মাহী আই দেবানন্দ পেগু
- Get link
- X
- Other Apps
চোতালত হুৰ হুৰাই থকা ঘৰচিৰিকা জাক, পদুলিমুখৰ নাহৰ জোপাত সদায় কা কা কৰি থকা কাউৰী কেইটালৈ কেতিয়াও বিৰক্তি নহয় মায়াৰ মন, মায়াই শুনা নুশুনাকৈ মাহী আইৰ সংজ্ঞা দি মায়াহঁতৰ ঘৰৰ কাষেৰে পাৰ হৈ যোৱা বাটৰুৱাসকলেহে মায়াৰ অন্তৰখন আঘাট দিয়ে। সংসাৰত এগৰাকী মহিলা কোনোবা এজন বিধৱা পুৰুষৰ লগত বিয়াহ হ'লে সমাজে দিয়া মাহী আইৰ কু-চৰিত্ৰ ৰূপে ধাৰণ কৰা সতিনীৰ সন্তান সকলক শাস্থি দিয়া কাৰ্য সকলো নাৰীৰ বাবে সংজ্ঞা দিয়া নাযায়, পৃথিৱীত বহুতো নাৰী আছে যিসকলে কোনোবা বিধৱা পুৰুষৰ লগত বিৱাহপাসত আৱদ্ধ হৈ আন দহ জন আদৰ্শ নাৰীৰ লগত নিজক সজাব খোজে।মায়াও ইয়াৰ ব্যক্তিক্ৰম হব বিচৰা নাই। মায়া অনুভৱ কৰিছে এইকেইদিন ল'ৰা,ছোৱালী হালৰ ব্যৱহাৰবোৰ বৰ পৰিৱৰ্তন হৈছে। নিশ্চয় কোনোবা সম্পৰ্কীয় বা ওচৰ-চুবুৰীয়াই দিয়া মাহী আইৰ সংজ্ঞাৰ প্ৰভাৱ পৰিছে। কোনে কি কয় এইটো ডাঙৰ কথা নহয়, কিন্তু এই মানুহবোৰৰ উচতনিমুলক কথাবোৰে মোৰ ঘৰখনলৈ অশান্তি কঢ়িয়াই আনিছে এইয়া নিশ্চিত। মাহী আইবোৰ কি মানুহ নহয় নেকি ? মাহী আইৰ হৃদয়খন মানুহে কিয় মানৱীয় দৃষ্টিৰে নাচায় ? "জীৱনৰ আধা বেলা মানুহজনৰ অৰ্ধাঙ্গিনী হৈ ল'ৰা ছোৱালী হালক মাতৃত্বৰ খালী ঠাই পূৰ কৰিবলৈ আহিছোঁ কিন্তু কিয় মোক ইহঁতে এৰি থৈ যোৱা মাকৰ দৰে ভাৱিব নোৱাৰে ? এইয়া সমাজৰ পৰম্পৰা নে কোনোবা উচতনিমুলক প্ৰৰোচনা ?" মায়া অন্তৰৰ পৰা অযুত প্ৰশ্ন নিজক সুধি চালে। মায়া স্বাধীনতাৰে জীয়াই থাকিব বিচৰা এজনী নাৰী, যিয়ে সংসাৰিক মায়া-মোহৰ পৰা মুক্ত হৈ আবিয়ৈ হৈ ব্ৰহ্মকুমাৰী ৰূপে স্বাধীনভাৱে জীয়াই আছিল। মায়াৰ কোনো বৈৱাহিক জীৱনৰ প্ৰতি আসক্তি নাছিল। কেতিয়াবা ঘৰৰ মানুহে মায়াৰ বিয়াৰ কথা আলোচনা কৰিলে চিধাই প্ৰত্যাখান কৰা ছোৱালীজনী ডেকা ল'ৰাৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিলেও কেতিয়াও গ্ৰহন কৰা নাছিল। বিয়া নামৰ বান্ধোনটো মায়াই এক আৱদ্ধ জীৱন যাপনৰ দৰে ভাৱিছিল। যিহে অসমীয়া সমাজৰ নীতি- নিয়ম, বিয়াৰ পাছত ছোৱালীয়ে জীৱনৰ স্বাধীনতা হেৰুৱাই পেলোৱাৰ লগতে চাৰি বেৰৰ মাজত জীৱনটো আৱদ্ধ হৈ থাকিব লগা হয়। মায়াৰ ভনী ৰেনু, আগতেই বিয়া হ'ল। ৰেনুৱে ঘৰলৈ আহিলেই কয় , - "বা, আমাৰ দৰে অৰ্থনৈতিকভাৱে দুখীয়া ঘৰৰ ছোৱালীয়ে জীৱনত বিয়া কথা ভাৱিবই নালাগিছিল, মই বিয়াত সোমোৱাৰ পিছত মোৰ সকলো ইচ্ছা, কৰ্মস্পৃহা ত্যাগ কৰিবলৈ বাধ্য হ'লোঁ,মই বিশ্ববিদ্যালয় পঢ়াৰ ইচ্ছাখনো মৰহি গ'ল।" ৰেনুৰ অনেক অভিযোগ শুনিয়েই মায়া এই পথত খোজ দিবলৈ ভয় লগাৰ দৰে হ'ল। অসমীয়াৰ নীতি আদৰ্শৰ পৰা মায়া এক মুক্ত নাৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নিজকে প্ৰস্তুত কৰি তুলিবলৈ চেষ্ঠা কৰিলে। মায়াৰ আবিয়ৈ হৈয়ে জীৱনৰ আধা বেলাত ভৰি দিলে। নিজৰ ভতিজা-ভতিজীহঁতৰ লগতে চহৰত ভাৰা ঘৰত থাকি সিহঁতক স্কুলত থবলৈ যোৱা, স্কুল চুটি হ'লে স্কুলৰ পৰা আগবঢ়াই অনা, কাপোৰ-কানি ধুৱা, ভাত-পানী ৰন্ধা আদি কামতে ব্যস্ত হৈ পাৰ কৰিবলৈ ল'লে। মায়া যিটো ৰাস্তাৰ পৰা স্কুললৈ অহা যোৱা কৰে সেই একে ৰাস্তাতে আন এজন পুৰষ মানুহে ল'ৰা দুটা বাইকেৰে স্কুলত থবলৈ যায়। মায়া কেতিয়াবা স্কুলৰ গেটত ৰৈ থাকিব লগা হয় ভতিজাকেইটা স্কুলৰ পৰা গেটলৈ আহি পোৱালৈকে। সেই মানুহটোও মায়াৰ কাষতে থিয় হৈ ৰৈ থাকে। বহু দিন এনেকৈয়ে পাৰ হ'ল, চা-চিনাকী নাই। এদিন বজাৰত বজাৰ কৰি থাকোতে কেতিয়া আন্ধাৰ নামি আহিল গমেই নাপালে। মায়া ইফালে-সিফালে চালে, ৰিক্সাও নাই। হঠাৎ এই মানুহজনে মায়া দেখি সুধিলে, "বজাৰ কৰিলে নেকি ? বেয়া নাপায় যদি উঠক, মইও সেই বাটেদিয়ে যাম।" মায়া উঠো-নুঠো কৰি উঠিলে। ৰাস্তাতে দুয়োজনৰ চিনাকী হ'ল। লগতে মানুহ জনে কলে যে মানুহগৰাকী দুবছৰ আগতে ঢোকোৱাৰ বাবে বৰ কষ্ট কৰি ল'ৰা দুটা আৱদাল কৰি থকাৰ কথা।মায়াক পদুলি মুখত নমাই থৈ মানুহজন গুচি গ'ল। মানুহজনৰ নাম ভৱেশ। ভৱেশক মায়া লগ পালে সুধে, ক'ত যায়,খৱৰ কি ? মায়াৰ চুটি উত্তৰ, হয় বা নহয়।সময় সুবিধা চাই ভৱেশে কঁঠিয়া পাৰিব ধৰিলে।নিজে চাকৰী কৰি পত্মীবিহীন ঘৰখনত কিমান কষ্ট কৰি যে ল'ৰা হাল পঢ়াই আছে ? ভৱেশৰ কথাবোৰ শুনি মায়াৰ অন্তৰত কব নোৱাৰাকৈ মৰমৰ ভাৱ উপজিল তথাপি মনৰ কথাবোৰ ভৱেশক নোকোৱাকৈ থাকিল।মায়া কোনোবা এটা জনমৰ সম্পৰ্কীয় যেন লাগিল। ভৱেশৰ অৰ্ধাঙ্গিনী জীৱনৰ অভাৱ মায়া বাৰুকৈয়ে অনুভৱ কৰিলে। দুয়োনৰ সম্পৰ্ক গভীৰৰ পৰা গভীৰতম হব ধৰিলে।এদিন চেগ চাই ভৱেশে বিয়াৰ প্ৰস্তাৱ দিলে, সকলো কথা জনাৰ পিছত মায়াই না বুলি কব নোৱাৰিলে।ভৱেশ পুনৰ দ্বিতীয় বিৱাহৰ বাবে প্ৰস্তুতি হ'ল। শিলৰ দৰে কঠিন মায়াৰ অন্তৰখন ভৱেশৰ প্ৰেমে গলাই পেলালে। মায়া সকলো প্ৰতিজ্ঞা পাহৰি বিয়াত বহিবলৈ মান্তি হ'ল। নিৰ্দিষ্ট দিনত বিয়াৰ সম্বন্ধৰে মায়াৰ ঠিকনা পৰিৱৰ্তন হ'ল। এতিয়া ভৱেশ আৰু মায়াৰ যুগ্ম জীৱন আৰম্ভ হ'ল। মায়া অন্তৰেৰে প্ৰতিজ্ঞা কৰিলে ভৱেশৰ সন্তান দুটা নিজৰ সন্তনৰ দৰে ভাৱিব আৰু মৰম-প্ৰতিপালনত কোনো দিনে কৃপণালী কৰা নহ'ব। ঠিক সেই মতে ল'ৰা দুটা কোলাত আকোৱালী ল'লে। মায়া লৰা দুটা মা'ৰ অভাৱ অনুভৱ নকৰাকৈ চম্ভালিবলৈ যত্ন কৰিলে ল'ৰা দুজনেও মায়াৰ মৰম পাই পুনৰ নতুন মা পোৱাৰ সোৱাদ পালে কিন্তু দিন বাগৰাৰ লগে লগে মা'ৰ পৰা মাহী আইৰ নাম পাবলৈ আৰম্ভ কৰিলে। ল'ৰা দুজনক বাহিৰৰ পৰা দিহা দিয়া মানুহৰ অভাৱ নহ'ল। মায়াৰ কথাবোৰ যেন ল'ৰা দুজনৰ বাবে অপ্ৰিয় হ'ল । লৰা দুজনৰ পৰিৱৰ্তন মায়া লক্ষ কৰি আছিল। যিমানে হ'লেও মায়া সহ্য কৰিব আৰু ল'ৰা দুজনক মানুহ কৰিব।
|
- Get link
- X
- Other Apps
Comments
Post a Comment