অসমীয়া কবিতা "অপেক্ষা"

অপেক্ষা

দেবানন্দ পেগু

মবাইলৰ ডাটা অন কৰালৈ,
 মেছেজবোৰেঅপেক্ষা কৰি থাকে
ডাটা অন কৰাৰ লগে লগে
হুৰ হুৰাই  সোমায় আহে
ভৰি পৰে মবাইলৰ স্ক্ৰীন
যেন ৰৈ ৰৈ আমনি লাগিছিল।
মানুহৰ দুখবোৰো যেন ৰৈ থাকে
বিপদ ঘণ্টা বজা লৈ
বিপদৰ ঘণ্টা বাজিলেই অনুমতি পাই
দুখবোৰ হিয়া উজাৰি ওপচি পৰিবলৈ।

মেছেজৰ দম্ভালি আমনি লাগিলেই 
ডিলিট কৰিব পাৰে
কিন্তু জীৱনৰ দুখবোৰে দি থৈ যায়
এটা অভিজ্ঞতা
কোন পৰ, কোন আপোন
শাৰীৰিক সম্পৰ্কইযে সকলো নহয়
বিপদৰ সময়হে আচল সম্পৰ্ক গঢ়ি উঠে।

Comments

Popular posts from this blog

JILI: dítag angngo,aumné lennam

JILI: angngo dítaglok aumné lennam

Jili: dítag angngo annyiné lennamdok mé:tom kosag