মিনিটৰ গল্প সঞ্চয় দেবানন্দ পেগু
- Get link
- X
- Other Apps
দেশত হঠাৎ লকডাউন ঘোষণা হ'ল।পাক্কমৰ মূৰত বিনা মেঘে বজ্ৰপাত পৰাৰ দৰেই হ'ল। ৰাজমিস্ত্ৰি হিচাপে পাক্কম টকা- পইচাৰ অভাৱ অনুভৱ কেতিয়াও কৰা নাই।যোগালীসকলতকৈ দুশটকা বেছিকৈ পায়।কোনো অভাৱ অনুভৱ নকৰাকৈ ল'ৰা-ছোৱালীহালক কলেজত পঢ়াইছে। পাক্কমে ভাবিছিল,--- "দুনিয়াত পকাঘৰ সাজি শেষ নোহোৱালৈকে টকা-পইচাৰ অভাৱ নহ'ব,গতিকে যি আছে খৰচ কৰিলেই হ'ল।" সেই মতে পাক্কমৰ হাতত সঞ্চিত ধন বুলিবলৈ এটকাও নাই।কিন্তু হঠাৎ চৰকাৰে ঘোষণা কৰা লকডাউনে পাক্কমক বিপাঙত পেলালে। পাক্কমে আৰ্থিক অভাৱত দিনতে তৰা দেখিলে।পাক্কমৰ কলেজত পঢ়ি থকা দুটি সন্তান মিগম আৰু আপ্নুন, দেউতাকে লাগ বুলিলে টকা দিয়ে।কোনোবা এটা দিনত যে আৰ্থিক অভাৱত ভোগিব এইয়া কাহানিও অনুভৱ কৰা নাছিল।আধুনিক শিক্ষাৰে শিক্ষিত মিগম আৰু আপ্পুন কেতিয়াও দেউতাকক পৰামৰ্শ দি নাপালে উপাৰ্জনৰ এটা অংশ সাঁচি ৰখাৰ কথা।খেতিটো থকা বাবে ভৰাঁলত অলপ ধান আছে। হয়তো চাউলৰ অভাৱ নহ'ব কিন্তু চাউলৰ লগত প্ৰাসংগিক সামগ্ৰিবোৰ কেনেকৈ যোৰা মাৰিব। পাক্কমহঁতৰ চুবুৰীৰে ৰুৱাদ, চৰকাৰী চাকৰীয়াল। স্বাস্থ্য মন্ত্ৰীৰ অনুৰোধ ৰক্ষা কৰি ৰুৱাদে দহঘৰমানক সাহাৰ্য আগবঢ়াব বিচাৰিলে।পাক্কমহঁতক সাহাৰ্য দিব গৈ পাক্কম আৰু পাক্কমৰ সহধৰ্মীনী অইচেঙক সাহৰ্য গ্ৰহণ কৰি থকা ফটো উঠাব বিচাৰিলে।তাকে দেখি নিজকে শিক্ষিত বুলি গন্য কৰা মিগম আৰু আপ্পুন ফেচবুকত ফটোবোৰ আপলোড দিলে চিনাকী লগৰীয়াৰ পৰা লাজ পাব লাগিব বুলি ভাবি মাক-দেউতাক ৰুৱাদৰ সাহাৰ্য লবলৈ মানা কৰিলে। ৰাতিৰ আহাৰ গ্ৰহণ কৰি পুত্ৰ-কন্যা আৰু মাক-বাপেক, চাৰিওজনৰ মাজত বৈঠক বহিল। কেনেকৈ লকডাউনৰ সময়ত আৰ্থিক দূৰৱস্থাৰ যোৰা মাৰিব। সকলোৰে মুখৰ মাত সৰিল। শেষত অইচেং পেৰাটোৰ ফালে আগবাঢ়ি তলাটো খুলিলে।পেৰাটো খুলি মেখেলাৰ ভাঁজবোৰৰ পৰা দহ, বিশ টকীয়া নোট, এখন এখনকৈ উলিয়ালে। অইচেঙে টকাখিনি নি পাক্কমক গণিবলৈ দিলে। তিনি হেজাৰমান গোট খালে।অইচেঙে তিনিওজনক সম্বোধি ক'লে, ----"তোমালোকে মোক অশিক্ষিত বুলি ঠাট্টা কৰিছিল,আজি চোৱা ; শিক্ষিত সকলৰ অৱস্থা।" অইচেঙে মিচিকিয়াই হাঁহিলে।
|
- Get link
- X
- Other Apps
Comments
Post a Comment