জাহুদ
ফটা-ছিটা মলিন পেণ্ট-চোলা পিন্ধা ল'ৰাটোৰ পিঠিত ডেৰ বছৰীয়া শিশু এটা বোকোচা কৰি হাতত ফলি-পুথি লৈ স্কুলৈ আহি থকা দেখি দীপকে সুধিলে,-" তুমি কিয় এনেকৈ কেঁচুৱা লৈ স্কুললৈ আহিছা।" দীপকৰ প্ৰশ্নোত্তৰ একেমুখে ল'ৰাটোৱে ক'লে, -" মা ধনীৰাম মহাজনৰ ঘৰত কাম কৰিবলৈ যায়,মা'ৰ নাম ৰংদৈ। দেউতা যোৱা বছৰ ঢুকাল।দেউতা ঢুকোৱাৰ পাছত মা'ৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ দৈনিক ভাত আৰু ৰুটি। ঘৰত কেঁচুৱাটো ৰখা মানুহ নাই।মই এনেকৈ হ'লেও স্কুল পঢ়ি ডাঙৰ মানুহ হ'ম।" ল'ৰাটোৰ কথাটো শুনি দীপকে অন্তৰৰ পৰা ভগৱানক প্ৰাৰ্থণা জনালে, ল'ৰাটোৰ ইচ্ছা যেন পূৰন হ'ওক। ল'ৰাটোৰ নাম নাজিম। নাজিমে ঘৰৰ কাম-বন কৰি দৈনিক ভাৱে স্কুল অহাৰ উপৰিও পাঠ্য-পুথি পঢ়ে।স্কুলত ভাল কাপোৰ পিন্ধি নহাৰ বাবে তাক লগৰবোৰে লগত বহিব নিদিয়ে। সি বস্তা পাৰি মাটিত বহে, তথাপি সি পঢ়াৰ প্ৰতি এলাহ নকৰে।ধনীৰাম মহাজনৰ নাজিমৰ বয়সৰ ল'ৰা এজন আছে। বৰ মৰমীয়াল। একেবাৰে নতুন নহ'লেও ধুনীয়া কাপোৰ এযোৰ নাজিমক দিছে,এদিন এইযোৰ কাপোৰ পিন্ধি স্কুললৈ আহিছিল; লগৰবোৰে খুউব জোকালে, আনৰ কাপোৰ পিন্ধি অহা বুলি।এইয়েহে ফটা-ছিটা হ'লেও নিজৰটোহে পিন্ধে। নাজিম বৰ জেদি স্বভাৱৰ, -সি শ্ৰেণীত প্ৰথম হবই।এইয়েহে লগৰবোৰে তাক হিংসা কৰে, বাপেক নথকা, মা'কে আনৰ ঘৰত কাম কৰা বুলি জোকাই। নাজিমৰ মাৰ'ও সপোন, যিকোনো প্ৰকাৰে হ'লেও নাজিমক মানুহ কৰিব। জীৱনৰ ধূলিময় দিনবোৰ এদিন নাজিমে ধুই পেলাব।, ধনীৰাম মহাজনে নাজিমৰ মাক হাজিৰাৰ বিনিময়ৰ উপৰিও দহ বিশ টকা বেছিকৈ মাজে সময়ে দিয়ে। নাজিমৰ মা'ই লব নিবিছাৰে তথাপি জোৰ কৰি দিয়ে। অকলে লগ পালে ধনীৰামে ৰংদৈৰ দেহাটো ৰ' লাগি চাই।ৰংদৈৰ লাজ লাগে, সেইয়েহে ধনীৰাম মহাজন অকলে থাকিলে সেইদিনা কাম নকৰাকৈ গুচি যায়।ধনীৰাম মহাজনৰ দুষ্টামি মনোভাৱ ৰংদৈয়ে বুজি পায়। কেতিয়াবা বাবে নোখোৱাইকৈ থাকিলেও ধনীৰাম মহাজনৰ ঘৰত কামকৰিবলৈ নাযাওঁ বুলি কিন্তু দুদিনমান কামলৈ নগ'লে মহাজনৰ মানুহগৰাকী নিজে আহি মাতি লৈ যায়। বেচেৰীজনী নাজানে মানুহজনৰ বে-আচৰণ।ধনীৰাম মহাজনৰ মানুহ গৰাকীৰ নাম শ্যামলী। খুউৱ সহজ-সৰল আৰু পৰোপকাৰিতা। এদিন শ্যামলী ৰংদৈক ধূবৰ বাবে কাপোৰ এদ'ম উলিয়াই দি বজাৰলৈ গ'ল। সেই সময়ত ধনীৰাম ঘৰত নাছিল।হয়তো ক'ৰবাৰ পৰা চেগ চাই আছিল। শ্যামলী ঘৰৰ পৰা ওলায় যোৱাৰ আধা ঘণ্টা পাছত কিবা এটা এৰি থৈ যোৱা যেন কৰি ঘৰৰ ভিতৰত সোমাল। ভিতৰৰ পৰা ৰংদৈক উদেশ্যি ক'লে, -" ৰংদৈ ঘৰত চেনী নাই, দোকানৰ পৰা চেনী লৈ আন। এইয়া পইচা লৈ যা হি।" ধনীৰামে যে অন্তৰত বেয়া ভাবি মাতিছে, ৰংদৈৰ ভাবিবৰ সময়ে নহ'ল। পইচাটো দিয়ক বুলি লবলৈ সোমায়ছিলহে, ৰাৱনে সীতাক হাতত ধৰি হৰণ কৰাৰ দৰে তাপমাৰি ধৰি ৰংদৈক বিছনাত পেলালে। ধনীৰামৰ হাতৰ পৰা ৰক্ষা পাব নোৱাৰি আত্মসমৰ্পন কৰিলে।শ্যামলীৰ চকুত ধৰা নপৰক বুলি কথাবোৰ গোপন কৰি ৰাখিলে, কিন্তু সেই সুবিধা খিনি ধনীৰামে বাৰুকৈ লৈ থাকিল।ধনীৰাম মহাজনে গোপন কোঠাত ৰংদৈৰ সৈতে প্ৰেমাভিনয় কৰিয়েই থাকিল। ধনীৰাম মহাজনৰ লগত ৰংদৈৰ গোপন সম্পৰ্ক বেছিদিন লুকাব নোৱাৰিলে। ৰংদৈৰ স্বাস্থ অস্বাভাৱিকভাৱে বাঢ়িব ধৰিলে।সমাজে বিচাৰত বহিল। সমাজে নামঘৰত চাকি জ্বলাই সত্য প্ৰমান দিবলৈ নিৰ্দেশ দিলে। ৰংদৈ বাধ্যতাত পৰি সচাঁ ঘটনাটো সমাজ বিচাৰ ক'লে। বিধৱা হৈ আন পৰ পুৰষৰ লগত অবৈধ সম্পৰ্কৰ কৰাৰ অপৰাধত সমাজে সভা পাতি ৰংদৈক এঘৰীয়া কৰিলে কিন্তু ৰংদৈৰ গাত কি দোষ আছিল।আৰ্থিক দৈন্যতাৰ বাবে সমাজে একপক্ষে বিচাৰ কৰি শাস্থি দিলে। ৰাইজে অনুশাসনৰ নামত জুই পানী নিষেধ কৰিলে।ধনীৰাম মহাজন কিয় সমাজৰ বিছাৰত দোষী ন'হল।ধনীৰাম মহাজন ধন-সম্পতিৰ গৰাকী হোৱাৰ বাবে নিজৰ মানুহ গৰাকী থকা স্বতেও ৰংদৈক নিষ্ঠুৰভাৱে অবৈধ সম্পৰ্ক কৰিলে কিন্তু দোষী নহ'ল। ৰংদৈয়ে নাজিমক লৈ দেখা সপোন চকুৰ আগতে ভাগি পৰিল।
|
Comments
Post a Comment