Assamese poem

বন্ধুত্ব

দেবানন পেগু

সাগৰ সাঁতুৰি পাৰ হ'ব নালাগে
মেঘৰ আঁৰত বিচাৰি ফুৰিব নালাগে
হৃদয়ৰ গোপন কোণত
 আছুতীয়াকৈ সংৰক্ষিত কৰি ৰখা
ঠাইখন 
যাৰ বাবে সদায়  হয় পবিত্ৰ ,এইয়াই বন্ধুত্ব।
যাৰ বাবে জীৱন কৃপনালী নকৰে
মৰমৰ বৰষুণ জাক চিৰ্প চিপ্‌কৈ পৰি থাকে
যাৰ আদি আছে অন্ত নাই
কাঁইটীয়া বাটতো হয় সংগী
সুখ দুখত নাই প্ৰতিদান
দুখন হৃদয়ৰ মাজত বগাবলৈ নাই সাঁকো
বন্ধুত্বৰ মাথোঁ  হয় হৃদয়ৰ আদান-প্ৰদান।

Comments

Popular posts from this blog

JILI: dítag angngo,aumné lennam

JILI: angngo dítaglok aumné lennam

Jili: dítag angngo annyiné lennamdok mé:tom kosag