আহত পখীৰ আৰ্তনাত।

আহত পখীৰ আৰ্তনাদ

(লকডাউনত আৱদ্ধ শ্ৰমিকৰ আত্ম কথাৰে)

      দেবানন্দ পেগু

কোনো সংকেত নিদিয়াকৈ
 হঠাৎ আকাশখন ক'লা ডাৱৰে আৱৰি ধৰিলে
নামি আহিল ধৰালৈ ঘোৰ অন্ধকাৰ
পথাৰত বিচৰণ কৰি থকা এজাক চৰাই,বিপাঙত পৰিল
আন্ধাৰত দিক্‌হাৰা চৰাইজাক
আৱদ্ধ হ'ল পোতাশালত।

জয়াল নিশা ফেঁচাৰ চিঞৰ
অস্ত্ৰবিহীন যুদ্ধাৰ চেকুৰা ঘোঁৰা
ধিমিক্‌-ধামাককৈ জ্বলি থকা জোনাকী পৰুৱাৰ পোহৰত
অবিৰাম যাত্ৰা লক্ষ্য প্ৰাপ্তিৰ।

এমুঠি অন্নৰ অভাৱত পেটত গামোচা বান্ধিআগবাঢ়িছে
সন্মুখত প্ৰত্যাহ্বান ,থিয় হৈ থকা ওখ পাহাৰখন
তথাপি আগবাঢ়ি আহিছে
 বিজয়ৰ মালা পিন্ধাবলৈ।

Comments

Popular posts from this blog

JILI: dítag angngo,aumné lennam

JILI: angngo dítaglok aumné lennam

Jili: dítag angngo annyiné lennamdok mé:tom kosag