তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা

তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা

       দেবানন্দ পেগু

আকাশৰ বিশালতাত বিচৰণ কৰিলোঁ
নদীৰ গভীৰতাত ডুব্‌ মাৰিলোঁ
তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা বিচাৰি।
কিয়  ৰাখিছা তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা,
গোপনীয় কৰি
পঢ়িব বিচাৰিও পঢ়িব নোৱাৰোঁ।

কপালৰ সেন্দুৰৰ আঁৰত ঢাকি ৰখা অশ্ৰুকণা
হিমৰ দৰে গোটমাৰি  ওলমি আছে
উঠনোৱা দেহাৰ ভাঁজত
গলি গলি শেষ হ'ব
পৰি ৰ'ব নিঠৰুৱা হৈ
তথাপি কিয় মেলি নিদিয়া
তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা।

কোন জনমৰ দৃঢ় সংকল্প  ?
কাক সাক্ষী কৰি, কৰিছিলা প্ৰতিজ্ঞা ?
কোনোবা অভিমানী সপোন কোঁৱৰে ৰৈ আছে নে কি ?
নেদেখা নদীৰ সিপাৰৰ ঘাটত।

কোৱা সখী, কি আছে তোমাৰ হৃদয়ৰ গোপন  পৃষ্ঠাত
তুমি গুপুতে ৰাখিলেও
শেঁতা পৰা তোমাৰ মুখ খনি
উৎমুক্ত কৰে
ধৰা দিয়ে তোমাৰ হৰিণী নয়নত

Comments

Popular posts from this blog

JILI: dítag angngo,aumné lennam

JILI: angngo dítaglok aumné lennam

Jili: dítag angngo annyiné lennamdok mé:tom kosag