প্ৰতিশোধ দেবানন্দ পেগু
- Get link
- X
- Other Apps
দেশৰ চাৰিও ফালে চিঞৰ, জুইৰ লেলিহান প্ৰসাৰিত। জনতাৰ স্পন্দত ঘন হব ধৰিছে। ৰাস্তাত যান-বাহনৰ নিমাও মাও অৱস্থা। ক'ত কি হৈছে বুজ লবলৈ কাৰো আহৰি নাই। নিজকলৈ সকলোৱে ব্যস্ত। যাতে নিজৰ পৰিয়ালৰ সকলো কুশলে থাকে। দেশত কেবৰ বিৰুদ্ধে সকলো দল সংগঠন সৰৱ হৈ উঠিছে। চাৰিওফালে ধৰ্ণা, আন্ধোলনেৰে প্ৰতিবাদ মুখৰ ধ্বনি।শাক পাছলিৰ পৰা আদি কৰি তেল নিমখলৈকে বৰ নাটনি হ'ব ধৰিছে। এই সময়তে ৰাজুৰ অন্তৰত এক প্ৰতিশোধ মুখী মনোভাৱ জাগ্ৰ হৈ উঠিছে। সুপ্ত হৈ থকা বহু দিনৰ ৰোগ এটা পূনৰ উজ্জ্বিৱিত হৈছে। এই ছেগতে যোৱাবাৰ পঞ্চায়ত ইলেকচনত ৰাজুক পৰাজিত কৰি বিপ্লৱে যি সমাজৰ আগত ভেঙুচালি কৰিলে এইবাৰ প্ৰতিশোধ লোৱাৰ দিন আহিল। ৰাজুৱে মনে মনে ভাৱিলে, "এইবাৰ বিপ্লৱক কোনে ৰক্ষা কৰিব ?" বিপ্লৱ আৰু ৰাজু দুয়োজ'নেই বৰ প্ৰিয় বন্ধু আছিল। যোৱাবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীকেন্দ্ৰিক সংঘাটত দুয়োজনে বন্ধুত্বৰ পৰা শত্ৰুতালৈ পৰ্যৱসিত হয়। এটা দলৰ পৰা দুয়োজনে টিকটৰ দাৱীদাৰ। সমৰ্থক গোটাই নিজৰ শক্তি প্ৰদৰ্শণৰ বাবে দুয়োজনে উঠি পৰি লাগিছে। বিপৰীত মেৰুত দুয়োজন বন্ধু গতি কৰিছে। হাইকামাণ্ডে দুয়োজনে সৈমান কৰিব পৰা নাই। অৱশেষত সমৰ্থকৰ মেজৰিটি পৰীক্ষা কৰি ৰাজু আৰু বিপ্লৱক দলৰ কাৰ্য্যালয়লৈ নিজৰ জনপ্ৰিয়তাৰ প্ৰমান দিবলৈ দলীয় সমৰ্থক গোটাই আনিবলৈ দিন এটা নিৰ্দিষ্ট কৰি দিয়া হ'ল। দুয়োজনেই সমৰ্থক বিচাৰি হাহাকাৰ। দিন-ৰাতি একাকাৰ কৰি নিৰ্দিষ্ট দিনত দলীয় কাৰ্য্যালয়ত উপস্থিত হ'ল। সমৰ্থন দিবলৈ অহা মানুহবোৰক হিচাপ কৰিলে আৰু দুজন সমৰ্থক অধিক হোৱাৰ বাবে বিপ্লৱক প্ৰাৰ্থীৰ টিকটৰ যোগ্য বিবেচিত হ'ল। ইয়াৰ পাছত দুয়োজন বন্ধুৰ শত্ৰুতা অধিকৰ পৰা অধিকতমলৈ বৃদ্ধি হ'ল। টিকট বঞ্চিত ৰাজুৱে প্ৰতিজ্ঞা কৰিলে নিৰ্দলীভাৱে হ'লেও যিকোনো ওপায়ে বিপ্লৱক পৰাজিত কৰিত নিজৰ শক্তি দেখুওৱাই দিব। নিৰ্বাচনৰ অধিসূচনা ঘোষণা কৰি দিনবাৰ নিৰ্দিষ্ট কৰা হ'ল। বিপ্লৱে দলীয় টিকট পাই দলীয় সমৰ্থীত্ব প্ৰাৰ্থী হিচাপে দলে বলে মানুহ আহি প্ৰাৰ্থীত্ব দাখিল কৰিলে। ৰাজুৱে আকৌ নিৰ্দলীয় হ'লেও বিপ্লৱতকৈ পিছ পৰি থকা নাই ।ঢোল বজাই নাচ-গান গাই প্ৰাথ্বীত্ব দাখিল কৰিলে। দুয়োজনে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ল। নিৰ্দিষ্ট দিনত নিৰ্বাচনৰ দিন আহিল।ৰাই পূৰ্ণোদ্যমে নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্থ কৰিলে। কিছু দিনৰ মূৰত ফলাফলৰ দিন আহিল।সন্ধিয়াবেলা মায়েকত ঘোষণা কৰিলে।ত্ৰিশটা ভোটৰ ব্যৱধানত বিপ্লৱ বিজয়ী হ'ল। বিজয়ীৰ খৱৰ পোৱাৰ লগে লগে বিপ্লৱৰ সমৰ্থন কৰা সকলে হৰ্ষ উল্লাস কৰি ভিতৰৰ পৰা ওলায় আহিল। ৰাজুক পৰাজিত কৰি বিপ্লৱ দুগুণে স্ফুৰ্তি কৰিলে। ৰাজুসমৰ্থন কৰা সকলেও বিপ্লৱক সমৰ্থনকাৰী সকলৰ লগতে যোগদান কৰিলে। ৰাজুৰ সংগ এৰিলে। ৰাজুৰ অৱস্থা দেখি বিপ্লৱে ভেঙুচালি কৰি ক'লে,-" বন্ধু আজিৰ মই ছাৰ হৈ গ'লোঁ। মই কাৰো বন্ধু নহয় ছাৰ। মোক ছাৰ বুলি কব লাগিব।" ৰাজুৱে বিপ্লৱে কোৱা কথাবোৰ অন্তৰত বৰ আঘাট দিলে। ৰাজুৱে মনতে প্ৰতিজ্ঞা কৰিলে , --" বন্ধু এদিন ইয়াৰ প্ৰতিশোধ লমেই।" দিন এনেকৈয়ে গৈ থাকিল। বিপ্লৱৰ পাঁচ বছৰীয়া কাৰ্যকাল শেষ হ'ল। এই পাঁচ বছৰত বিপ্লৱে অজস্ৰ সম্পতি গোটালে। পঞ্চাশ ষাঠি বিঘা ৰোৱা মাটি কিনিলে। বিপ্লৱে ৰাজুৰ লগত শত্ৰুতা পাহৰি গ'ল। ৰাজনৈতিক প্ৰতিদ্বন্দ্বি বুলি ভাবি ল'লে,কিন্তু ৰাজু জীৱনত যি দিনালৈকে প্ৰতিশোধ লব নোৱাঁৰে তেতিয়ালৈকে নাপাহৰে। ৰাজুৱে প্ৰতিশোধ বাবে দহটা দিন পাৰ কৰিলে, কিন্তু সময়ে সহযোগিতা নকৰিলে। এনে সন্ধিক্ষণত দেশত অশান্ত পৰিৱেশ সৃষ্টি হ'ল। চাৰিওফালে সন্ত্ৰাস। বাটে-পথে ওলাব নোৱাঁৰা অৱস্থা। প্ৰতিবাদী সমদলে আকাশ-বতাহ কঁপাই তুলিলে। চৰকাৰেও কোনোধৰণৰ সহাৰি নাই। নিজৰ মতত অথল। তেনে পৰিৱেশত ৰাজুৱে বিপ্লৱক পতিশোধ লব পৰা যাব নেকি চিন্তা কৰিলে। বিপ্লৱৰ পথাৰ ধান মনৰা মাৰিবৰ বাবে একে ঠাইতে গোটাই থৈছে। ৰাজুৰ চকু পৰিল, বিপ্লৱে ধান দাই গোটাই থোৱা ঠাইখনলৈ। ৰাজুৱে তিনি চাৰিজন গুন্দা বাহিনী গঠন কৰিলে। সকলো কথা আলোচনা কৰিলে আৰু মদ খোৱালে। খোৱাৰ পিছত ক'লে, --" বিপ্লৱৰ গোটাই থোৱা ধানটো জ্বলাই দিব লাগে।
|
- Get link
- X
- Other Apps
Comments
Post a Comment