্ষাৰ অন্তত আৰোগ্য নোহোৱা পাঁচটা বেমাৰৰ ৰোগ ধনীৰাম মহাজনৰ গাত ধৰা পৰে। ডাক্টৰে আত্মসমৰ্পন কৰি ঘৰলৈ ঘুৰাই পঠিয়াই।অকলে মিগমে চকু পানী টুকি টুকি ঘৰলৈ লৈ আনে। দেউতাকৰ অৱস্থা চাই মিগমৰ অন্তৰত দুখেৰে ভৰি পৰিল।অৱশেষত মিগমৰ অন্তৰৰ কথাবোৰ দেউতাকে বুজি পালে যদিও ইতিমধ্যে বহু পলম হ'ল।ধনীৰাম মহাজনে ফুটা-নুফুটা মাতেৰে মিগমক ক'লে, -" মিগম ! মোৰ ভুল হ'ল, মোক ক্ষমা কৰিবা। মোৰ ভুলৰ বাবে তুমি যি কষ্ট ভুগি আছা, মই মৃত্যুৰ সিপাৰত হ'লেও মনত ৰাখিম। শেষত তোমাৰ প্ৰতি মই এটাই উপদেশ দি থৈ যাব বিচাৰো, তুমি মোৰ দৰে নহ'বা। ককাই হঁতক ভালে-কুশলে থাকিবলৈ মোৰ হৈ কবা। মোৰ জীৱনৰ অন্তিম ইচ্ছা আছিল তোমাৰ ককাইহঁতৰ মুখকেইটা চাব বিচাৰিছিলোঁ। বিদায় ! "
|
- Get link
- X
- Other Apps
Comments
Post a Comment