কলিজাৰ দাগ

কলিজাৰ দাগ

দেবানন্দ পেগু

 হঠাৎ তুমি ধুমুহাৰ গতিৰে পাৰ হৈছিল 
মোৰ সন্মুখৰ বাটেৰে
চকুৱে মনিব পৰালৈকে চাই ৰৈছিলোঁ,
তোমাৰ যোৱা বাটে।
তোমাৰ কপালত ওলমি থকা চুলিবোৰত
লুকাই আছিল তোমাৰ শিৰৰ সেন্দুৰকণ
সেইয়ে চিনিব পৰা নাছিলোঁ, 
তুমি যে বিৱাহিতা।
অজানিতে হিয়াখন ধপ্‌ ধপাইছিল                
চকুযুৰী লৰিছিল
ধৰিব পৰা নাছিলোঁ এইয়া কিহৰ সংকেত।

জোনাক নিশা, তিৰ্‌ বিৰাই থকা তৰাৰ সাক্ষী বিচাৰি
বৰ সন্ধিয়া কাষ চাপিছিলো তোমাৰ কাষত
কিবা এটা ক'ব খুজোতেই, কপালত ওলমি থকা চুলিবোৰ মহাৰি পঠিয়াইছিল পিছফাললৈ
পূৰ্ণিমাৰ জোনটোৰ দৰে জিলিকি উঠিল
তোমাৰ শিৰৰ সেন্দুৰকণ
বিনা মেঘে বজ্ৰপাত পৰি,
মোৰ হিয়াখন পুৰি ছাই কৰিলে
তোমাৰ আৰু মোৰ প্ৰেমৰ শিকলিডালো তাতেই ছিঙিল।

তুমি কিয় মোক নজনাকৈ, পিন্ধিলে ন কন্যাৰ সাজ ?
মোৰ দোষ ক'ত আছিল ?

তোমাক লৈ আঁকি থোৱা ৰঙীন ছবিখন
কাৰ সৈতে ৰং দিম
তোমাৰ আৰু মোৰ মাজত থিয় হ'ল এখন সাগৰ
দূৰৈৰ পৰাই চাব লাগিব নদীৰ সিপাৰ।

মোৰ মনৰ মণিকূটত তোমাৰ স্মৃতিবোৰ
বাজি থাকে এতিয়া অজান সুৰ হৈ
তুমি সুখেৰে থাকিবা, তুমি কুশলে থাকিবা
তোমাৰ সুখৰ বাবেইটো মই আঁকিছিলোঁ ৰঙীন ছবি।

Comments

Popular posts from this blog

Jili: dítag angngo annyiné lennamdok mé:tom kosag

JILI: dítag angngo,aumné lennam

মিচিং ভাষা কোৱা মানুহৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নমান হয় নেকি ? দেবানন্দ পেগু