Posts

Showing posts from July, 2020

কলিজাৰ দাগ

Image
কলিজাৰ দাগ দেবানন্দ পেগু  হঠাৎ তুমি ধুমুহাৰ গতিৰে পাৰ হৈছিল  মোৰ সন্মুখৰ বাটেৰে চকুৱে মনিব পৰালৈকে চাই ৰৈছিলোঁ, তোমাৰ যোৱা বাটে। তোমাৰ কপালত ওলমি থকা চুলিবোৰত লুকাই আছিল তোমাৰ শিৰৰ সেন্দুৰকণ সেইয়ে চিনিব পৰা নাছিলোঁ,  তুমি যে বিৱাহিতা। অজানিতে হিয়াখন ধপ্‌ ধপাইছিল                 চকুযুৰী লৰিছিল ধৰিব পৰা নাছিলোঁ এইয়া কিহৰ সংকেত। জোনাক নিশা, তিৰ্‌ বিৰাই থকা তৰাৰ সাক্ষী বিচাৰি বৰ সন্ধিয়া কাষ চাপিছিলো তোমাৰ কাষত কিবা এটা ক'ব খুজোতেই, কপালত ওলমি থকা চুলিবোৰ মহাৰি পঠিয়াইছিল পিছফাললৈ পূৰ্ণিমাৰ জোনটোৰ দৰে জিলিকি উঠিল তোমাৰ শিৰৰ সেন্দুৰকণ বিনা মেঘে বজ্ৰপাত পৰি, মোৰ হিয়াখন পুৰি ছাই কৰিলে তোমাৰ আৰু মোৰ প্ৰেমৰ শিকলিডালো তাতেই ছিঙিল। তুমি কিয় মোক নজনাকৈ, পিন্ধিলে ন কন্যাৰ সাজ ? মোৰ দোষ ক'ত আছিল ? তোমাক লৈ আঁকি থোৱা ৰঙীন ছবিখন কাৰ সৈতে ৰং দিম তোমাৰ আৰু মোৰ মাজত থিয় হ'ল এখন সাগৰ দূৰৈৰ পৰাই চাব লাগিব নদীৰ সিপাৰ। মোৰ মনৰ মণিকূটত তোমাৰ স্মৃতিবোৰ বাজি থাকে এতিয়া অজান সুৰ হৈ তুমি সুখেৰে থাকিবা, তুমি কুশলে থাকিবা তোমাৰ সুখৰ বাবেইটো মই আঁকিছিলোঁ ৰঙ...

তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা

Image
তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা        দেবানন্দ পেগু আকাশৰ বিশালতাত বিচৰণ কৰিলোঁ নদীৰ গভীৰতাত ডুব্‌ মাৰিলোঁ তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা বিচাৰি। কিয়  ৰাখিছা তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা, গোপনীয় কৰি পঢ়িব বিচাৰিও পঢ়িব নোৱাৰোঁ।  কপালৰ সেন্দুৰৰ আঁৰত ঢাকি ৰখা অশ্ৰুকণা হিমৰ দৰে গোটমাৰি  ওলমি আছে উঠনোৱা দেহাৰ ভাঁজত গলি গলি শেষ হ'ব পৰি ৰ'ব নিঠৰুৱা হৈ তথাপি কিয় মেলি নিদিয়া তোমাৰ হৃদয়ৰ গোপন পৃষ্ঠা। কোন জনমৰ দৃঢ় সংকল্প  ? কাক সাক্ষী কৰি, কৰিছিলা প্ৰতিজ্ঞা ? কোনোবা অভিমানী সপোন কোঁৱৰে ৰৈ আছে নে কি ? নেদেখা নদীৰ সিপাৰৰ ঘাটত। কোৱা সখী, কি আছে তোমাৰ হৃদয়ৰ গোপন  পৃষ্ঠাত তুমি গুপুতে ৰাখিলেও শেঁতা পৰা তোমাৰ মুখ খনি উৎমুক্ত কৰে ধৰা দিয়ে তোমাৰ হৰিণী নয়নত

বিশ্বাসঘাতকতা

Image
বিশ্বাসঘাতক              দেবানন্দ পেগু তোমাক মই বিশ্বাস কৰিছিলো বাবেই মোক বিশ্বাঘাতকতা কৰিলা এইয়া তোমাৰ চতুৰতা নহয় মোৰ সৰলতা মোৰ সৰলতাক যদি দুৰ্বল বুলি ভাবিছা এইয়া সম্পূৰ্ণ ভুল কৰিছা মন গ'লে মই উৰি থকা চৰাইৰ ডৌকা কাটিব পাৰোঁ মই নিৰ্লজ নহওঁ বাবেই মনে মনে থাকিলোঁ। কোনোবাজনক দুখ দিব পৰাকৈ কঠিন হৃদয় এখন নাথাকিলেও মিলি থাকিব পৰাকৈ কোমল হৃদয়খন আছে। কোনোবাজনৰ দুৰ্বলতাৰ সুযোগ লৈ লাভৰ অংক কৰা পাটিগণিতৰ আয়ুস চুটি আনৰ দুখত চকলোঁ টুকিব পৰাজনহে মানৱতাৰ  গান গাব পাৰি।  মাজনিশা নিউ নিউ কৰা ফেঁচাই জানে তোমাৰ মন শিল হোৱাৰ কথা শিলৰো এখন সমাজ আছে য'ত- জোনাক নিশা নিৰৱে ফুল ফুলে।

জীৱনৰ সংগ্ৰাম

Image
জীৱনৰ সংগ্ৰাম দেবানন্দ পেগু ফেঁহুজালি পুৱাতে আইৰ কোলাত আন্ধাৰ ফালি পোহৰৰ বাবে                           সংগ্ৰামৰ পোখা মেলিছিল সেইদিন ধৰি উশাহৰ প্ৰতিটো স্পন্দনতে  জীৱনৰ সংগ্ৰামে তীব্ৰ বেগত আগবাঢ়িছে। জীৱনৰ কেঁকুৰিত কেতিয়াবা দেহাই নাটানে আগবাঢ়ি যাবলৈ জীৱনৰ পিছল বাটত উজুতি খাই পৰিছোঁ  দুপুচ দুপুচ কৰি আৱচেতন মনে,চেতনা ঘূৰাই পালেই আকৌ যাত্ৰা আৰম্ভ হয় জীয়াই থকাৰ সংগ্ৰাম। কেতিয়াবা মাজ বাটত আন্ধাৰে আৱৰি ধৰে কেতিয়াবা খলা-বমা বাটত বিজুলীৰ পোহৰে চকু ছাট মাৰি ধৰে হৃদয়ৰ গোপন কোঠাত জ্বলি থকা জোনাকী পৰুৱাৰ ধিমিক-ধামাক পোহৰত জোনাকৰ হাতত ধৰি এখোজ আগবাঢ়িলে,দুখোজ পিছুৱাই জীয়াই থকাৰ সংগ্ৰাম কৰিছোঁ  বিৰামহীনভাৱে

মিচিং সমাজত দদ্‌গাং, অতীত আৰু বৰ্তমান 🖊 দেবানন্দ পেগু🖊

Image
        দদ্‌গাং মিচিং সমাজৰ বাবে নতুনকৈ শুনা  শব্দ নহয়। শিশুৰ পৰা বৃদ্ব ককা-আইতালৈকে সকলোৰে জ্ঞাত। কিন্তু অতীতৰ পৰা  দদ্‌গাঙৰ পৰ্যায় কেনেকৈ বৰ্তমান পৰিস্থিতিত আহি পালে ইয়াৰ ক্ৰমহে কাৰো চকুত ধৰা নপৰিল।আমাৰ সমাজখন অন্ধভাৱে আনক অনুসৰণ কৰে।সেইয়ে নিজৰ জীৱনৰ  মুলধন শেষ কৰি হ'লেও আনৰ জাক-জমকতাৰ প্ৰতি আকৃষ্ট হয়। কিন্তু যি ধৰণে আন জনগোষ্ঠীয়ে সভ্যতাৰ জখলাত আগবাঢ়িব ধৰিছে, সেই জখলাডালৰ প্ৰতিহে আমাৰ সমাজখন আকৃষ্ট হোৱা দেখা নগ'ল। আমাৰ সমাজত মূলধন নাটনি হৈ আহিব ধৰিছে কিন্তু সেই পৰিমানত খৰচৰ শিতান বাঢ়িবহে ধৰিছে। এজন ব্যক্তি বা সমাজ উন্নতিৰ মূল জখলাডালেই হ'ল মূলধন।আমাৰ মিচিং সমাজত আটাইতকৈ গুৰুত্বপূৰ্ন মূলধনটো হৈছে মাটি। কিন্তু বৰ্তমান সময়ত বিভিন্ন কাৰণত মিচিং সমাজৰ পৰা সংকুচিত হৈ আহিছে মাটিৰ পৰিমান।এইবিলাকৰ ভিতৰত গৰা-খহনীয়া, মদ খাই মাটি বিক্ৰী কৰা আৰু দদ্‌গাঙ পাতিবৰ বাবে মাটি বিক্ৰীয়েই প্ৰধান।                                          আমাৰ সৰু কালৰ পৰাই আমি দদ্‌গাঙৰ ...

এই লেখাটো সম্পুৰ্ণ মোৰ অভিজ্ঞতাৰে লিখিছোঁ। অন্য কোনো উৎস নাই। ভুল হ'লে শুধৰাই দিব বুলি প্ৰাৰ্থনা জনালোঁ।) মিচিং সমাজত কেৱলীয়া ধৰ্ম শুদ্ধিকৰণ নহয় কিয় ? দেবানন্দ পেগু, জ'নাই

Image
      হিন্দু ধৰ্মৰে আন এক বিজতৰীয়া ধৰ্ম হৈছে কেৱলীয়া ধৰ্ম।  শংকৰ দেৱৰ বৈঞ্চৱ ধৰ্ম প্ৰচাৰৰ প্ৰভাৱত কেৱলীয়া ধৰ্মও জন্ম হোৱা বুলি অনুমান কৰিব পাৰি। শুনামতে বৈঞ্চৱ ধৰ্ম প্ৰচাৰৰ সময়ত মিচিং সকলৰ খাদ্যাভাসৰ প্ৰতি লক্ষ্য ৰাখি শংকৰদেৱৰ শিষ্যসকলে মাছ-মাংস আৰু আপঙৰ পৰা সকাম বা পূজা কৰিব পৰাকৈ কেৱলীয়া ধৰ্মৰে দীক্ষিত কৰাইছিল । মিচিং সকলে অৰণ্য, হাবিয়ে-বননিয়ে ঘুৰি ফুৰোঁতে জীৱ-জন্তু চিকাৰ কৰি মাংস খোৱাৰ অভ্যাস গঢ়ি তুলিছিল ।মাছ-মাংসৰ আৰু আপঙৰ অবিহনে যিকোনো পূজা-পাতল বা সকাম-নিকাম কৰাবলৈ সম্ভৱ নহ'ব বুলি ভাবিছিল।  সেই সুযোগ -সুবিধালৈ চায় বৈঞ্চৱ ধৰ্মৰ প্ৰচাৰ কৰা গুৰুসকলে কেৱলীয়া ধৰ্মৰ নাম দি মিচিং আৰু নিৰ্দিষ্ট কেইটামান সম্প্ৰদায়ৰ ভিতৰত মাছ- মাংসৰে বলী দি সকাম-নিকাম কৰিব পৰা ব্যৱস্থা কৰিলে।        আদিতে মিচিং সকল হিন্দু বা কেৱলীয়া, কোনো ধৰ্ম আছিল বুলি কোনেও সঠিককৈ ক'ব নোৱাৰে ।মিচিঙৰ কোনো নিৰ্দিষ্ট ধৰ্ম থকা ক'তো পোৱা নাযায় যদিও চন্দ্ৰ, সূৰ্যক পূজা কৰাৰ বাবে  হিন্দু ধৰ্মৰ কেৱলীয়া নীতি-নিয়মৰ প্ৰতি সহজে আকৃষ্ট হোৱাটো কোনো অসম্ভৱ কথা নাছিল।আদিতে প্ৰায় সকলো ধৰ্ম...

জন মানসত মাহী আইৰ ভুমিকা দেবানন্দ পেগু

Image
    অসমীয়া সমাজত আদিকালৰে পৰাই  যুগ্ম জীৱনত কোনোবাজনে অকাল বিয়োগ হ'লে পুৰুষে হ'ওক মহিলাই হ'ওক বিধৱা হোৱাজনে  পুনৰ বিৱাহ পাশত আৱদ্ধ হোৱাত কোনো বাধা নিষেধ নাই। সেই কাৰণে আদিকালৰে পৰাই বিধৱা সকলে পুনৰ বিয়া কৰাৰ উদাহৰণ আমাৰ পূৰ্ব পুৰুষ সকলৰো আছে। বিধৱা সকলে পুনৰ বিৱাহ কৰাৰ পাছত তেওঁলোকৰ আগৰ গৰাকীৰ যুগ্ম জীৱনত দুয়োখন হিয়াৰ মিলনৰ সাক্ষী হিচাপে ৰৈ যায় সতি-সন্ততি। এই সন্তান সকলক পো-পাল দিয়াত পুনৰ কৰা বিৱাহ পাত্ৰী গৰাকীক যাক আমি মাহী আই বুলি কওঁ, বহুতো  ক্ষেত্ৰত দোষাৰূপ কৰা দেখা যায়।কিন্তু পুৰষৰ ক্ষেত্ৰত মহিলাসকলক কৰা বদ্‌নাম কৰাৰ দৰে মন্তব্য কৰা দেখা  নাযায়। এতিয়া কথা হ'ল পুৰুষসকল দয়াশীল নেকি নে পুৰুষসকলক কু-মন্তব্য কৰিবলৈ সাহক নকৰে।        মোৰ চিন্তাধাৰাই ঢুকি পোৱামতে আমি যি ধৰণে মাহী আইক সতিনীৰ সন্তান সকলক শাস্থি দিয়া বুলি দোষাৰূপ কৰোঁ ইমান হৃদয়হীন নহ'বও পাৰে। কিছুমান ক্ষেত্ৰত অন্যান্য কাৰক জড়িত থকাৰ প্ৰমান পোৱা যায়।         প্ৰতিগৰাকী মহিলা, মাহী আই হ'লেও একে মনৰ গৰাকী নহয়।কিন্তু প্ৰতিগৰাকী মাহী আইকে একে দোষত দোষাৰূপ কৰা দ...

মিচিং ভাষা কোৱা মানুহৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নমান হয় নেকি ? দেবানন্দ পেগু

Image
মিচিঙৰ আদি পুৰুষ আবুতানিৰ বংশধৰ সকলক  মনৰ ভাৱ প্ৰকাশ কৰিবলৈ নিজস্বভাৱে ভাষা এটা সুন্দৰকৈ দি থৈ গৈছে। উত্তৰাধিকাৰী সূত্ৰে পূৰ্ব পুৰুষ সকলেও ভাষাটো অগ্ৰজ সকল ব্যৱহাৰ কৰিব পৰাকৈ জীয়াই ৰাখিবলৈ সক্ষম হৈছিল। নিজাকৈ লিপি নাথাকিলেও পৰম্পৰাগত ভাৱে মুখে মুখে হেৰাই যাবলৈ নিদিয়াকৈ আধুনিক পৰ্যায়লৈ জীৱন্ত কৰি ৰাখিছে।সৃষ্টিৰ আদি কালৰে পৰা এনেকৈয়ে বৰ সুন্দৰকৈ ভাষাটো চলি আছিল।এটা সময়ত   কেইগৰাকীমান সমাজ সচেতক, ভাষাপ্ৰেমী তথা ভাষাৰ সাধকে এখোজ আগুৱাই আনি ৰোমান লিপিৰে মিচিং ভাষা লিখিব পৰাকৈ যোগ্য কৰি তুলিলে ।মিচিং সমাজৰ জাতিয় সংগঠন সমুহৰ ভাষা আন্দোলন আৰু ত্যাগৰ ফলত অসম চৰকাৰে  প্ৰাথমিক বিদ্যালয়ৰ  ৫০% মিচিং ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ত মিচিং ভাষা পঢ়োৱাবলৈ শিক্ষক নিযুক্তি দি এক আমোল পৰিবৰ্তন কৰিবলৈ প্ৰয়াস কৰিলে।      অশেষ জটিল পৰিক্ৰমা পাৰ হৈ  ভাষাটো নতুন প্ৰজন্মৰ হাতত তুলি দিবলৈ সক্ষম হৈছে।বহুতো কষ্ট আৰু ত্যাগৰ  ফলত মিচিং ভাষাটো বৰ্তমানলৈকে জীয়াই আছে। কিন্তু দেখা গৈছে যে প্ৰায়  লাহে লাহে মিচিং ভাষা কোৱা মানুহৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। কিন্তু কিয় মিচিং ভা...

মিচিং সমাজত ৰাজহুৱা ভোজন কক্ষত,খাদ্য বিতৰণ ব্যৱস্থাৰ আসোঁৱা দেবানন্দ পেগু , জ'নাই

এষাৰ কথা আছে," পৃথিৱীৰ প্ৰায় প্ৰতিজন মানুহেই ধন-সম্পতি ঘটে কিন্তু সঞ্চয় হ'লে অতি কম সংখ্যকেহে কৰে। যিজনে সঞ্চয় কৰে তাৰ হাততে লখিমী থাকে।"    আমাৰ মিচিং সকলেও উপাৰ্জনৰ ক্ষেত্ৰত  অন্য সমাজতকৈ কোনো গুণেই কম নহয় কিন্তু বিতৰণ ব্যৱস্থা আৰু খৰছৰ মিতব্যয়ৰ অভাৱৰ বাবে উপাৰ্জন কৰিও প্ৰয়োজনৰ  সময়ত আনৰ পৰা অধিক সুতত বা মুল্যৱান সম্পতি বিক্ৰী কৰি সকাম-নিকাম বা দদ্‌গাঙৰ দৰে কৃত কৰ্মবোৰ কৰিব লগা হয়। অলেখ পৰিমানৰ ধন-সম্পতি খৰছ কৰি কাৰ্য্যটো কৰা পাছটো অনুষ্ঠানটোলৈ অহা অতিথিয়ে কৃতজ্ঞতা প্ৰকাশ নকৰে, বৰঞ্চ যাবৰ সময়ত  ফেংলাই কৰি গুচি যায় ।      আমাৰ সমাজত উৎসৱ, সকাম বা দদ্‌গাং বছৰমাৰি চলিয়েই থাকে। আন সমাজতকৈ আমাৰ সমাজত অধিক সংখ্যক উৎসৱ উদ্‌যাপন কৰে।অত্যধিক মাত্ৰাত খৰছ কৰি  খাদ্যৰো  ব্যৱস্থা কৰে। আমাৰ সমাজত উৎসৱ বা মাংগলিক অনুষ্ঠানত আপং, আদিন আৰু ভাতৰ নামত বহু পৰিমানৰ চাউল আৰু পহুধন  গৃহস্থই যোগান ধৰে কিন্তু অনুষ্ঠানলৈ অহা প্ৰায়ভাগেই উচিত পৰিমানে খাবলৈ নাপালোঁ বুলি কোৱা অভিযোগ  শুনিবলৈ পোৱা যায়। পোৱাই ফাচি ভৰাই পায় নোপোৱাই শুদা ভাত  খাই গুচি...

মিচিং সমাজত অন্য সম্প্ৰদায়ৰ লগত মাটি বিক্ৰী বন্ধ হ'বনে ? (1) দেবানন্দ পেগু, জ'নাই

Image
মিচিং সকল অসমৰ ভুমি পুত্ৰ, সচাঁকৈও ভুমি পুত্ৰ হোৱাৰ সকলো বৈশিষ্টই বিদ্যামান।। আমাৰ ককা-দেউতাহঁত বৰ বুদ্ধিয়ক আৰু দূৰদৰ্শী আছিল বুলিয়েই ক'ব লাগিব।সেইয়েহে দহ বাৰটা  প্ৰজন্মই ভাগ-বিতৰণ কৰাৰ পিছতো প্ৰতিজনৰ লগত দহ বাৰ বিঘাকৈ ভাগত মাটি পাই আছে। অসমৰ অন্যান্য ভুমিপুত্ৰ সকলতকৈও সম্ভৱতঃ মিচিং মানুহৰ  দখলত অধিক ভুমি আছিল।যি দিনাখন আমাৰ পূৰ্ব-পুৰুষসকলে পাহৰৰ পৰা নামি আহি ভৈয়ামত স্থায়িভাৱে বসবাস কৰিবলৈ লৈছিল সেই সময়ত খেতিৰ বাবে উৰ্বৰা মাটি বিচাৰি নৈ কাষৰীয়া অঞ্চলসমুহ বাচি লৈছিল। এইয়াই খুউব সম্ভৱ মাটি দখলৰ উত্তম  পথ আছিল। সেই উদ্দেশ্য আগত ৰাখিছিল নে নাই নাজানো যদিও এই অঞ্চলসমুহত হাবি কাটি মাটি দখল কৰাৰ বৃহৎ পৰিমানৰ সুবিধা আছিল। সেই সুবিধা গ্ৰহণ কৰিয়ে সাম্প্ৰতিক সময়লৈকে মাটিৰ কোনো অভাৱ অনুভৱ নকৰাকৈ আমি ভোগ কৰি আহিছোঁ। কিন্তু বৰ্তমানৰ পৰিস্থিতিত চাৰিও ফালৰ পৰা মিচিং মানুহৰ ভুমি  সঙ্কুচিত হৈ আহিব ধৰিছে।        আমাৰ সমাজৰ পৰা ভুমি সঙ্কুচিত হৈ অহাৰ দুটা প্ৰধান  কাৰণ আছে, এটা হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু আনটো হৈ অন্য সম্প্ৰদায়লৈ  বিক্ৰী।  গ'ৰা খহনীয়া বা ...