মিচিং ভাষা পিছ পৰি থকাৰ কাৰণ আৰু মোৰ অনুভৱ দেবানন্দ পেগু
- Get link
- X
- Other Apps
অসমৰ দ্বিতীয় সৰ্ববৃহত জনজাতি জনগোষ্ঠী হ'ল মিচিং সকল। সংখ্যা ফালৰ পৰা দ্বিতীয় জনজাতীয় জনগোষ্ঠী হ'লেও উন্নতিৰ ক্ষেত্ৰত এই স্থান ধৰি ৰাখিব পৰা নাই। মিচিং সকলে কিয় অন্যান্য জনগোষ্ঠীৰ দৰে উন্নতিৰ জখলাত আগবাঢ়িব পৰা নাই ? মিচিং সকলৰ শিক্ষিত মানুহৰ অভাৱ নাই, ধন সম্পতি থকা মানুহৰো অভাৱ নাই, কিন্তু মিচিং সকলৰ অভাৱ আছে নিজক মিচিং বুলি কব পৰা মানুহ,একতাৰ অভাৱ আৰু সামগ্ৰিকভাৱে জাতিটোক লৈ চিন্তা কৰা মানুহৰ অভাৱ। মই আজি মিচিং সমাজৰ পিছ পৰি থকাৰ দুটামান কাৰণ আলোচনা কৰিব বিচাৰিছো। (১) মিচিং সকলৰ আটাইতকৈ দুৰ্বলতাৰ দিশটো হৈছে নিজক আনৰ আগত মিচিং বুলি পৰিচয় দিবলৈ লাজ পোৱা।যি সকল মিচিং মানুহ অন্য সম্প্ৰদায়ৰ মানুহ গৰিষ্ঠ সংখ্যক থকা ঠাইত বাস কৰে, সেই সকল মানুহে মিচিং বুলি নিজক পৰিচয় দিবলৈ লাজ পায়।নিজৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে আনৰ আগত উপস্থাপন কৰিবলৈ লাজ কৰে। যিমান পাৰে নিজক মিচিঙৰ বিষয়ে একো নাজানো বুলি কয়হে ভাল পায়। এনেধৰণৰ মানুহে জাতিটোৰ বাবে কেনেকৈ সৎ চিন্তা কৰিব ? (২) যি সকলে নিজৰ জীৱন ধাৰণৰ মান উন্নত বুলি ভাবে, সেই সকল মিচিং মানুহে নিজক মিচিং বুলি কবলৈ লাজ কৰে। নিজৰ সন্তানক মিচিং ভাষা নিশিকায় আৰু মিচিঙৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে নিজৰ সন্তানক শিক্ষা দিয়াৰ পৰিবৰ্তে যিমান পাৰে লুকুৱাই ৰাখে। সন্তানে মিচিং ভাষাটো ক'লে জীৱন ধাৰণৰ মানদণ্ড নিম্ন হয় বুলি ভাবে।এনেধৰণৰ মিচিং সকলৰ সন্তানে জাতিটোৰ বিষয়ে কেনেকৈ চিন্তা কৰিব ? এই সকলে পিছলৈ গৈ মিচিং বুলি পৰিচয় দিবলৈ লাজ ভাৱ অনুভৱ কৰে। (৩) ৰাজনীতি বা দল সংগঠন কৰা ব্যক্তি সকলে ব্যক্তি স্বাৰ্থৰ ওপৰত গুৰুত্ব দিয়ে, সমাজৰ স্বাৰ্থত নহয়। নিজৰ দলটো জনপ্ৰিয়তাৰ বাবে অনৰ্থক ভাৱে বিতৰ্কত লিপ্ত থাকে। দলৰ বাবে বিতৰ্ক কৰি ব্যক্তি প্ৰৰ্যায়লৈ পায়গৈ। ৰাজনীতিৰ শত্ৰুক জাতিটোৰ শত্ৰু বুলি ভাবে। ফল স্বৰূপে নিজৰ মাজতে বিভেদ সৃষ্টি কৰি সামাজিক স্বাৰ্থৰ পৰা বিৰত থাকে। দল যিয়েই নহ'ওক উদেশ্য এটাই হোৱা উচিত। নিজৰ স্বাৰ্থ সিদ্ধিৰ লগতে জাতিটোৰ বাবেও চিন্তা কৰিব লাগে। (৪) মিচিং সকলৰ যি সকলে চৰকাৰী চাকৰী কৰে, তেখেসকলৰ অধিক সংখ্যকে নিজৰ চাকৰীৰ নামত জাতিটোলৈ পিঠি দিয়ে আৰু দল সংগঠন সমুহক পৰামৰ্শ দিয়াৰ পৰিৱৰ্তে অনৰ্থক বিতৰ্কত লাগি থাকে। এজন চৰকাৰী চাকৰীয়াল হিচাপে জাতিটোৰ বাবেও দায়িত্ত্ব থাকিব লাগে কিন্তু বাহিৰত থাকি আনক সমালোচনা কৰিহে নিজক ভাল পায়। (৫)নিজক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ বাবে যিমান পাৰে চেষ্ঠা কৰে। ইজনে সিজনক উৎসাহিত নকৰে, জাতিটোৰ বাবে আগবাঢ়ি যাবলৈ। ব্যক্তি স্বাৰ্থৰ কথা ভাবোতে সমাজৰ কথা পাহৰি পেলাই। অকলে শ্ৰেষ্ট হয় কোনো লাভ নাথাকে, যদিহে জাতিটো উন্নতি নহয়। (৬) মিচিং লেখক সকলে অন্য ভাষাত সাহিত্য চৰ্চা কৰাত আপত্তি নাই কিন্তু অধিক সংখ্যিক লেখকে নিজৰ ভাষাটো চৰ্চা নকৰে। মিচিং আখৰ চিনি নাপাওঁ বুলি কয়ে দায়িত্ব সামৰে। নিজৰ ভাষাটো চৰ্চা কৰিবলৈ ভাল নোপোৱা এজন সাহিত্যিকে জাতিটোৰ বিষয়ে চিন্তা কৰিব বুলি মোৰ মনে নাভাবে।জাতিটো উন্নতি হবলৈ ভাষাটো উন্নতি হবই লাগিব। ইয়াৰ বাবে প্ৰতিজন মানুহে ভাষাটো জীয়াই ৰখাৰ লগতে আগুৱাই লৈ যাবলৈ যত্ন কৰিব লাগিব। লেখক সকলে নিজৰ ভাষাটো চৰ্চা নকৰিলে ভাষাটো কেনেকৈ আগবাঢ়িব ? (৭) ইজনে সিজনক ঠাট্টা, ইতিকিং কৰাটো আমাৰ মিচিং সকলৰ বৰ প্ৰিয় সংস্কৃতি।ঠাট্টা, ইতিকি নিন্দা এইবোৰ জাতিটোৰ বিভেদহে আনে কেতিয়াও একতাৰে কাম কৰিব নোৱাৰে। নিজৰ মাজত ঋনাত্মক তৰ্ক-বিতৰ্কই জাতিটো উন্নতিত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে। আমি যিয়ে যি কামে নকৰক সেই স্থানত থিয় হৈ নিজৰ জাতিটোৰ কথা ভাবিব লাগে। গোটেই জীৱন ব্যক্তি স্বাৰ্থত শেষ নকৰি সকলোৱে সামাজিক স্বাৰ্থৰ প্ৰতি দায়িত্ববোধ থকাটো নিত্যান্তই প্ৰয়োজন।যি সকলে জাতিটোৰ বাবে গনতান্ত্ৰিকভাৱে দল সংগঠন কৰি আছে, সিহঁতক যোগাত্মক দিশত সমালোচনা কৰি শেষত পৰামৰ্শ দিব লাগে । আমাৰ মিচিঙৰ গনতান্ত্ৰিক দল সংগঠনৰ সদস্য/সদস্যাসকলে সামন্য স্বাৰ্থৰ বাবে জাতিটো বিসৰ্জন দিয়ে। নিজৰ স্বাৰ্থ বাবে সুবিধা নোহোৱালৈকে সামাজিকভাবে চিন্তা কৰে কিন্তু সুবিধা এটা পোৱাৰ লগে লগেই ব্যক্তি স্বাৰ্থত দৌৰে। আমি আনৰ উন্নতি দেখি নিজৰ কলিজা পাটিযোৱাকৈ ভাবি লাভ নাই। সামাজিক উন্নতিৰ বাবে নিজে কি কৰিলে, নিজক মুল্যায়ন কৰাৰ সময় সমাগত। সদৌ শেষত জাতি প্ৰেমী সকলোলৈকে মোৰ অনুৰুধ যি জনে যি মঞ্চতে থাকক জাতিটোৰ কথা ভাৱক আৰু কিঞ্চিত হ'লেও জাতিটোলৈ বৰঙনি দিয়ক।
|
- Get link
- X
- Other Apps

Comments
Post a Comment